সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷ ভুৱা এনকাউণ্টাৰৰ পৰা আৰম্ভ কৰি বুলড’জাৰ ন্যায়লৈকে আৰক্ষীৰ ভূমিকাৰ ওপৰত খোদ ন্যায়ালয়েই বাৰে বাৰে প্ৰশ্ন উঠিছে৷ এইবাৰ প্ৰশ্ন উঠিছে–জনসমাগমক ৰুধিবলৈ এইদৰে আৰক্ষীয়ে জধে-মধে কন্দুৱা গেছ নিক্ষেপ কৰিব পাৰেনে? আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ এই অমানৱীয় পদ্ধতিক বহুতেই ৰাসয়নিক আক্ৰমণৰ লগতো তুলনা কৰিছে৷ কাৰণ, অবৈধ হ’লেও জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ বাবে আছে নিৰ্দিষ্ট নীতি–নিৰ্দেশনা৷ কিন্তু অসম আৰক্ষীয়ে ‘কা’ আন্দোলনৰ পৰা স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদলৈ এই নীতি নিয়মসমূহ গ্ৰহণযোগ্য বুলি ভবা নাই৷ বে–আইনী বুলি জনতাক অভিহিত কৰি নিজেই আকৌ হাতত তুলি লৈছে আইন৷

প্ৰতিবাদৰ অধিকাৰ জেনেকৈ জনতাৰ আছে, প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰো নিৰ্দিষ্ট পদ্ধতি আৰক্ষীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ ভাৰতৰ সংবিধানৰ ১৯ নং অনুচ্ছেদে জনতাক নিৰস্ত্ৰভাৱে সমাবেত হোৱাৰ আৰু নিজৰ খং, ক্ষোভ প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু এইক্ষেত্ৰত পূৰ্বৰ ভাৰতীয় দণ্ডবিধি আৰু বৰ্তমানৰ ভাৰতীয় ন্যায় সংহিতাই কিছু প্ৰতিবন্ধকতা আৰোপ কৰি থৈছে৷ ভাৰতীয় দণ্ডবিধিৰ অনুচ্ছেদ ১৪১ আৰু বৰ্তমানৰ ভাৰতীয় ন্যায় সংহিতাৰ অনুচ্ছেদ ১৮৯ত বে-আইনী সমাবেশৰ বিষয়ে উল্লেখ আছে৷

- Donation -

ভাৰতীয় ন্যায় সংহিতাৰ অনুচ্ছেদ ১৮৮ অনুসৰি, কোনো সমাৱেশক বে-আইনী ঘোষণা কৰা হ’ব যদিহে তেনে সমাৱেশৰ পৰা হিংসাৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা থাকে৷ এইক্ষেত্ৰত ন্যায়সংহিতাত স্পষ্ট বাখ্যা আছে৷ তাৰ লগতে ২০১৬ চনত ব্যুৰ’ অৱ পুলিচ ৰিচাৰ্ছ এণ্ড ডেভল’পমেণ্টে প্ৰকাশ কৰিছে এনে বে-আইনী সমা ৱেশ নিয়ন্ত্ৰণ কেনেকৈ কৰিব, সেই সন্দৰ্ভত আৰক্ষীৰ বাবে এখন হাতপুথি৷ এই হাতপুথিতেই বে-আইনী সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ নিয়মাৱলী সন্দৰ্ভত উল্লেখ কৰা হৈছে যে বে-আইনী সমাবেশ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে সমাবেত  জনতাৰ মনোবিজ্ঞান বুজি লোৱাটো আৰক্ষীৰ প্ৰাথমিক দায়িত্ব৷ সেই অনুসৰি জনতাক মানসিকভাৱে প্ৰথমতে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাব লাগিব৷ ইয়াৰ বাবে উল্লেখ কৰা হৈছে কেইটামান সুনিৰ্দিষ্ট পদ্ধতি৷ সেই পদ্ধতিসমূহ হ’ল–প্ৰথমে, জনতাক সৈমান কৰাব পৰা আহ্বান৷ যাতে সমাবেত জনতাই আৰক্ষী তেওঁলোকৰ পক্ষত থকা বুলি অনুভৱ কৰে। দ্বিতীয়তে, আৰক্ষীয়ে সমাবেত জনতাৰ শত্ৰুতাপূৰ্ণ আচৰণৰ মোকাবিলা কৰিব লাগিব নিজৰ বাকচাতুৰ্য আৰু বিনোদনমূলক ভাষাৰে৷ তৃতীয়তে, উপস্থিত থকা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আৰক্ষীয়ে নিজৰ বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিব লাগিব৷ তেনে ব্যক্তিৰ সহায়ে পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিব পাৰে৷ চতুৰ্থতে, উপস্থিত আৰক্ষী বিষয়াৰ খং–ৰাগৰ সলনি শান্ত আৰু মৌন স্থিতিয়ে জনতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ পঞ্চমতে, উত্তেজিত জনতাৰ ওচৰলৈ গৈ তেওঁলোকৰ অভিযোগ লিপিবদ্ধ কৰা৷ ষষ্ঠতে, জনতাৰ মনোযোগ আনফালে ঢাল খুৱাই৷ সপ্তমতে, জনতাক অপেক্ষা কৰোৱায়৷ সপ্তমতে, পাব্লিক এড্ৰেছ চিষ্টেমৰ সঠিক ব্যৱহাৰ কৰি৷ অষ্টমতে, জনতাক ব্যক্তিগতভাৱে তেওঁলোকৰ নাম ঠিকনা সুধি৷ নৱমতে, আৰক্ষীয়ে নিজৰ আত্মবিশ্বাস প্ৰদৰ্শন কৰি৷

এই হাতপুথিৰ মতে, যদি আৰক্ষীৰ এই মানসিক যুঁজ সফল নহয়, যদি জনতাই সকীয়নি বা পৰামৰ্শ শুনিবলৈ অস্বীকাৰ কৰে তাৰ পাছত আৰক্ষীয়ে তেনেই সামান্য বল প্ৰয়োগ কৰি জনতাক আঁতৰাই পঠিওৱাৰ পদ্ধতি ল’ব পাৰে৷ কিন্তু জীৱন আৰু সম্পত্তিৰ যাতে কোনো হানি নহয়, তাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব৷

পূৰ্বৰ চি আৰ পি চিৰ ১২৯ অনুচ্ছেদ আৰু বৰ্তমানৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৪৮ অনুচ্ছেদত এনে বে–আইনী সমাৱেশ ভংগ কৰাৰ ক্ষমতা  দণ্ডাধীশক প্ৰদান কৰা হৈছে৷

কিন্তু তাতো প্ৰয়োজনকৈ অধিক শক্তি ব্যৱহাৰ নকৰাৰ নীতিক আগত ৰাখিহে পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত ল’বলৈ কোৱা হৈছে৷

কেৱল সেয়াই নহয়, বে-আইনী সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰো আছে কেতবোৰ নিৰ্দিষ্ট বিধি৷ সেই অনুসৰি, যদি কোনো সমাৱেশ বে-আইনী হয় কিন্তু হিংসাত্মক নহয়, তেনে সমাৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শক্তি প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে৷ অতি বেছি প্ৰয়োজনতহে সামান্য বল প্ৰয়োগ কৰিব লাগে৷

২০২০ চনত আমেৰিকাত আৰক্ষীৰ হাতত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ ব্যক্তিৰ মৃত্যুৰ পাছতেই সমগ্ৰ দেশখনত জনতাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ঠায়ে ঠায়ে হিংসাত্মক হৈ পৰিছিল এই প্ৰতিবাদ৷ কোন চহৰত, কোন আৰক্ষী বিষয়াই প্ৰতিবাদ দমন কৰিবলৈ কি পদ্ধতি লৈছিল, সেই সন্দৰ্ভত নিউয়ৰ্ক টাইমছত প্ৰকাশ পায় এক প্ৰতিবেদন৷ এই প্ৰতিবেদন অনুসৰি, যিবোৰ চহৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে ইতিবাচক সম্পৰ্ক গঢ়ি তুলিছিল, তাত প্ৰতিবাদ হিংসাত্মক হোৱা নাছিল৷ উদাহৰণ স্বৰূপে পিটাৰ্ছবাৰ্গত আৰক্ষী বিষয়া কেনেথ মিলাৰ আৰু আন বিষয়াসকলে প্ৰতিবাদকাৰীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে৷ সেই চহৰত হিংসাৰ সূচনা হোৱা নাছিল৷

ওলাকহোমাত প্ৰতিবাদকাৰীসকল উগ্ৰ হৈ উঠা দেখি আৰক্ষী বিষয়াসকলে আঁঠু লৈ ক্ষমা বিচাৰে৷ তাৰ পাছত প্ৰতিবাদকাৰীৰ সৈতে কৰমৰ্দন আৰু আলিংগন কৰে৷

আমেৰিকান আৰক্ষীৰ ক্ষমা বিচৰাৰ এই ফটোখন বিশ্বব্যাপী চৰ্চিত আৰু প্ৰশংসিত৷ সমগ্ৰ বিশ্বতে আৰক্ষীৰ আচাৰ আচৰণ দিনে দিনে আধুনিক, মানৱীয় আৰু সংবেদনশীল হৈ গৈ আছে৷ ইয়াৰ বিপৰীতে অসম আৰক্ষী দিনে দিনে পশ্চাদমুখী হৈ গৈ আছে৷ আৰক্ষী মানুহ হৈ আছেনে বুলিও প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বাবে জগৰীয়া হ’ব কোন?

Leave A Reply

Your email address will not be published.