শ্ৰেণী ৰাষ্ট্ৰীয়

খালী ভৰিৰে এগৰাকী অধিবক্তা কিন্তু কিয়?

‘ভাৰত জোড়ো’ত এগৰাকী পদযাত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল বিক্ৰম প্ৰতাপ সিঙে।মধ্যপ্ৰদেশৰ পৰা এই যাত্ৰাত অংশ লৈছিল তেওঁ৷বিগত আঢ়ৈ মাহত প্ৰতি দিনেই এই ব্যক্তিজনে খোজ কাঢ়িছে৷মধ্য প্ৰদেশৰ উমাৰিয়া জিলাৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা।সিঙে কয় “ বিগত ২৮ অক্টোবৰত মই…

ইপাৰো নহ’ল,সিপাৰো নহ’ল আজাদ !

গোলাম নবী আজাদৰ দল ত্যাগ কৰিলে তেওঁৰে প্ৰাক্তন সতীৰ্থই।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোলাম নবী আজাদৰ লগত কংগ্ৰেছ দল ত্যাগ কৰা মুঠ ১৭ জন নেতাই পুনৰ যোগদান কৰিলে কংগ্ৰেছত।শুকুৰবাৰে আজাদৰ নতুন দল এৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে এই নেতা কেইজন।দললৈ পুনৰ…

প্ৰস্ৰাৱ কৰি জে’লৰ ভাত !

সাৱধান ! য’তে ত’তে প্ৰস্ৰাৱ নকৰিব !প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ এজন ব্যক্তি ।কেৱল প্ৰস্ৰাৱ কৰাৰ বাবেই জাৰি হৈছিল লুক আউট জাননী।প্ৰস্ৰাৱ কৰি কিয় গ্ৰেপ্তাৰ হ’ল ব্যক্তিজন? ব্যক্তিজনৰ নাম শংকৰ মিশ্ৰ।এই শংকৰ মিশ্ৰকে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে বেংগালুৰু আৰক্ষীয়ে।ব্যক্তিজনৰ বিৰুদ্ধে লুক আউট…

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘’দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ সকলোয়ে মোক বিনা…

ইমানতেই অন্ত পৰিল নেকি পণ্টৰ কেৰিয়াৰ ?

কেতিয়া ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন হ’ব ঋষভ পণ্টৰ?কিয়নো এতিয়াও শাৰীৰিক অৱস্থা বিশেষ উন্নতি হোৱা নাই পণ্টৰ!অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ নিব ভাৰতীয় উইকেটকীপাৰ গৰাকীক! ৩০ ডিচেম্বৰৰ পুৱা ভাৰতীয় ক্ৰিকেট দলৰ বেটচমেন- উইকেট কীপাৰ ঋষভ পণ্ট পথ দুৰ্ঘটনাত পতিত হয় ৰুৰকীত। ঘণ্টাত ১৫০ কিলোমিটাৰ…

ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ বাবেই আজি অনুষ্ঠিত নহ’ল মেয়ৰৰ নিৰ্বাচন। বিগত ৫ ডিচেম্বৰত…

ৰাজ্যপাল নে বিজেপি নেতা?

তামিলনাডুৰ শাসক দল ডিএমকে গৰজি উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে।ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে শাসক দলটোৰ নেতৃবৰ্গ।লোকসভা সাংসদ টি আৰ বালুৱে কয় “ তামিলনাডু বিজেপিৰ বাবে ইয়াৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যথেষ্ট।কিন্তু ইয়াৰ ৰাজ্যপাল গৰাকীয়েহে এতিয়া নিজৰ সাংবিধানিক পদমৰ্য্যাদাৰ কথা পাহৰি…

যোগী আদিত্যনাথ বলিউডত কিয়?

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হঠাৎ উপস্থিত হ’লগৈ বলিউডত৷সাক্ষাৎ কৰিছে এফালৰ পৰা এজন এজনকৈ ৰথী -মহাৰথীক !চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰ,চনু নিগম,কৈলাস খেৰ,সুনীল ছেট্টী,মধুৰ ভাণ্ডেৰকাৰ -মুঠতে সকলোৰে লগত আলোচনাত মিলিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰযোজক সকলক উত্তৰ প্ৰদেশক চলচ্চিত্ৰ…

‘একে ৰাতিত হাজাৰ লোকক উচ্ছেদ কৰিব নোৱাৰিব’

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।উত্তৰাখণ্ড ন্যায়ালয়ে হালদাৱানী অঞ্চলৰ মুঠ ৪০০০ টা পৰিয়ালক উচ্ছেদৰ নিৰ্দেশ দিছিল৷হালদাৱানী অঞ্চলৰ সেই ভূমি ৰে’লৱেৰ বুলি দাবী কৰিছে ৰে’ল মন্ত্ৰালয়ে।উচ্চতম ন্যায়ালয়ে এক স্থগিতাদেশ জাৰি কৰি উল্লেখ কৰিছে “ একেটা সময়তে…

ধৰ্মক লৈ ব্যৱসায় ,ক্ষোভত ফাটিছে জৈন সম্প্ৰদায়

জৈন সম্প্ৰদায়ৰ এক ধৰ্মীয় উপাসনাস্থলীক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হৈ পৰিছে সমগ্ৰ দেশৰ জৈন ধৰ্মাৱলম্বী লোকসকল।ঝাৰখাণ্ডত অৱস্থিত চামেদ চিকাৰজী নামৰ জৈন ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উপাসনাস্থলীক চৰকাৰে পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হৈ পৰিছে জৈন ধৰ্মাৱলম্বী লোকসকল।উল্লেখ্য যে…