পুৱতি নিশা মাতৃক পানী বিচাৰিছিল সিদ্ধাৰ্থই

Share This Article

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷ অভিনেতাগৰাকীৰ মৃত্যুত সকলো শোকাহত ৷ বৃস্পতিবাৰে চিকিৎসালয়ত পোষ্টমৰ্টেম সম্পন্ন কৰাৰ পাছত তেওৰ নশ্বৰদেহ বাসগৃহলৈ নিয়া হয় ৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে আবেলি বাসগৃহৰ চৌহদতে তেও মাকৰ সৈতে খোজ কাঢ়িছিল ৷শোৱাপাটীলৈ যোৱাৰ আগত কিছু দৰৱো সেৱন কৰিছিল ৷ পুৱতি নিশা ৩ বজাৰ মাতৃক জগাই পানী বিচাৰিছিল ৷ কৈছিল যে কিবা ভাল লগা নাই ৷ পাছদিনা পুৱা সিদ্ধাৰ্থক জগাবলৈ গৈ কোনো সহাৰি নোপোৱা দেখি মাকে ভগ্নী প্ৰীতিক ফোন কৰি ঘৰলৈ মাতে ৷ পাছত অভিনেতাগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.