খালী ভৰিৰে এগৰাকী অধিবক্তা কিন্তু কিয়?

Share This Article

‘ভাৰত জোড়ো’ত এগৰাকী পদযাত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল বিক্ৰম প্ৰতাপ সিঙে।মধ্যপ্ৰদেশৰ পৰা এই যাত্ৰাত অংশ লৈছিল তেওঁ৷বিগত আঢ়ৈ মাহত প্ৰতি দিনেই এই ব্যক্তিজনে খোজ কাঢ়িছে৷মধ্য প্ৰদেশৰ উমাৰিয়া জিলাৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা।সিঙে কয় “ বিগত ২৮ অক্টোবৰত মই প্ৰথমবাৰ এই যাত্ৰাত অংশ লৈছিলোঁ।মই ৰাহুলজীৰ বাৰ্তা সমগ্ৰ দেশত বিয়পাই দিব বিচাৰিছোঁ।মই মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷এতিয়া খালী ভৰিৰে হাৰিয়ানাৰ পানীপথ পাইছোঁহি।”সাংবাদিকে প্ৰশ্ন কৰিছিল “খালী ভৰিৰে খোজ কঢ়াত আপোনাৰ সমস্যা হোৱা নাই নে?”সিঙে উত্তৰত কৈছিল “ মুদ্ৰাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাই জুৰুলা কৰা লোকৰ তুলনাত মই কম কষ্ট পাইছোঁ।এই যাত্ৰাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই৷ধৰ্ম আৰু জাতিৰে বিভাদৰ ৰাজনীতি কৰা লোকসকলক প্ৰথম ৰাষ্ট্ৰীয়তাবাদী হ’বলৈ আহ্বান জনোৱাই ইয়াৰ লক্ষ্য।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.