সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

UPA-NDAৰ পিছত এইবাৰ দেশত গঠন হ’ব নেকি তৃতীয় মৰ্চা?

কংগ্ৰেছ নেতৃত্বাধীন UPA আৰু বিজেপি নেতৃত্বাধীন NDAৰ পিছত এইবাৰ দেশৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অ-কংগ্ৰেছী বিৰোধী দলবোৰে কৃষি আইন বিৰোধী আন্দোলন আৰু জাতি ভিত্তিক লোকপিয়ল (Caste Based Census)কে ধৰি কেটবোৰ বিষয়ত একত্ৰিত হৈ সহমত পোষণ কৰিবলৈ চেষ্টা কৰি আছে। সম্ভাৱ্য তৃতীয় মৰ্চা গঠনেৰে হাতত হাত ধৰি আগুৱাই যাবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, শিৰোমনি আকালি দলৰ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দৰে চৰ্চিত ৰাজনৈতিক ব্যক্তিত্ব। আমোদজনক ভাৱে সংযুক্ত তৃতীয় মৰ্চা গঠন কৰাৰ বাবে যি কৰ্মসূচী গ্ৰহণ কৰা হৈছে তালৈ বিজেপিৰ এটা সহযোগী দল জেডি(ইউ)ৰ নেতা তথা NDA চৰকাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো মাতি পঠোৱা হৈছে।

Leave A Reply

Your email address will not be published.