চাৰি ৰাজ্যত আকৌ শাসনলৈ বিজেপি , পঞ্জাৱত কোন ?

Share This Article

২০২২ চনত অনুষ্ঠিত হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল হিচাপে বিবেচিত হৈছে ৷ তাতে ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশৰো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইবাবেই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন শাসক – বিৰোধী উভয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ কিন্তু শেহতীয়াকৈ প্ৰকাশিত এটা সমীক্ষা অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যৰ ভিতৰত চাৰিখনতেই বিজেপি শাসনলৈ অহাৰ সম্ভাৱণা আছে ৷

এবিপি নিউজ – চি ভোটাৰৰ সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত ২৫৯-২৬৩ খন আসনেৰে পুণৰ শাসনলৈ আহিব পাৰে বিজেপি ৷ ইয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে লাভ কৰিব পাৰে ১০৯-১১৭ খন আসন ৷

সমীক্ষা অনুসৰি উত্তৰাখণ্ডত বিজেপিয়ে ৪৪-৪৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ ১৯-২৩ খন আসনতে সীমাবদ্ধ থাকিব পাৰে ৷

পঞ্জাৱত ৫১-৫৭ খন আসন লাভেৰে আম আদমী পাৰ্টী ক্ষমতালৈ অহাৰ সম্ভাৱণা ব্যক্ত কৰা হৈছে ৷ ইয়াৰ বিপৰীতে শাসনাধিষ্ঠিত কংগ্ৰেছে লাভ কৰিব পাৰে ৩৮-৪৬ খন আসন ৷

গোৱাত আকৌ এবাৰ ২২-২৬ খন আসন লাভেৰে বিজেপিয়ে ক্ষমতা দখল কৰিব পাৰে ৷ আনহাতে , কংগ্ৰেছে ৩-৭ , আপে ৪-৮ খন আসনত জয়লাভ কৰাৰ সম্ভাৱণা আছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.