সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত হোৱা কোন এইগৰাকী দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ?

আৰ এছ এছৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ উপস্থিত হোৱা বিষয়টোক লৈ এতিয়া দেশত নতুন বিতৰ্ক আৰম্ভ হৈছে ৷সংবাদ মাধ্যমৰ খবৰ অনুসৰি , মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবদে ৷তেও আৰ এছ এছ প্ৰধান মোহন ভাগৱতকো সাক্ষাৎ কৰে বুলি খবৰ প্ৰকাশ পাইছে ৷কিন্তু ভাগৱত বা বোবদে কোনো এগৰাকীয়ে এই কথা নিজে সদৰী কৰা নাই ৷

আৰ এছ এছৰ নাগপুৰস্থিত সদৰত উপস্থিত হোৱা বোবদে হৈছে প্ৰথমগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ ৷মঙলবাৰে বিয়লি তেও মোহন ভাগৱতক সাক্ষাৎ কৰি আৰ এছ এছৰ প্ৰতিষ্ঠাতা হেডগৱাৰৰ বাসস্থান পৰিদৰ্শন কৰে বুলিও খবৰ ওলাইছে ৷

- Donation -

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অৰবিন্দ বোবদেৰ জন্মস্থান হ’ল মহাৰাষ্ট্ৰৰ নাগপুৰ ৷জীৱনৰ এছোৱা দীঘলীয়া সময় তেও নাগপুৰতে কটাইছে ৷ কিন্তু এইবাৰেই তেও প্ৰথমবাৰৰ বাবে নাগপুৰৰ আৰ এছ এছ কাৰ্যালয়ত ভৰি দিয়ে ৷বোবদেৰ আৰ এছ এছ কাৰ্যালয় ভ্ৰমণক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক ৷

 

Leave A Reply

Your email address will not be published.