‘ফ্ৰিজিডিটি’ বিষয়ক প্ৰথম অসমীয়া উপন্যাস গীতালি বৰাৰ ‘বাসনাহীনা’ উন্মোচন

Share This Article

বাসনাহীনা কেৱল এইকাৰণেই গুৰুত্বপূৰ্ণ নহয় যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তু লৈ লেখকে খেলা খেলৰ বাবেহেঃ প্ৰভাত বৰা

‘গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ’লেও এটা কবিতা বুলিও ক’ব পাৰি; কাৰণ ইয়াত তিনিটা শিল্পকৰ্মৰ সমাহাৰ ঘটিছে – কবিতা, ছবি আৰু গান৷ এই কিতাপখনৰ গুৰুত্ব কেৱল এইকাৰণেই নাই যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তুক লৈ লেখকে খেলা খেলৰ বাবেহে৷’এই সময়ৰ অসমৰ এগৰাকী শক্তিশালী ঔপন্যাসিক, গল্পকাৰ গীতালি বৰাৰ নতুন উপন্যাস ‘বাসনাহীনা’ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক-সমালোচক প্ৰভাত বৰাই। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত দিনৰ ১১ বজাত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই উপন্যাসখন উন্মোচন কৰে প্ৰভাত বৰা, অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়া, এই বছৰৰ সাহিত্য অকাদেমি অনুবাদ বঁটা প্ৰাপক লেখিকা পৰী হিলৈদাৰীয়ে। ‘ফ্ৰিজিডিটী’বা কাম শীতলতাৰ দৰে অসমীয়া সাহিত্যত তুলনামূলক ভাবে নতুন আৰু সৃজনীশীল সাহিত্যৰ গোলকীয় জগতখনতো কম চৰ্চিত বিষয় এটাক বাসনাহীনা উপন্যাসখনৰ পাতত তুলি ধৰিছে ঔপন্যাসিক গীতালি বৰাই।
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট সমালোচক, লেখক প্ৰভাত বৰাই লগতে কয় যে গীতালি বৰাই সদায় ব্যতিক্ৰম বিষয়বস্তু উপন্যাসৰ কাৰণে বিচাৰি লয়। গীতালিয়ে ফ্ৰিজিডিটীক বিষয়বস্তু হিচাপে ল’লেও ফ্ৰিজিডিটী শব্দটো ননাকৈ লিখিব পাৰিছে; তাতেই ঔপন্যাসিকৰ সাৰ্থকতা৷’উল্লেখ্য যে, ফ্ৰিজিডিটীৰ দৰে ব্যতিক্ৰমী আৰু একেবাৰে নতুন ধাৰণাক লৈ লিখা বাসনাহীনা সম্পৰ্কত মন্তব্য কৰি ঔপন্যাসিক গীতালি বৰাই এই উপন্যাসখনত ফ্ৰিজিডিটিকেই মুখ্য চৰিত্ৰ আখ্যা দিছে। বাকীবোৰ চৰিত্ৰৰ মাজেৰে এই চৰিত্ৰৰ বিকাশ ঘটিছে—তৰপসমূহ উন্মোচিত হৈছে বুলি তেওঁ মন্তব্য কৰে। আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি, সাহিত্য অকাডেমী বঁটা বিজয়ী গল্পকাৰ কুল শইকীয়াই কয় যে, ‘গীতালিৰ আন উপন্যাসৰ দৰে এইখনো বৰ অগতানুগতিক৷ উপন্যাস হওক বা গল্পই হওক, এইখনৰ দৰে তথ্যই পাঠক সমৃদ্ধ কৰে অধিক জনাৰ বাবে আগ্ৰহী কৰি তোলে। ফ্ৰিজিডিটিৰ দৰে স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আলোচনা কৰি শইকীয়াই লগতে কয়, এই বিষয়বস্তু লৈ লিখা-মেলা হৈছে যদিও বিস্তৃতভাৱে সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত বিচাৰ কৰা হোৱা নাই৷ গীতালিয়ে ইয়াৰ কাৰণে নতুন এখন কেনভাছ মেলি দিছে৷
অনু্ষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা লেখিকা, অধ্যাপিকা পৰী হিলৈদাৰীয়ে কয়, ‘মই ইন্টাৰনেটত বিচাৰি-খুঁচৰি মই যিখিনি তথ্য লাভ কৰিলোঁ তাৰ পৰা এটা ধাৰণা হৈছে যে, ফৰাচী দেশত ফ্ৰিজিডিটি বিষয় লৈ যিমান লেখা-মেলা হৈছে সেইখিনি সৃষ্টিশীল নহয়। গীতালি বৰাই এই উপন্যাসখন লিখি সকলো কথা ইতিমধ্যে লিখা হৈছে বোলা মিথটো বিনিৰ্মান কৰিছে৷’ ফ্ৰিজিডিটিৰ সৈতে সম্পৰ্কীত তাত্ত্বিক কথাখিনি পদ্ধতিগতভাৱে উপস্থাপন কৰি হিলৈদাৰীয়ে লগতে কয়, ‘ওঠৰ শতিকালৈ কামশীতলতাক স্বাভাৱিক অৱস্থা বুলিয়েই ধৰা হৈছিল৷ ঊনবিংশ শতিকাত ফকনিৰ প্ৰৱন্ধৰ যোগেদিহে ফ্ৰিজিডিটি বিষয়টো চৰ্চালৈ আহে৷ ঊনবিংশ শতিকাত এনে নাৰীসকলক চিকিৎসাবিজ্ঞানৰ দৃষ্টিৰে চোৱা হৈছিল৷ কুৰি শতিকাত মনোবৈজানিক দৃষ্টিৰে চোৱা হৈছিল৷ স্টিকলে কৈছিল যে কামশীতলতা পৰিস্থিতিগত, যিটো কথা গীতালিৰ কিতাপখনতো প্ৰতিফলিত হৈছে।’ ভাষণত হিলৈদাৰীয়ে লগতে কয় যে, গীতালিয়ে ‘ বাসনাহীনা ‘ ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা উত্থাপন কৰি কৈছে যে, ফ্ৰিজিডিটিক লৈ নন্দনতত্ব কিয় ইমান উদাসীন৷ গীতালিয়ে এই বিষয়টোলৈ বাট দেখুৱাই দিছে৷ ফ্ৰিজিডিটি কেৱল শোৱনিকোঠাৰ বিষয় নহয়; ই সমাজৰ বিষয়৷ ঔপন্যাসিকে এইটোও দেখুৱাইছে যে শৰীৰক বাদ দিওঁ ভালপোৱা সম্ভৱ৷ বাসনাহীনা নাৰীৰো যে প্ৰেমৰ অধিকাৰ আছে সেয়া তেওঁ এই উপন্যাসত দেখুৱাই দিছে৷ এইবোৰ আমাৰ সমাজৰ বাস্তৱ কথা; এইবোৰ অশ্লীল বুলি দলিয়াই দিব পৰা কথা নহয় বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত ঔপন্যাসিক গীতালি বৰাই সমাজৰ যৌনতাকেন্দ্ৰিক ধাৰণা আৰু তাৰ সৈতে জড়িত নৃশংস বাস্তৱৰ অভিজ্ঞতাৰ কথা ভাষণত উল্লেখ কৰে। উপন্যাসখন লিখাৰ আঁৰৰ তেওঁৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ কথা সদৰি কৰি গীতালি বৰাই আশা কৰে যে, অসমীয়া সাহিত্যত তেওঁৰ এই উপন্যাসখনে এটা নতুন পঠনৰ সোৱাদ দিবলৈ সক্ষম হ’ব। অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পূৰ্বায়নে উপন্যাসখন প্ৰকাশ কৰিছে। অনুষ্ঠানত পূৰ্বায়নৰ স্বত্তাধিকাৰী আৰু প্ৰকাশক অমৃত কুমাৰ উপাধ্যায়ে আদৰণি ভাষণ দিয়ে আৰু গীতালি বৰাৰ উপন্যাসখনৰ বিশিষ্টতাৰ কথা প্ৰকাশ কৰে। লেখিকা, আবৃত্তিকাৰ ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটোত তৰুণ লেখক জিণ্টু গীতাৰ্থই বাসনাহীনা উপন্যাসৰ পাতৰ পৰা কবিতা পাঠ কৰাৰ লগতে লেখক অৰ্ণৱ শইকীয়া আৰু ডঃ বিৰিঞ্চি কুমাৰ দাসেও ভাষণ দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.