শ্ৰেণী ৰাষ্ট্ৰীয়

৩০ ছেপ্তেম্বৰত মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয়

অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ –নিৰ্বাচন ৷ভবানীপুৰৰ লগতে একেখন ৰাজ্যৰ ছমচেৰগঞ্জ , জংগীপুৰ আৰু উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিতো একেদিনাই উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল…

চাৰি ৰাজ্যত আকৌ শাসনলৈ বিজেপি , পঞ্জাৱত কোন ?

২০২২ চনত অনুষ্ঠিত হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল হিচাপে বিবেচিত হৈছে ৷ তাতে ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশৰো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইবাবেই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন শাসক – বিৰোধী…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে…

The Crosscurrent Fact Check : সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে মিছা মাতিছে নেকি ?

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ গুজৰাট বিজেপিৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ ৰাজনাথ সিঙে এইবুলিও কয় যে কেন্দ্ৰীয় চৰকাৰে কোনো সন্ত্ৰাসবাদীক…

চলন্ত ৰেলৰ ভিতৰত অন্তৰ্বাস পিন্ধি ঘূৰি ফুৰা কোন এই বিধায়ক ?

বিহাৰৰ শাসনাধিষ্ঠ জনতা দল অৰ্থাৎ জেডি(ইউ)ৰ বিধায়ক গোপাল মণ্ডলৰ ৰেলৰ ভিতৰত অন্তৰ্বাস পৰিহিত এখন ফটোয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। তেজস ৰাজধানী এক্সপ্ৰেছে এচি প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টত মণ্ডলৰ অন্তৰ্বাসত ঘূৰি ফুৰা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই স্তম্ভিত হৈ পৰে…

ড্ৰাগছ কেচ: তদন্ত সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী ৰাকুল প্ৰীত সিং

শুকুৰবাৰে এটা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) হায়দৰাবাদৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। উল্লেখ্য যে বিগত মঙলবাৰে ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত সংস্থাটোৰ বিষয়াসকলৰ সন্মুখত হাজিৰ হ’বলৈ হায়দৰাবাদৰ ইডি কাৰ্যালয়লৈ আহিছিল চলচ্চিত্ৰ পৰিচালক পুৰী জগন্নাধ। গোচৰটো ২০১৭ চনত…

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ধনদাবী কৰি কোনে লুটিলে ২০০ কোটি?

তিহাৰ জেলৰ পৰা ফোনযোগে এগৰাকী মহিলাক প্ৰতাৰণা কৰি ২০০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চন্দ্ৰশেখৰ নামৰ ব্যক্তিজনে ফাৰ্মাচিউটিকেল কোম্পানীৰ স্বত্বাধিকাৰী শিবিন্দৰ সিঙৰ পত্নীৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে…

সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা নাই…

পেৰা অলিম্পিকত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে

পুৰুষৰ হাই জাম্প (টি৬৪) ফাইনেলত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে। শুক্ৰবাৰে ২.০৭ মিটাৰ জাম্পৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি প্ৰবীণ কুমাৰৰ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিলে। ১৮ বছৰীয়া কুমাৰে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত প্ৰতিদ্বন্দিতা কৰি ২.০৭…

পুৱতি নিশা মাতৃক পানী বিচাৰিছিল সিদ্ধাৰ্থই

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷ অভিনেতাগৰাকীৰ মৃত্যুত সকলো শোকাহত ৷ বৃস্পতিবাৰে চিকিৎসালয়ত পোষ্টমৰ্টেম সম্পন্ন কৰাৰ পাছত তেওৰ নশ্বৰদেহ বাসগৃহলৈ নিয়া হয় ৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে আবেলি বাসগৃহৰ…