সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ বাবে হাগ্ৰামা মহিলাৰী কিয় অপৰিহাৰ্য হৈ পৰিছে ?

বিজেপি আৰু বিপি এফৰ মাজত আৰম্ভ হৈছে নতুন সমীকৰণ ৷ পৰিষদীয় নিৰ্বাচনৰ পৰা শেহতীয়া বিধানসভা নিৰ্বাচনলৈ অব্যাহত থকা ৰাজনৈতিক শত্ৰুতাৰ অৱসান ঘটাই পুণৰ হাগ্ৰামা মহিলাৰীক আকোৱালি ল’বলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ ওচৰ চপাটো বিপিএফৰ বাবে যিমান জৰুৰী , সিমানেই বিপি এফক পুণৰ অকোৱালি লোৱাটো বিজেপিৰ বাবে অপৰিহাৰ্য হৈ পৰিছে ৷ কাৰণ সন্মুখত আছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন ৷
লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টিত বি পি এফ দলৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷ এই দুটা লোকসভা সমষ্টিৰ ভিতৰত মঙলদৈ আছে বিজেপিৰ দখলত ৷ মঙলদৈৰ সাংসদ হ’ল দিলীপ শইকীয়া ৷ তেও বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বতো আছে ৷ গতিকে মঙলদৈত জয়লাভ কৰাটো বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে ৷ তদুপৰি , বিগত লোকসভা নিৰ্বাচনতকৈ যাতে অসমত এখনো আসন নকমে তাৰ প্ৰতি এতিয়াৰ পৰাই সজাগ হৈ পৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এনেবোৰ কাৰণতে বি পি এফ আকৌ এবাৰ বিজেপিৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে ৷ তাতোকৈও বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ বাবে বিপিএফ আৰু হাগ্ৰামা মহিলাৰী হৈ পৰিছে অপৰিহাৰ্য ৷
২০১৯ চনৰ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিত দিলীপ শইকীয়াই ৭,৩৫,৪৬৯ টা ভোট লাভ কৰি জয়ী হৈছিল ৷ সেইবাৰ ইউ পি পি এল প্ৰাৰ্থীয়েও ১,০৩,৮৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এনে এক পৰিস্থিতিত দিলীপ শইকীয়াক বিজয়ী কৰোৱাত মুখ্য ভূমিকা লৈছিল বি পি এফ দলে ৷ কাৰণ , বি পিএফৰ প্ৰভাৱ থকা পানেৰী , কলাইগাও , ওডালগুৰি আৰু মাজবাটত বিজেপি প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷তাৰ পাছত ৰাজনীতিৰ সমীকৰণ সলনি হ’ল ৷ বি পি এফ বিজেপিৰ পৰা আঁতৰি গ’ল , ইউ পি পি এল হৈ পৰিল নতুন বন্ধু ৷
মঙলদৈ লোকসভা সমষ্টিত আছে মুঠ ১০ টা বিধানসভা সমষ্টি ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত ইয়াৰে ৫ টাত বিজেপি , ১ টাত ইউ পি পি এল , ২ টাত বি পি এফ , ১ টাত কংগ্ৰেছ আৰু ১টাত এ আই ইউ ডি এফ দলে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ইয়াৰে , বিটি আৰৰ অন্তৰ্ভুক্ত সমষ্টি মাজবাট , কলাইগাও এতিয়াও বি পি এফৰ দখলত ৷ আন সমষ্টিতো আছে হাগ্ৰামা মহিলাৰীৰ ব্যাপক প্ৰভাৱ ৷ আনকি ওডালগুৰিত অমিত শ্বাহৰ প্ৰচাৰৰ পাছতো ইউ পি পি এল প্ৰাৰ্থীয়ে কোনোমতেহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷গতিকে হাগ্ৰামা মহিলাৰীক একাষৰীয়া কৰি মঙলদৈ লোকসভা সমষ্টিত জয়লাভ কৰাটো বিজেপিৰ বাবে সহজসাধ্য হৈ থকা নাই ৷ সেইবাবেই বিজেপিৰ বাবে , বিশেষকৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বাবে বিপি এফ অথবা হাগ্ৰামা মহিলাৰী অপৰিহাৰ্য হৈ পৰিছে ৷
একেদৰে পূৰ্বৰ দুৰ্নীতিৰ অভিযোগ , নিয়াৰ গোচৰ আদি বিভিন্ন কাৰণত বিজেপিৰ কাষত থকাটো হাগ্ৰামা মহিলাৰীৰ বাবেও একপ্ৰকাৰৰ বাধ্যবাধকতা হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.