বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

Share This Article

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈ সকলো নামি পৰিল প্ৰত্যাক্ৰমণত ৷ কিন্তু কিয় উত্থাপণ হ’ল বিজেপিৰ কাৰ্যালয়ৰ স্থানত নদী গৱেষণা প্ৰতিষ্ঠাৰ প্ৰসংগ ৷ তাৰো আছে এক দীঘলীয়া ইতিহাস ৷

বৰ্তমান বশিষ্ঠৰ যি স্থানত বিজেপিৰ ছয় মহলীয়া কাৰ্যালয় স্থাপন হৈছে , সেই ভূমি চৰকাৰী মাটি নাছিল ৷ স্থানীয় লোকৰ পৰা জলসম্পদ বিভাগে অধিগ্ৰহণ  কৰা মাটি আছিল সেয়া ৷ উদ্দেশ্য আছিল –বশিষ্ঠত স্থাপন কৰিব নদী গৱেষণা কেন্দ্ৰ ৷কিন্তু নদী গৱেষণা কেন্দ্ৰ নহ’ল ৷ বশিষ্ঠত স্থাপন হ’ল বিজেপিৰ কাৰ্যালয় ৷

বছৰি বানপানীয়ে জুৰুলা কৰা অসমৰ নদীসমূহৰ চৰিত্ৰৰ সঠিক গৱেষণাৰ প্ৰয়োজন অনুভৱ হৈছিল স্বাধীনতাৰ সময়ৰ পৰাই ৷ সেইবাবেই ১৯৫৮ চনত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত স্থাপন হৈছিল নদী গৱেষণা কেন্দ্ৰ ৷ কিন্তু পাছলৈ সেই কেন্দ্ৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ চিন্তা – চৰ্চা চলে ৷  সেই অনুসৰি ১৯৬৯ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বেলতলা মৌজাত অধিগ্ৰহণ কৰা হয় ৭১ বিঘা ২ কঠা ১৯ লেচা ভূমি ৷ নদী গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ এই ভূমি অধিগ্ৰহণ কৰা বুলি দ্য আছাম গেজেটত  স্পষ্টভাৱে উল্লেখ আছে ৷ সেই সময়ত অসমৰ ৰাজহ বিভাগৰ যুটীয়া সচিব আছিল জে কে বাগচী ৷

 

ইফালে,১৯৬৯ চনৰ ১৯ ফেব্ৰুৱাৰীত  কামৰূপ জিলাৰ উপায়ুক্তলৈ দিয়া আন এখন  পত্ৰত  উল্লেখ আছে যে নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে অধিগ্ৰহণ কৰা মাটিখিনিৰ ক্ষতিপূৰণৰ মূল্য হ’ব ৭ লাখ ৯৯ হাজাৰ ৭৯৭ টকা ৷

 

অৰ্থাৎ অসমৰ নদ – নদী সমূহৰ ওপৰত যে সঠিক গৱেষণাৰ প্ৰয়োজন সেয়া ১৯৬৯ চনতেই অনুভৱ কৰিছিল তেতিয়াৰ চৰকাৰে ৷ তাৰ পাছত ব্ৰক্ষ্মপুত্ৰৰ বুকুৰে বহুত পানী বৈ গ’ল ৷ ২০১৩ চনত অসম চৰকাৰে নদী গৱেষণা কেন্দ্ৰটোৰ নতুন নামাকৰণ কৰে ৷ এইবাৰ নদী গৱেষণা কেন্দ্ৰৰ নাম দিয়া হয় – ‘আছাম ৱাটাৰ ৰিচাৰ্ছ এণ্ডমেনেজমেন্ট ইন্সটিটিউট ‘ ৷

তাৰ পাছত অসমৰ  ক্ষমতালৈ আহে বিজেপি চৰকাৰ ৷ মুখ্যমন্ত্ৰীৰ আসনত বহে সৰ্বানন্দ সোণোৱাল ৷ সেই সময়ত সৰ্বানন্দ সোণোৱালে বশিষ্ঠত আছাম ৱাটাৰ ৰিচাৰ্ছ এণ্ড মেনেজমেন্ট চেন্টাৰৰ আধাৰশিলা স্থাপন কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল ৷ তাৰ লগে লগে আৰম্ভ হয় – অসম জল মিছন প্ৰকল্পৰ কাৰ্যালয় নিৰ্মানৰ কামো ৷ ৯৩ লাখ টকা পুঁজি নিৰ্ধাৰণ কৰি জল মিছন প্ৰকল্পৰ সঞ্চালকৰ কাৰ্যালয় নিৰ্মানৰ দায়িত্ব দিয়া হয় হেমন্ত চহৰীয়া নামৰ এজন ঠিকাদাৰক ৷ কিন্তু হঠাৎ অসম চৰকাৰে জল মিছনৰ ভূমি ৰাজ্যিক বিজেপিৰ নামত আৱন্টন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷,

কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল , বিজেপিয়ে কাৰ্যালয় নিৰ্মানৰ বাবে বিচৰা মাটিখিনিক চৰকাৰী মাটি বুলি অভিহিত কৰে সেই সময়ৰ কামৰূপ জিলাৰ উপায়ুক্তই ৷ এয়া ২০১৮ চনৰ ২৫ অক্টোবৰত কামৰূপ জিলাৰ উপায়ুক্তই ৰাজহ বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা পত্ৰ ৷

এই পত্ৰত কামৰূপ জিলাৰ উপায়ু্তগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰী নথিত এই মাটিখিনি চৰকাৰী মাটি হিচাপে উল্লেখ আছে ৷ আৰু তাত ৰাজ্যিক তথ্য কেন্দ্ৰ নিৰ্মানৰ কোনো তথ্য উল্লেখ নাই ৷ গতিকে বশিষ্ঠৰ চাৰি বিঘা মাটি বিজেপিৰ কাৰ্যালয়ৰ নামত আৱন্টন দিয়াত কোনো অসুবিধা নাই ৷

মন কৰিবলগীয়া কথাটো হ’ল – ১৯৬৯ চনত জলসম্পদ বিভাগৰ অবৰ সচিবে কামৰূপ জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ আছে যে এই মাটিখনি নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে অধিগ্ৰহণ কৰা হৈছে ৷ দ্য আছাম গেজেটতো স্পষ্টকৈ এই কথাৰ উল্লেখ আছে ৷ তাৰ পাছতো কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ মাটিক ৰাজহ বিভাগৰ অধীনৰ চৰকাৰী মাটি বুলি উল্লেখ কৰাটো অতি ৰহস্যৰ বিষয় ৷

 

ইপিনে , জলসম্পদ বিভাগেও নিজৰ মাটি আন কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰে ৷ তাৰ পাছতেই আৰম্ভ হয় জলসম্পদৰ মাটিত বেদখলৰ কুচকাৱাজ ৷ এয়া অসমীয়া প্ৰতিদিন কাকতত ২০১৮ চনৰ ৭ ডিচেম্বৰত প্ৰকাশিত বাতৰি ৷ বাতৰিৰ শিৰোণাম হ’ল – শাসক দলৰ কাৰ্যালয় নিৰ্মানৰ নামত স্বেচ্ছাচাৰী কাণ্ড ৷

৯৩ লাখটকীয়া প্ৰকল্প ভাঙি বশিষ্ঠত জলসম্পদৰ ভূমি বেদখল বিজেপিৰ ৷ কেৱল বাতৰিতেই এই ঘটনা সীমাবদ্ধ থকা নাছিল ৷ তাৰ পূৰ্বেই জল মিছনৰ কাৰ্যালয় নিৰ্মানৰ ঠিকা লাভ কৰা ঠিকাদাৰ হেমন্ত চহৰীয়াই জলসম্পদ বিভাগৰ হাইড্ৰ’লিক ৰিচাৰ্ছ ডিভিজনৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত দাখিল কৰিছিল এক অভিযোগ ৷

এই অভিযোগত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছিল যে আছাম ৱাটাৰ মিছনৰ কাৰ্যালয় নিৰ্মানৰ বাবে  ২০১৮ চনৰ ১৬ মাৰ্চত তেওঁ ৱৰ্ক অৰ্ডাৰ  লাভ কৰিছিল ৷ সেই মৰ্মে ঠিকাদাৰে কামো আৰম্ভ কৰে ৷ কিন্তু ২০১৮ চনৰ ২৪ নৱেম্বৰত বশিষ্ঠ থানাৰ পৰা আহমেদ উপাধিৰ এজন এছ আইৰ ফোন আহে ঠিকাদাৰ চহৰীয়ালৈ ৷ আৰক্ষী বিষয়াজনে ঠিকাদাৰক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সেইদিনাই দিছপুৰৰ চক্ৰ বিষয়াইও ফোনযোগে কাম বন্ধ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে ৷ এই ফোন পোৱাৰ পাছতেই কাম বন্ধ কৰাৰ বাহিৰে আন কোনো উপায় নাই বুলি ঠিকাদাৰ হেমন্ত চহৰীয়াই লিখিতভাৱে অৱগত কৰে ৷ তাতকৈও ডাঙৰ কথাটো হ’ল – ২০১৮ চনৰ ১ ডিচেম্বৰ তাৰিখে জলসম্পদ বিভাগৰ হাইড্র’লিক ৱাটাৰ ৰিচ’ৰ্ছ ডিভিজনে বশিষ্ঠ থানাত দাখিল কৰে এখন এজাহাৰ ৷ এই এজাহাৰত কাৰ্যবাহী অভিযন্তাগৰাকীয়ে উল্লেখ কৰে যে বশিষ্ঠত নিৰ্মান হৈ থকা আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ৰ নিৰ্মান হৈ  থকা স্থানত অচিনাক্ত দুৰ্বৃত্তৰ দলে এছকেভেটৰ লৈ প্ৰৱেশ কৰি নিৰ্মীয়মান কাৰ্যালয়টো ভাঙি পেলাইছে ৷ জলসম্পদ বিভাগৰ বাউণ্ডেৰী ৱালৰ খুঁটা উভালি পেলোৱাৰ লগতে ষ্ট’ৰ ৰুমো লণ্ড – ভণ্ড কৰিছে ৷

 

মহানগৰীৰ মাজমজিয়াত এটা চৰকাৰী বিভাগৰ মাটি বেদখল কৰিবলৈ লোৱা লোকসকল আজিলৈকে চিনাক্ত নহ’ল ৷ তাত আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ো নিৰ্মান নহ’ল ৷ বৰং আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ৰ ঠাইত গঢ়ি উঠিল বিজেপিৰ ছয়মহলীয়া কাৰ্যালয় ৷

১৯৬৯ চনত নদী গৱেষণা কেন্দ্ৰৰ বাবে অধিগ্ৰহণ কৰা ভূমি আৰু ২০১৮ চনত আছাম ৱাটাৰ মিছনৰ কাৰ্যালয় নিৰ্মান হৈ থকা ভূমিত এতিয়া সাজি উলিওৱা হৈছে শাসকীয় দলৰ প্ৰসাদোপম কাৰ্যালয় ৷ এয়াই হ’ল বিজেপিৰ কাৰ্যালয় নিৰ্মান কৰা ভূমিৰ এ টু জেদ ৷ যাক কেন্দ্ৰ কৰি এতিয়া শাসক – বিৰোধীৰ কাজিয়া তুংগত উঠিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.