আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত হোৱা কোন এইগৰাকী দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ?

Share This Article

আৰ এছ এছৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ উপস্থিত হোৱা বিষয়টোক লৈ এতিয়া দেশত নতুন বিতৰ্ক আৰম্ভ হৈছে ৷সংবাদ মাধ্যমৰ খবৰ অনুসৰি , মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবদে ৷তেও আৰ এছ এছ প্ৰধান মোহন ভাগৱতকো সাক্ষাৎ কৰে বুলি খবৰ প্ৰকাশ পাইছে ৷কিন্তু ভাগৱত বা বোবদে কোনো এগৰাকীয়ে এই কথা নিজে সদৰী কৰা নাই ৷

আৰ এছ এছৰ নাগপুৰস্থিত সদৰত উপস্থিত হোৱা বোবদে হৈছে প্ৰথমগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ ৷মঙলবাৰে বিয়লি তেও মোহন ভাগৱতক সাক্ষাৎ কৰি আৰ এছ এছৰ প্ৰতিষ্ঠাতা হেডগৱাৰৰ বাসস্থান পৰিদৰ্শন কৰে বুলিও খবৰ ওলাইছে ৷

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অৰবিন্দ বোবদেৰ জন্মস্থান হ’ল মহাৰাষ্ট্ৰৰ নাগপুৰ ৷জীৱনৰ এছোৱা দীঘলীয়া সময় তেও নাগপুৰতে কটাইছে ৷ কিন্তু এইবাৰেই তেও প্ৰথমবাৰৰ বাবে নাগপুৰৰ আৰ এছ এছ কাৰ্যালয়ত ভৰি দিয়ে ৷বোবদেৰ আৰ এছ এছ কাৰ্যালয় ভ্ৰমণক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.