বৰ্তমান সময়ত দেশত নিৱনুৱাৰ সংখ্যা কিমান?

Share This Article

ক’ভিডৰ কালৰূপে জনতাক মাধমাৰ শোধাই থকাৰ মাজতে আগষ্টত দেশৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা খণ্ডৰ ১.৫ নিযুতৰো অধিক লোক নিবনুৱা হৈ পৰিছে। Centre for Monitoring Indian Economyৰ এক প্ৰতিবেদন অনুসৰি বিগত জুলাই মাহত কৰ্ম সংস্হাপন থকা লোকৰ সংখ্যা আছিল ৩৯৯.৩৮ নিযুত। কিন্তু আগষ্ট মাহত এই পৰিসংখ্যা ৩৯৭.৭৮ নিযুতলৈ হ্ৰাস পাইছিল। এই এমাহত কেৱল গ্ৰাম্য ভাৰততে প্ৰায় ১.৩ নিযুত লোকে চাকৰি হেৰুৱাইছে।
Centre for Monitoring Indian Economyৰ মতে বিগত জুলাই মাহত ৰাষ্ট্ৰীয় নিবনুৱাৰ হাৰ ৬.৯৫ শতাংশৰ পৰা ৮.৩২ শতাংশলৈ বৃদ্ধি হৈছে। পৰিসংখ্যাবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে জুলাইত এই হাৰ ৮.৩ শতাংশ, জুনত ১০.০৭ শতাংশ, মে’ত ১৪.৭৩ শতাংশ আৰু এপ্ৰিলত ৯.৭৮ শতাংশ আছিল। মাৰ্চ মাহত ভাৰতত কৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌৰ প্ৰকোপ বৃদ্ধি হোৱাৰ ঠিক আগতে নগৰীয়া নিবনুৱাৰ হাৰ আছিল প্ৰায় ৭.২৭ শতাংশ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.