সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈ সকলো নামি পৰিল প্ৰত্যাক্ৰমণত ৷ কিন্তু কিয় উত্থাপণ হ’ল বিজেপিৰ কাৰ্যালয়ৰ স্থানত নদী গৱেষণা প্ৰতিষ্ঠাৰ প্ৰসংগ ৷ তাৰো আছে এক দীঘলীয়া ইতিহাস ৷

বৰ্তমান বশিষ্ঠৰ যি স্থানত বিজেপিৰ ছয় মহলীয়া কাৰ্যালয় স্থাপন হৈছে , সেই ভূমি চৰকাৰী মাটি নাছিল ৷ স্থানীয় লোকৰ পৰা জলসম্পদ বিভাগে অধিগ্ৰহণ  কৰা মাটি আছিল সেয়া ৷ উদ্দেশ্য আছিল –বশিষ্ঠত স্থাপন কৰিব নদী গৱেষণা কেন্দ্ৰ ৷কিন্তু নদী গৱেষণা কেন্দ্ৰ নহ’ল ৷ বশিষ্ঠত স্থাপন হ’ল বিজেপিৰ কাৰ্যালয় ৷

- Donation -

বছৰি বানপানীয়ে জুৰুলা কৰা অসমৰ নদীসমূহৰ চৰিত্ৰৰ সঠিক গৱেষণাৰ প্ৰয়োজন অনুভৱ হৈছিল স্বাধীনতাৰ সময়ৰ পৰাই ৷ সেইবাবেই ১৯৫৮ চনত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত স্থাপন হৈছিল নদী গৱেষণা কেন্দ্ৰ ৷ কিন্তু পাছলৈ সেই কেন্দ্ৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ চিন্তা – চৰ্চা চলে ৷  সেই অনুসৰি ১৯৬৯ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বেলতলা মৌজাত অধিগ্ৰহণ কৰা হয় ৭১ বিঘা ২ কঠা ১৯ লেচা ভূমি ৷ নদী গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ এই ভূমি অধিগ্ৰহণ কৰা বুলি দ্য আছাম গেজেটত  স্পষ্টভাৱে উল্লেখ আছে ৷ সেই সময়ত অসমৰ ৰাজহ বিভাগৰ যুটীয়া সচিব আছিল জে কে বাগচী ৷

 

ইফালে,১৯৬৯ চনৰ ১৯ ফেব্ৰুৱাৰীত  কামৰূপ জিলাৰ উপায়ুক্তলৈ দিয়া আন এখন  পত্ৰত  উল্লেখ আছে যে নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে অধিগ্ৰহণ কৰা মাটিখিনিৰ ক্ষতিপূৰণৰ মূল্য হ’ব ৭ লাখ ৯৯ হাজাৰ ৭৯৭ টকা ৷

 

অৰ্থাৎ অসমৰ নদ – নদী সমূহৰ ওপৰত যে সঠিক গৱেষণাৰ প্ৰয়োজন সেয়া ১৯৬৯ চনতেই অনুভৱ কৰিছিল তেতিয়াৰ চৰকাৰে ৷ তাৰ পাছত ব্ৰক্ষ্মপুত্ৰৰ বুকুৰে বহুত পানী বৈ গ’ল ৷ ২০১৩ চনত অসম চৰকাৰে নদী গৱেষণা কেন্দ্ৰটোৰ নতুন নামাকৰণ কৰে ৷ এইবাৰ নদী গৱেষণা কেন্দ্ৰৰ নাম দিয়া হয় – ‘আছাম ৱাটাৰ ৰিচাৰ্ছ এণ্ডমেনেজমেন্ট ইন্সটিটিউট ‘ ৷

তাৰ পাছত অসমৰ  ক্ষমতালৈ আহে বিজেপি চৰকাৰ ৷ মুখ্যমন্ত্ৰীৰ আসনত বহে সৰ্বানন্দ সোণোৱাল ৷ সেই সময়ত সৰ্বানন্দ সোণোৱালে বশিষ্ঠত আছাম ৱাটাৰ ৰিচাৰ্ছ এণ্ড মেনেজমেন্ট চেন্টাৰৰ আধাৰশিলা স্থাপন কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল ৷ তাৰ লগে লগে আৰম্ভ হয় – অসম জল মিছন প্ৰকল্পৰ কাৰ্যালয় নিৰ্মানৰ কামো ৷ ৯৩ লাখ টকা পুঁজি নিৰ্ধাৰণ কৰি জল মিছন প্ৰকল্পৰ সঞ্চালকৰ কাৰ্যালয় নিৰ্মানৰ দায়িত্ব দিয়া হয় হেমন্ত চহৰীয়া নামৰ এজন ঠিকাদাৰক ৷ কিন্তু হঠাৎ অসম চৰকাৰে জল মিছনৰ ভূমি ৰাজ্যিক বিজেপিৰ নামত আৱন্টন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷,

কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল , বিজেপিয়ে কাৰ্যালয় নিৰ্মানৰ বাবে বিচৰা মাটিখিনিক চৰকাৰী মাটি বুলি অভিহিত কৰে সেই সময়ৰ কামৰূপ জিলাৰ উপায়ুক্তই ৷ এয়া ২০১৮ চনৰ ২৫ অক্টোবৰত কামৰূপ জিলাৰ উপায়ুক্তই ৰাজহ বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা পত্ৰ ৷

এই পত্ৰত কামৰূপ জিলাৰ উপায়ু্তগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰী নথিত এই মাটিখিনি চৰকাৰী মাটি হিচাপে উল্লেখ আছে ৷ আৰু তাত ৰাজ্যিক তথ্য কেন্দ্ৰ নিৰ্মানৰ কোনো তথ্য উল্লেখ নাই ৷ গতিকে বশিষ্ঠৰ চাৰি বিঘা মাটি বিজেপিৰ কাৰ্যালয়ৰ নামত আৱন্টন দিয়াত কোনো অসুবিধা নাই ৷

মন কৰিবলগীয়া কথাটো হ’ল – ১৯৬৯ চনত জলসম্পদ বিভাগৰ অবৰ সচিবে কামৰূপ জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ আছে যে এই মাটিখনি নদী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে অধিগ্ৰহণ কৰা হৈছে ৷ দ্য আছাম গেজেটতো স্পষ্টকৈ এই কথাৰ উল্লেখ আছে ৷ তাৰ পাছতো কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ মাটিক ৰাজহ বিভাগৰ অধীনৰ চৰকাৰী মাটি বুলি উল্লেখ কৰাটো অতি ৰহস্যৰ বিষয় ৷

 

ইপিনে , জলসম্পদ বিভাগেও নিজৰ মাটি আন কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰে ৷ তাৰ পাছতেই আৰম্ভ হয় জলসম্পদৰ মাটিত বেদখলৰ কুচকাৱাজ ৷ এয়া অসমীয়া প্ৰতিদিন কাকতত ২০১৮ চনৰ ৭ ডিচেম্বৰত প্ৰকাশিত বাতৰি ৷ বাতৰিৰ শিৰোণাম হ’ল – শাসক দলৰ কাৰ্যালয় নিৰ্মানৰ নামত স্বেচ্ছাচাৰী কাণ্ড ৷

৯৩ লাখটকীয়া প্ৰকল্প ভাঙি বশিষ্ঠত জলসম্পদৰ ভূমি বেদখল বিজেপিৰ ৷ কেৱল বাতৰিতেই এই ঘটনা সীমাবদ্ধ থকা নাছিল ৷ তাৰ পূৰ্বেই জল মিছনৰ কাৰ্যালয় নিৰ্মানৰ ঠিকা লাভ কৰা ঠিকাদাৰ হেমন্ত চহৰীয়াই জলসম্পদ বিভাগৰ হাইড্ৰ’লিক ৰিচাৰ্ছ ডিভিজনৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত দাখিল কৰিছিল এক অভিযোগ ৷

এই অভিযোগত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছিল যে আছাম ৱাটাৰ মিছনৰ কাৰ্যালয় নিৰ্মানৰ বাবে  ২০১৮ চনৰ ১৬ মাৰ্চত তেওঁ ৱৰ্ক অৰ্ডাৰ  লাভ কৰিছিল ৷ সেই মৰ্মে ঠিকাদাৰে কামো আৰম্ভ কৰে ৷ কিন্তু ২০১৮ চনৰ ২৪ নৱেম্বৰত বশিষ্ঠ থানাৰ পৰা আহমেদ উপাধিৰ এজন এছ আইৰ ফোন আহে ঠিকাদাৰ চহৰীয়ালৈ ৷ আৰক্ষী বিষয়াজনে ঠিকাদাৰক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সেইদিনাই দিছপুৰৰ চক্ৰ বিষয়াইও ফোনযোগে কাম বন্ধ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে ৷ এই ফোন পোৱাৰ পাছতেই কাম বন্ধ কৰাৰ বাহিৰে আন কোনো উপায় নাই বুলি ঠিকাদাৰ হেমন্ত চহৰীয়াই লিখিতভাৱে অৱগত কৰে ৷ তাতকৈও ডাঙৰ কথাটো হ’ল – ২০১৮ চনৰ ১ ডিচেম্বৰ তাৰিখে জলসম্পদ বিভাগৰ হাইড্র’লিক ৱাটাৰ ৰিচ’ৰ্ছ ডিভিজনে বশিষ্ঠ থানাত দাখিল কৰে এখন এজাহাৰ ৷ এই এজাহাৰত কাৰ্যবাহী অভিযন্তাগৰাকীয়ে উল্লেখ কৰে যে বশিষ্ঠত নিৰ্মান হৈ থকা আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ৰ নিৰ্মান হৈ  থকা স্থানত অচিনাক্ত দুৰ্বৃত্তৰ দলে এছকেভেটৰ লৈ প্ৰৱেশ কৰি নিৰ্মীয়মান কাৰ্যালয়টো ভাঙি পেলাইছে ৷ জলসম্পদ বিভাগৰ বাউণ্ডেৰী ৱালৰ খুঁটা উভালি পেলোৱাৰ লগতে ষ্ট’ৰ ৰুমো লণ্ড – ভণ্ড কৰিছে ৷

 

মহানগৰীৰ মাজমজিয়াত এটা চৰকাৰী বিভাগৰ মাটি বেদখল কৰিবলৈ লোৱা লোকসকল আজিলৈকে চিনাক্ত নহ’ল ৷ তাত আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ো নিৰ্মান নহ’ল ৷ বৰং আছাম ৱাটাৰ মিছনৰ কাৰ্যালয়ৰ ঠাইত গঢ়ি উঠিল বিজেপিৰ ছয়মহলীয়া কাৰ্যালয় ৷

১৯৬৯ চনত নদী গৱেষণা কেন্দ্ৰৰ বাবে অধিগ্ৰহণ কৰা ভূমি আৰু ২০১৮ চনত আছাম ৱাটাৰ মিছনৰ কাৰ্যালয় নিৰ্মান হৈ থকা ভূমিত এতিয়া সাজি উলিওৱা হৈছে শাসকীয় দলৰ প্ৰসাদোপম কাৰ্যালয় ৷ এয়াই হ’ল বিজেপিৰ কাৰ্যালয় নিৰ্মান কৰা ভূমিৰ এ টু জেদ ৷ যাক কেন্দ্ৰ কৰি এতিয়া শাসক – বিৰোধীৰ কাজিয়া তুংগত উঠিছে ৷

Leave A Reply

Your email address will not be published.