বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰা বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা হৈছে ১৫০০ কৌটি টকা ৷ কিন্তু উত্তৰ পূৱৰ কোন ৰাজ্যই কিমান ধন পাব জানি লও আহক –
•উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষণা কৰা ১৫০০ কৌটিৰ ভিতৰত ৬০০ কৌটি টকাই আগবঢ়োৱা হৈছে মিজোৰামলৈ ৷ ইয়াৰে ৫০০ কৌটি টকাৰে আইজলৰ বাইপাছ নিৰ্মান কৰা হ’ব আৰু আন ১০০ কৌটি টকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ মাজত বেম্বো লিংক ৰোড নিৰ্মান কৰা হ’ব ৷
•৬৪ কৌটি টকাৰে পশ্চিম ছিকিমত পেলিঙৰ পৰা ছাংগা- কোৱেলিঙলৈ যাত্ৰীবাহী ৰোপৱে আৰু ৫৮ কৌটি টকাৰে দক্ষিণ ছিকিমত ঢাপেৰৰ পৰা ভালেধুংগালৈ ৰোপৱে নিৰ্মান কৰা হ’ব ৷
•বাকী ৫৩৭ কৌটি টকা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহৰ মাজত ব্যয় কৰা হ’ব ৷ ইয়াৰ ভিতৰত আছে “ডেডিকেটেড চাৰ্ভিছেজ ফৰ মেনেজমেন্ট অৱ পেডিয়েট্ৰিক এণ্ড এডাল্ট হিম’ট’লিম্ফইড কেঞ্চাৰছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, গুৱাহাটী “ আৰু “এন ই চি টি এ আৰ লিভলিহুড মিছন”ৰ দৰে দুটা অভিলাষী প্ৰকল্প ৷