প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান

Share This Article

ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। পায়’নীয়াৰ শীৰ্ষক বাতৰি কাকতখনৰ সম্পাদক আছিল প্ৰয়াত চন্দন মিত্ৰ। বহুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল প্ৰয়াত মিত্ৰ আৰু যোৱাকলি নিশা দিল্লীৰ এখন হাস্পতালত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত মিত্ৰৰ বয়স আছিল ৬৬ বছৰ। Times of India আৰু Hindustan Times ৰো সাংবাদিক আছিল প্ৰয়াত চন্দন মিত্ৰ। ২০০৩ চনৰ পৰা ২০০৯ আৰু ২০১০ ৰ পৰা ২০১৬ চনলৈকে সুদীৰ্ঘ সময় ধৰি ৰাজ্য সভাৰ সাংসদ আছিল মিত্ৰ। প্ৰয়াত মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.