Investigative reporting with dedication.

অৱশেষত উদ্ধাৰ কৰা হল নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত পৰিয়াল আৰু আৰক্ষীৰ। তিনিদিনৰ অন্তত উদ্ধাৰ হল মৃতদেহ। সোঁহাতৰ আঙুঠিৰ পৰা চিনাক্ত কৰিছে পৰিয়ালে। জেপত উদ্ধাৰ হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। শুক্ৰবাৰে বিয়লি বিশ্বনাথ ঘাটতে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ বেগ। বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নাওবৈচাৰ ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত।




