সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল’লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

বুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল ৷ বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ’ল বিচনাত ৷মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ? বিশ্বাসেই কৰিব পৰা নাই কোনেও ৷সেইবাবেই সংবাদ মাধ্যমত , অভিনেতাজনৰ বন্ধুমহলৰ মাজত বাৰে বাৰে আলোচনা হৈছে মৃত্যুৰ সাম্ভাব্য কাৰণৰ বিষয়ে ৷

নিজৰ ফিটনেচৰ প্ৰতি সদায়ে সজাগ আৰু সচেতন আছিল অভিনেতা সিদ্ধাৰ্থ শুক্লা ৷ প্ৰতিদিনে অত্যাধিক শৰীৰচৰ্চা কৰিছিল তেও ৷এতিয়া বহুতৰে মনত প্ৰশ্ন উঠিছে – অতিৰিক্ত শৰীৰচৰ্চাই কাল হ’ল নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

- Donation -

সিদ্ধাৰ্থৰ এগৰাকী বান্ধৱীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শৰীৰৰ পৰা ঘাম বাহিৰ কৰাটো সিদ্ধাৰ্থৰ নিচাৰ দৰে আছিল ৷এই বিষয়ে বন্ধুসকলেও তেওৰ পৰা পৰামৰ্শ লৈছিল ৷নিয়মীয়াকৈ জিমলৈ গৈছিল আৰু ঘাম বাহিৰ কৰিবলৈ অশেষ কষ্ট কৰিছিল ৷

সিদ্ধাৰ্থৰ জিম পাৰ্টনাৰে কয় যে তেওৰ হাতত যিমান কাম আহিছিল , লকডাউণ নথকা হ’লে আৰু বেছি জনপ্ৰিয় হৈ উঠিলহেঁতেন ৷

সেইবাবেই এতিয়া প্ৰশ্ন উঠিছে – অত্যাধিক শৰীৰচৰ্চা নে লকদাউনৰ মানসিক অৱসাদে প্ৰাণ ল’লে জনপ্ৰিয় অভিনেতাগৰাকীৰ ?

 

Leave A Reply

Your email address will not be published.