তামিলনাডু বিধানসভাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ বাতিল কৰিবলৈ আৰু সাম্প্ৰদায়িক একতা তথা সম্প্ৰীতি ৰক্ষা কৰিবলৈ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক বিশেষ প্ৰস্তাৱ গৃহীত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰস্তাৱ দাখিল কৰাৰ পূৰ্বে কৈছিল যে কেন্দ্ৰই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এনপিআৰ) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰস্তুত কৰাৰ বাবে নিৰ্ধাৰণ কৰা কৰ্মসূচীও সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে। তেওঁ লগতে কয় যে নাগৰিকত্ব সংশোধনী আইনে শ্ৰীলংকাৰ তামিল শৰনাৰ্থী সকলক বিশ্বাসঘাটকতা কৰিছে। যদি বাংলাদেশ, পাকিস্তান কিম্বা আফগানিস্তানৰ পৰা শৰনাৰ্থী আহিব পাৰে তেন্তে শ্ৰীলংকাৰ পৰা কিয় নোৱাৰে? কেন্দ্ৰীয় চৰকাৰে শৰনাৰ্থী সকলৰ কথা চিন্তা কৰাটো দূৰৰ কথা তেওঁলোকক বিশ্বাসঘাটহে কৰিলে।
তামিলনাডু বিধানসভাই গৃহীত কৰা প্ৰস্তাৱত কোৱা হৈছে যে CAA সংবিধানৰ আত্মাৰ বিৰোধী আৰু এই আইনে ভাৰতীয় জনসাধাৰণক বিভাজিত কৰিব।
তামিলনাডু বিধানসভাত CAA বিৰোধী প্ৰস্তাৱ গৃহীত কৰোতে মুখ্য বিৰোধী দল All India Anna Dravida Munnetra Kazhagamৰ সদস্য সকল অনুপস্থিত আছিল। এই প্ৰস্তাৱৰ বিৰোধীতাৰে বিজেপি দলৰ সদস্য সকলেও বিধানসভা ত্যাগ কৰিছিল। বিজেপি বিধায়ক সকলৰ মতে CAAৰ লগত মুছলমান সকলৰ কোনো সম্পৰ্ক নাই।
এই ক্ষেত্ৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কয় যে CAAই দেশৰ সৰু-বৰ সম্প্ৰদায় সমূহক প্ৰভাৱিত কৰিছে আৰু দেশৰ জনগণৰ মনত শংকাৰ সৃষ্টি কৰিছে। গতিকে কেন্দ্ৰই CAA বাতিল কৰিব লাগে।
CAAৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰা তামিলনাডু হৈছে দেশৰ অষ্টম খন ৰাজ্য। উল্লেখ্য যে CAAৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে কেৰেলা আৰু প্ৰথমটো কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে পণ্ডিচেৰী।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.