২৮ বছৰীয়া এটা ‘ভূত বাংলা’

Share This Article

অগপ,কংগ্ৰেছ আনকি বিজেপিৰ দিনতো সম্পূৰ্ণ হৈ নুঠা এখন চিকিৎসালয়ৰ কাহিনী ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা একেলেথাৰিয়ে ১৫ বছৰ আছিল স্বাস্থ্য মন্ত্ৰী, তথাপিও তেওঁৰো চকুত নপৰিল শিৱসাগৰৰ এই চিকিৎসালয়খনলৈ ৷ এবছৰ দুবছৰ নহয়, ২৮ বছৰে সম্পূৰ্ণ নোহোৱা এখন চিকিৎসালয়। বৰ্তমান পৰিত্যক্ত অৱস্থাত এই চিকিৎসালয় খন। যিখন চিকিৎসালয়ে এইদৰে পৰিত্যক্ত অৱস্থাত থাকি উদ্ধোধনী নোহোৱাকৈ ৰূপালী জয়ন্তী পাৰ কৰিলে।এই চিকিৎসালয়খন আছে শিৱসাগৰত। কথাবোৰ অবিশ্বাস্য যেন লাগিলেও ই চিৰসত্য। আকৌ কৈছো, এবছৰ দুবছৰ নহয়, ২৮ বছৰে গঞা ৰাইজে দিন গণিছে।

হয়, এইখন হৈছে শিৱসাগৰৰ দিচাং ধাইআলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বামবাৰীৰ দিচাংধাই আলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো সম্পূৰ্ণ নোহোৱাকে সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী বৰ্ষ । ১৯৯৪ চনত সেই সময়ৰ সাংসদ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে শুভাৰম্ভ কৰা এই স্বাস্থ্য কেন্দ্ৰটো এতিয়া ভূত বাংলাত পৰিণত হৈ পৰিছে। এক বৃহৎ এলেকা সামৰি নিৰ্মাণ কৰা এই স্বাস্থ্য কেন্দ্ৰটোত মাত্ৰ দুটা আৱাসগৃহ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে স্বাস্থ্য বিভাগে । ১৯৯৪ চনৰ পৰা আজিলৈকে ৰাজ্যত কংগ্ৰেছ, অগপ আৰু বিজেপি দলে শাসন কৰিছিল যদিও কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো সম্পূৰ্ণ কৰিবলৈ। যাৰ বাবে এতিয়া এইদৰে পৰিত্যক্ত অৱস্থাত স্বাস্থ্য কেন্দ্ৰটো। আনহাতে ১৫ বছৰ স্বাস্থ্য মন্ত্ৰী হৈ স্বাস্থ্যখণ্ডলৈ অমূল পৰিৱৰ্তন অনা বুলি দাবী কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১৫ বছৰীয়া কাৰ্যকালতো ইটা এচপৰা নপৰিল স্বাস্থ্য কেন্দ্ৰটোত।যাৰবাবে বৃহত্তৰ আখৈফুটীয়া, মাজুমেলীয়া, চৰগুৱা, ৰিৰিয়া, ডিমৌমুখ, জয়ৰাপাৰ, বাঢ়ৈটিং, কপৌটিং আদিকে ধৰি প্ৰায় ৩০ খন গাঁৱৰ ৰাইজ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে চিকিৎসাৰ বাবে প্ৰায় ২০ কিলোমিটাৰ নিলগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ যাবলগীয়া হয়।

প্ৰশ্ন হয়, কেতিয়া সম্পূৰ্ণ হব এই ২৮ বছৰে পৰিত্যক্ত অৱস্থাত থকা বামবাৰীৰ এই স্বাস্থ্য কেন্দ্ৰটো। বৰ্তমানৰ বিজেপি চৰকাৰে গুৰুত্ব দিবনে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণত।

শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যেতি গগৈ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.