ৰাজ্যপাল নে বিজেপি নেতা?

Share This Article

তামিলনাডুৰ শাসক দল ডিএমকে গৰজি উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে।ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে শাসক দলটোৰ নেতৃবৰ্গ।লোকসভা সাংসদ টি আৰ বালুৱে কয় “ তামিলনাডু বিজেপিৰ বাবে ইয়াৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যথেষ্ট।কিন্তু ইয়াৰ ৰাজ্যপাল গৰাকীয়েহে এতিয়া নিজৰ সাংবিধানিক পদমৰ্য্যাদাৰ কথা পাহৰি বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰি আহিছে৷তামিলনাডুৰ জনতাই উন্নয়ন কি জানে!”উল্লেখ্য যে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে কাশী তামিল সংগমৰ সদস্য সকলক বুধবাৰে সাক্ষাৎ কৰিছিল ৰাজভৱনত।বিগত ৪ ডিচেম্বৰৰ ৰাজভৱনৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ যে তামিলনাডুত উন্নয়নৰ ৰাজনীতি হোৱা নাই।জনতাৰ উন্নয়ন সাধন কৰিব পৰা সকলো আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ নকৰাৰ বাবে ৰাজ্যখনত উন্নয়ন খৰতকীয়া নোহোৱা বুলি প্ৰকাশ কৰিছিল ।এই প্ৰেছ বিজ্ঞপ্তিৰ প্ৰসংগটো উনুকিয়াই সাংসদ বালুৱে কয় যে ৰাজ্যখন শিক্ষা আৰু বাণিজ্যৰ ক্ষেত্ৰত ৰাজ্যখন আন সৰহসংখ্যক ৰাজ্যতকৈ আগৰণুৱা।তেওঁ লগতে কয় দেশৰ GDP ৰ মুঠ ৯.২২% তামিলনাডুৱে অকলেই আগবঢ়ায়৷কেন্দ্ৰীয় চৰকাৰৰ কৰৰ ক্ষেত্ৰত ৬% ,ৰপ্তানিৰ ক্ষেত্ৰত ৮.৪% ,গাড়ীৰ আমদানিৰ ক্ষেত্ৰত ৩২.৫% আৰু বস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ১৯.৪% অৱদান আগবঢ়াই আহিছে ৰাজ্যখনে।বালুৱে লগতে কয় যে ৰাজ্যপালগৰাকীয়ে যদি তামিলনাডুৰ বিগত ৫০ বছৰৰ উন্নয়নক লৈ অসন্তুষ্ট তেন্তে আমি ভাবিম যে তামিলনাডুৰ এনে উন্নয়নক বহুতে হিংসাৰ চকুৰে চায়,তেওঁলোকৰ বাবে এই উন্নয়ন অসহ্য তেন্তে আমি ৰাজ্যপালকো সেই শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰিম।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.