৩০ ছেপ্তেম্বৰত মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয়

অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ –নিৰ্বাচন ৷ভবানীপুৰৰ লগতে একেখন ৰাজ্যৰ ছমচেৰগঞ্জ , জংগীপুৰ আৰু উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিতো একেদিনাই উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

শেহতীয়া বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল মমতা বেনাৰ্জী ৷গতিকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ তেও ছমাহৰ ভিতৰত বিধানসভালৈ নিৰ্বাচিত হৈ অহাটো জৰুৰী হৈ পৰিছিল ৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ তেওৰ গৃহ সমষ্টি ভবানীপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296