চলন্ত ৰেলৰ ভিতৰত অন্তৰ্বাস পিন্ধি ঘূৰি ফুৰা কোন এই বিধায়ক ?

Share This Article

বিহাৰৰ শাসনাধিষ্ঠ জনতা দল অৰ্থাৎ জেডি(ইউ)ৰ বিধায়ক গোপাল মণ্ডলৰ ৰেলৰ ভিতৰত অন্তৰ্বাস পৰিহিত এখন ফটোয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। তেজস ৰাজধানী এক্সপ্ৰেছে এচি প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টত মণ্ডলৰ অন্তৰ্বাসত ঘূৰি ফুৰা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই স্তম্ভিত হৈ পৰে সকলো। ৰেলখনত থকা সহযাত্ৰীসকলে নেতাজনৰ আচৰণত আপত্তি জনোৱাৰ পিছত বিধায়ক জনে আনকি সহযাত্ৰী গুলীয়াই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল। মণ্ডলে সংবাদ সংস্থা ANI কয় যে তেওঁ ৰেলখনত উঠাৰ লগে লগে মই শৌচালয় ব্যৱহাৰ কৰিব বিচাৰিছিল। সেয়েহে তেওঁ কুৰ্তা-পায়জামা আঁতৰাই কান্ধৰ ওপৰেৰে টাৱেল এখন লৈছিল। বিধায়ক জনৰ ভাষ্য অনুসৰি তেওঁৰ হেনো কঁকালত মেৰিয়াবলৈ সময় নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.