অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল’লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

Share This Article

বুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল ৷ বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ’ল বিচনাত ৷মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ? বিশ্বাসেই কৰিব পৰা নাই কোনেও ৷সেইবাবেই সংবাদ মাধ্যমত , অভিনেতাজনৰ বন্ধুমহলৰ মাজত বাৰে বাৰে আলোচনা হৈছে মৃত্যুৰ সাম্ভাব্য কাৰণৰ বিষয়ে ৷

নিজৰ ফিটনেচৰ প্ৰতি সদায়ে সজাগ আৰু সচেতন আছিল অভিনেতা সিদ্ধাৰ্থ শুক্লা ৷ প্ৰতিদিনে অত্যাধিক শৰীৰচৰ্চা কৰিছিল তেও ৷এতিয়া বহুতৰে মনত প্ৰশ্ন উঠিছে – অতিৰিক্ত শৰীৰচৰ্চাই কাল হ’ল নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

সিদ্ধাৰ্থৰ এগৰাকী বান্ধৱীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শৰীৰৰ পৰা ঘাম বাহিৰ কৰাটো সিদ্ধাৰ্থৰ নিচাৰ দৰে আছিল ৷এই বিষয়ে বন্ধুসকলেও তেওৰ পৰা পৰামৰ্শ লৈছিল ৷নিয়মীয়াকৈ জিমলৈ গৈছিল আৰু ঘাম বাহিৰ কৰিবলৈ অশেষ কষ্ট কৰিছিল ৷

সিদ্ধাৰ্থৰ জিম পাৰ্টনাৰে কয় যে তেওৰ হাতত যিমান কাম আহিছিল , লকডাউণ নথকা হ’লে আৰু বেছি জনপ্ৰিয় হৈ উঠিলহেঁতেন ৷

সেইবাবেই এতিয়া প্ৰশ্ন উঠিছে – অত্যাধিক শৰীৰচৰ্চা নে লকদাউনৰ মানসিক অৱসাদে প্ৰাণ ল’লে জনপ্ৰিয় অভিনেতাগৰাকীৰ ?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.