শ্ৰেণী ৰাষ্ট্ৰীয়

অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল’লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

বুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল ৷ বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ’ল বিচনাত ৷মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ? বিশ্বাসেই কৰিব…

আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত হোৱা কোন এইগৰাকী দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ?

আৰ এছ এছৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ উপস্থিত হোৱা বিষয়টোক লৈ এতিয়া দেশত নতুন বিতৰ্ক আৰম্ভ হৈছে ৷সংবাদ মাধ্যমৰ খবৰ অনুসৰি , মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ…

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ…

প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান

ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। পায়’নীয়াৰ শীৰ্ষক বাতৰি কাকতখনৰ সম্পাদক আছিল প্ৰয়াত চন্দন মিত্ৰ। বহুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল প্ৰয়াত মিত্ৰ আৰু যোৱাকলি নিশা দিল্লীৰ এখন হাস্পতালত তেওঁৰ মৃত্যু হয়।…

বৰ্তমান সময়ত দেশত নিৱনুৱাৰ সংখ্যা কিমান?

ক’ভিডৰ কালৰূপে জনতাক মাধমাৰ শোধাই থকাৰ মাজতে আগষ্টত দেশৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা খণ্ডৰ ১.৫ নিযুতৰো অধিক লোক নিবনুৱা হৈ পৰিছে। Centre for Monitoring Indian Economyৰ এক প্ৰতিবেদন অনুসৰি বিগত জুলাই মাহত কৰ্ম সংস্হাপন থকা লোকৰ সংখ্যা আছিল ৩৯৯.৩৮ নিযুত।…

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। প্ৰাপ্ত খবৰ অনুসৰি আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৪০ বছৰীয়া যশস্বী অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ আৰু দুই ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়। ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি আৰু…

দেশত নতুনকৈ মুকলি কৰা হ’ল ১২৫ টকাৰ মুদ্ৰা

দেশত নতুনকৈ মুকলি হ’ল ১২৫ টকাৰ মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ ১২৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজি আমি শ্ৰীল…

গো সুৰক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া উচিত: এলাহাবাদ উচ্চ ন্যায়ালয়

স্বাধীনতাৰ আগৰে পৰাই দেশৰ ৰাজনীতিত গৰু হৈছে এটা চৰ্চিত আৰু বিতৰ্কিত বিষয়। কিন্তু এইবাৰ গৰুক লৈ এক বিশেষ মন্তব্য কৰিছে এলাহবাদ উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে আৰু গৰু সুৰক্ষাক মৌলিক অধিকাৰ…

ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?

মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷ ৰাহুল গান্ধীয়ে লগতে কয় – চৰকাৰে কয় যে…

খাদ্য প্ৰস্তুত কৰাত পলম হোৱাৰ বাবেই ডেলিভাৰী বয়ে গুলীয়াই হত্যা কৰিলে ৰেষ্টোৰেণ্টৰ মালিকক

দিল্লীৰ কাষৰ গ্ৰেটাৰ নয়ডাত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এটা জনপ্ৰিয় খাদ্য এগ্ৰিগেটৰ এপৰ বাবে কাম কৰা এজন ডেলিভাৰী বয়ে খাদ্য প্ৰস্তুত কৰাত পলম কৰাৰ বাবে এখন ৰেষ্টুৰেন্টৰ মালিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি অৰ্ডাৰ প্ৰদানত পলম হোৱাৰ বাবে…