সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE :পশ্চিমবংগ আৰক্ষীৰ চমন পোৱা অশোক ধানুকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী

ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সংক্ৰান্তীয় গোচৰত পশ্চিমবংগ আৰক্ষীৰ চমন লাভ কৰিছে গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাই ৷ ধানুকাক সোমবাৰে কলকাতাত চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ বাতৰি অনুসৰি , পশ্চিমবংগৰ পৰা অহা চি আই ডিৰ দলটো ধানুকাৰ ঘৰত উপস্থিত হৈছিল যদিও সেই সময়ত ধানুকাৰ ঘৰত অসম আৰক্ষীয়ে পহৰা দি আছিল ৷ উল্লেখ্য যে পশ্চিমবংগৰ চি আই ডিৰ জালত পৰিছিল ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়ক ৷ এই বিধায়ককেইজনৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছিল নগদ প্ৰায় ৫০ লাখ টকা ৷ কংগ্ৰেছ বিধায়ককেইজন বংগ আৰক্ষীৰ জালত পৰাৰ পূৰ্বে গুৱাহাটী ভ্ৰমণ কৰিছিল বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ বাতৰি অনুসৰি , গুৱাহাটীলৈ আহি তেওঁলোকে অসমৰ ব্যৱসায়ীক সাক্ষাৎ কৰিছিল আৰু এই ব্যৱসায়ীৰ জড়িয়তেই পশ্চিমবংগত তেওঁলোকক নগদ ধনখিনি দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ ঝাৰখণ্ডৰ বিধায়কৰ হাতত ধন তুলি দিছিল কলকাতাৰ লালবজাৰৰ মহেন্দ্ৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে ৷ এই ব্যৱসায়ীগৰাকীক জেৰা কৰাৰ পাছতেই অশোক ধানুকাকো চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইগৰাকী অশোক ধানুকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ৷ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ সৰ্বাধিক অংশীদাৰীত্ব থকা বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড(পূৰ্বৰ আৰ বি এছ ৰিয়েলল্টৰ্ছ প্ৰাইভেট লিমিটেড)ৰ সঞ্চালকৰ পদত আছে অশোক ধানুকা ৷ কেৱল সেয়াই নহয় , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন কোম্পানীটো উত্তৰাধিকাৰীৰ দৰে সঞ্চালকৰ পদ অশোক ধানুকাই লাভ কৰাৰ উদাহৰণ আছে ৷ অশোক ধানুকাৰ পৰিয়াল আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল কিমান ঘণিষ্ঠ , তাৰ বহু প্ৰামানিক তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিশেষ অনুসন্ধানত ৷

 

- Donation -

মুখ্যমন্ত্ৰীৰ শপতনামাৰ আঁত ধৰি উন্মোচন ধানুকাৰে থকা ব্যৱসায়িক সম্পৰ্ক

ড: হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি তেওৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা ১০ লাখ টকা ধাৰলৈ লৈছে ৷ কিন্তু পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা টকা ধাৰ ল’ব পৰাকৈ কি সম্পৰ্ক আছে ৰিণিকি ভূঞা শৰ্মাৰ ?

 

মণিপুৰৰ কোম্পেনী, সঞ্চালকৰ পদত ৰিণিকি ভূঞা শৰ্মা – কৈলাশ নাথ শৰ্মা

মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠা হৈছিল ১৯৯১ চনৰ ২৫ মাৰ্ছত ৷ কোম্পেনীটোৰ প্ৰতিষ্ঠা কালৰ সঞ্চালক কোন, সেয়া জানিব পৰা নগ’ল ৷ ৰিণিকি ভূঞা শৰ্মাই ১০ লাখ টকা ধাৰলৈ লোৱা এই কোম্পেনীটোৰ পঞ্জীয়নভুক্ত ঠিকনা হ’ল – পাওনা বজাৰ , ইম্ফল , মণিপুৰ , পিন-৭৯৫০০১৷কিন্তু টকা ধাৰলৈ লোৱাতেই পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ লগত ৰিণিকি ভূঞা শৰ্মাৰ সম্পৰ্ক শেষ হোৱা নাই ৷মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছত দাখিল কৰা তথ্য অনুসৰি ১৯৯১ চনত প্ৰতিষ্ঠা হোৱা কোম্পেনীটোত ২০০৫ চনত দুজন নতুন সঞ্চালকৰ প্ৰৱেশ ঘটে ৷ ইয়াৰে এগৰাকী আছিল ৰিণিকি ভূঞা শৰ্মা আৰু আনগৰাকী হ’ল কৈলাশ নাথ শৰ্মা ৷ প্ৰথমগৰাকী সঞ্চালক ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু আনগৰাকী তেওৰ পিতৃ ৷ ৰিণিকি ভূঞা শৰ্মাই ২০০৫ চনৰ ২৪ জানুৱাৰীত পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ দায়িত্ব লোৱাৰ বিপৰীতে কৈলাশ নাথ শৰ্মাই ২০০৫ চনৰ ৫ আগষ্টত সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে ৷ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ১৭ আগষ্ট , ২০০৫ ত পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ অথৰাইজড শ্বেয়াৰ কেপিটেল ৩ কৌটি টকালৈ বৃদ্ধি কৰে ৷

 

ৰিণিকি ভূঞা শৰ্মা সঞ্চালক হোৱাৰ পাছতেই আৰম্ভ কলকাতাৰ কোম্পেনীৰ বিনিয়োগ

ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ বছৰটোতে পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে কলকাতাৰ ১৪ টাকৈ কোম্পেনীয়ে ৷মুঠ বিনিয়োগৰ পৰিমান আছিল ৩ কৌটি ৫০ লাখ টকা ৷ ২০০৬ চনত কোম্পেনীটোৱে দাখিল কৰা এনুয়েল ৰিটাৰ্ণ অনুসৰি পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত কলকাতাৰ ৰেডিয়েন্ট মাৰ্ছেণ্ডাইজ প্ৰাইভেট লিমিটেড, এলিগেন্স ট্ৰেড এন্ড হোল্ডিংছ প্ৰাইভেট লিমিটেড, , এম এছ ভি ফিচকেল প্ৰাইভেট লিমিটেড , শ্ল’ এণ্ড চাউণ্ড ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেড , শুভ চাপ্লাইয়াৰ্ছ প্ৰাইভেট লিমিটেড , চিমপ্ৰ’ বাণিজ্য প্ৰাইভেট লিমিটেড , চাণ্ডেলিয়াৰ ট্ৰেকন প্ৰাইভেট ;লিমিটেড , দেলহাউছী ডাটামেট্ৰিক প্ৰাইভেট লিমিটেড , ইকোলেক বিনিময় প্ৰাইভেট লিমিটেড , জে এন ফিচকেল চাৰ্ভিছেছ প্ৰাইভেট লিমিটেড , সুগম কমোডিল প্ৰাইভেট লিমিটেডৰ ,. অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এন্ড ক্ৰেডিট প্ৰাইভেট লিমিটেড, দিংগো কমোডিয়েল প্ৰাইভেট লিমিটেড , চাভেৰা ডিষ্ট্ৰীবিউটৰ প্ৰাইভেট লিমিটেডে ধন বিনিয়োগ কৰিছিল ৷ কোম্পেনীটোৰ আন আন শ্বেয়াৰ হোল্ডাৰসকল আছিল ৰাজস্থানৰ ৰতনগড়ৰ কানহিয়ালা দেৰাছৰি ,পুছৰাজ দেৰাছৰি ,ৰাজস্থানৰ লাডনুনৰ গিৰধৰিলাল শৰ্মা ৷ অৰ্থাৎ মণিপুৰৰ ঠিকনা থকা পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সঞ্চালক আছিল অসমৰ প্ৰভাৱশালী ৰাজনীতিক ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পিতৃ , আন বিনিয়োগকাৰীসকল আছিল ৰাজস্থান আৰু মূলত: কলকাতাৰ ৷ ইয়াৰে ৰেডিয়েন্ট মাৰ্ছেণ্ডাইজ প্ৰাইভেট লিমিটেড,শ্ল’ এণ্ড চাউণ্ড ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেড আৰু অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এন্ড ক্ৰেডিট প্ৰাইভেট লিমিটেডৰ ঠিকনা হ’ল -৭ , মংগী লেন , প্ৰথম মহলা , কলকাতা ৷এম এছ ভি ফিচকেল প্ৰাইভেট লিমিটেড,চাণ্ডেলিয়াৰ ট্ৰেকন প্ৰাইভেট লিমিটেড,জে এন ফিচকেল চাৰ্ভিছেছ প্ৰাইভেট লিমিটেড আৰু সুগম কমোডিল প্ৰাইভেট লিমিটেডৰ ঠিকনা হ’ল – ৭১ , বি আৰ বি ৰোড , পঞ্চম মহলা , কলকাতা ৷ আনহাতে , শুভ চাপ্লাইয়াৰ্ছ প্ৰাইভেট লিমিটেড আৰু চিমপ্ৰ’ বাণিজ্য প্ৰাইভেট লিমিটেডৰ ঠিকনা হ’ল ৭১ , কানিঙ ষ্ট্ৰীট , কলকাতা ৷

 

ৰিণিকি ভূঞা শৰ্মাৰ আসনত বহিল অশোক ধানুকা , সকলো শ্বেয়াৰ ধানুকা পৰিয়াললৈ হস্তান্তৰ

পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডতো ১৪ টাকৈ কলকাতাৰ কোম্পেনীৰ ৩ কৌটি ৫০ লাখ টকা ধন বিনিয়োগৰ পাছতেই একেদিনাই সঞ্চালকৰ পদ এৰে ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই ৷ তাৰিখটো আছিল ২০১০ চনৰ ১৫ এপ্ৰিল ৷ আৰ বি এছ ৰিয়েল্টৰ্ছত ৰিণিকি ভূঞা শৰ্মাই সঞ্চালকৰ পদ এৰাৰ পাছদিনাই সঞ্চালকৰ দায়িত্বত নিযুক্ত হৈছিল ব্যৱসায়ী অশোক কুমাৰ ধানুকা ৷ একেদৰে পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই পদত্যাগ কৰাৰ দিনাই সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে এইগৰাকী অশোক কুমাৰ ধানুকাই ৷

এইবাৰ কলকাতাৰ ১৪ টা কোম্পেনীয়ে ক্ৰয় কৰা ৩ কৌটি ৫০ লাখ টকাৰ শ্বেয়াৰৰ ৩ কৌটি শ্বেয়াৰ হস্তান্তৰ হ’ল অশোক কুমাৰ ধানুকাৰ পৰিয়াললৈ ৷ পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত ২০১১ চনৰ এনুয়েল ৰিটাৰ্ণ অনুসৰি স্বাতী ধানুকা,অশোক কুমাৰ ধানুকা, , কুসুম দেৱী ধানুকা , ঘনশ্যাম দাস ধানুকা , অভিষেক ধানুকা আৰু অশোক কুমাৰ ধানুকা (কৰ্তা- অভিভক্ত হিন্দু পৰিয়াল)ৰ বৃহৎ পৰিমানৰ শ্বেয়াৰ আছে ৷ ২০১৪ চনৰ এনুয়েল ৰিটাৰ্ণত অশোক কুমাৰ ধানুকাৰ শ্বেয়াৰ পুণৰ বৃদ্ধি পোৱা দেখা গ’ল ৷ উল্লেখযোগ্য যে পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত ২০১৩ চনত অতিৰিক্ত সঞ্চালক হিচাপে নিযুক্ত হয় অশোক কুমাৰ ধানুকাৰ পুত্ৰ ঘনশ্যাম দাস ধানুকা ৷ যি ঘনশ্যাম দাস ধানুকা জি আৰ ডি ফাৰ্মাছিউটিকেলছ আৰু ঘনশ্যাম ফাৰ্মাছিউটিকেলছৰ স্বত্বাধিকাৰী ৷ কোভিডকালত অশোক ধানুকাৰ পুত্ৰ ঘনশ্যাম ধানুকাই অধিক দৰত চেনিটাইজাৰ যোগান ধৰাৰ তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে ৷

 

বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডতো ধানুকা আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰ ব্যৱসায়িক সহযোগী

মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ নথি অনুসৰি আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড গঠন হৈছিল ২০০৬ চনৰ ২৩ জুনত ৷ এই কোম্পেনীৰ সঞ্চালক আছিল ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু ঢলপুৰ কচুৱাৰ ৰঞ্জিত ভট্টাচাৰ্য ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘণিষ্ঠ বুলি পৰিচিত ৰঞ্জিত ভট্টাচাৰ্য আজিৰ তাৰিখত ৰাজ্যিক বিজেপিৰ কিষান মৰ্চাৰ উপ- সভাপতি ৷

আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ শ্বেয়াৰ ক্ৰয় কৰে কলকাতাৰ ১৭ টাকৈ কোম্পেনীয়ে ৷ ২০০৬ চনত ৰিণিকি ভূঞা শৰ্মাৰ ১ টকীয়া ৫০ হাজাৰটা , ৰঞ্জিত ভট্টাচাৰ্যৰ ১ টকীয়া ৫০ হাজাৰটা শ্বেয়াৰেৰে প্ৰতিষ্ঠা হোৱা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ২০০৭ ,২০০৮ আৰু ২০০৯ চনত ১৭ টাকৈ কলকাতাৰ কোম্পেনীৰ মুঠ ২ কৌটি ১৭ লাখ ৪৫ হাজাৰ টকাৰ শ্বেয়াৰ ক্ৰয় কৰে ৷

মন কৰিবলগীয়া কথাটো হ’ল , ২০০৬ চনত পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত বিনিয়োগ কৰা ৬ টাকৈ কোম্পেনীয়ে ২০০৭ৰ পৰা ২০০৯ চনলৈ ধন বিনিয়োগ কৰিছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ৷ এই ছটা কোম্পেনী হ’ল -ৰেডিয়েন্ট মাৰ্ছেণ্ডাইজ প্ৰাইভেট লিমিটেড,এলিগেন্স ট্ৰেড এন্ড হোল্ডিংছ প্ৰাইভেট লিমিটেড,শ্ল’ এণ্ড চাউণ্ড ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেড,ইকোলেক বিনিময় প্ৰাইভেট লিমিটেড,অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এন্ড ক্ৰেডিট প্ৰাইভেট লিমিটেড আৰু দিংগো কমোডিয়েল প্ৰাইভেট লিমিটেড ৷
ৰিণিকি ভূঞা শৰ্মাই ২০০৯ চনৰ ৮ জুন তাৰিখে আৰ বি এছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে ৷ তাৰ পাছদিনাই অৰ্থাৎ ২০০৯ চনৰ ৯ জুন তাৰিখে একেটা কোম্পেনীৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে ফাঁচীবজাৰৰ ব্যৱসায়ী অশোক কুমাৰ ধানুকাই ৷

আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ নাম পৰৱৰ্তী সময়ত অতি কৌশলেৰে সলাই পেলোৱা হয় ৷ ৰিণিকি ভূঞা শৰ্মাৰ পদত্যাগ আৰু অশোক কুমাৰ ধানুকাই নতুন সঞ্চালকৰ দায়িত্ব লোৱাৰ পাছত এই কোম্পেনীটোৰ নাম হৈ পৰে ‘বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড’ ৷ ২০১০ চনৰ ১৮ অক্টোবৰত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ নাম সলাই বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ৰখা হয় ৷ বৰ্তমান বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ ২৩.৬১ শতাংশ শ্বেয়াৰ আছে ড: হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ হাতত ৷ এজন ব্যক্তিৰ হাতত থকা এয়াই একক সৰ্ববৃহৎ শ্বেয়াৰ ৷

Leave A Reply

Your email address will not be published.