যোগী আদিত্যনাথ বলিউডত কিয়?

Share This Article

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হঠাৎ উপস্থিত হ’লগৈ বলিউডত৷সাক্ষাৎ কৰিছে এফালৰ পৰা এজন এজনকৈ ৰথী -মহাৰথীক !চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰ,চনু নিগম,কৈলাস খেৰ,সুনীল ছেট্টী,মধুৰ ভাণ্ডেৰকাৰ -মুঠতে সকলোৰে লগত আলোচনাত মিলিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰযোজক সকলক উত্তৰ প্ৰদেশক চলচ্চিত্ৰ শ্বুটিঙৰ বাবে নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় “ আমি আপোনালোকৰ চলচ্চিত্ৰ জগতৰ লগত জড়িত সাংসদ দুজনকো সাক্ষাৎ কৰিছোঁ।আমি তেওঁলোকৰ সমস্যাৰ বিষয়ে জানিব পাৰিছোঁ৷চলচ্চিত্ৰই সমাজ এখনক ঐক্যবদ্ধ কৰে৷গতিকে আমি তেওঁলোক সকলোৰে সমস্যাবোৰৰ সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ।”এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে চলচ্চিত্ৰ প্ৰযোজক সকলক তেওঁৰ ৰাজ্যখন চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে উপযোগী ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰ বিষয়েও অৱগত কৰে।যিকোনো ৱেব ছিৰিজ উত্তৰ প্ৰদেশত শ্বুটিং কৰিলে ৫০% ৰেহাই আৰু ষ্টুডিঅ’ আৰু ফিল্ম লেবৰ বাবে ২৫% ৰেহাই দিব বুলিও ঘোষণা কৰে।এই সাক্ষাতৰ সময়ত তেওঁ লোকসভা সাংসদ ৰবি কিষাণৰ নগতো আলোচনাত মিলিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.