মাহ আগষ্ট 2020

আমেৰিকাৰ উপ ৰাষ্ট্রপতি পদত প্ৰথমবাৰলৈ ভাৰতীয় মূলৰ প্ৰাৰ্থী

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থাকোতে দেশখনৰ ডেম’ক্ৰেটিক পাৰ্টিয়ে তেওঁলোকৰ উপ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ভাৰতীয় মূলৰ কমলা হৰিছক। ইয়াৰ লগে লগে কমলা হৰিছ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথম গৰাকী ভাৰতীয়…

‘ৰাম’ নহয় এইবাৰ ‘পৰশুৰাম’ক লৈ উত্তপ্ত উত্তৰ প্ৰদেশৰ ৰাজনীতি

উত্তৰ প্ৰদেশ ৰাজ্যখনৰ ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান আছে। প্ৰায় ৮০ জনকৈ সাংসদ লোকসভাৰ মজিয়ালৈ পঠিওৱা ৰাজ্য খনৰ ৰাজনীতিয়ে সেয়েহে প্ৰভাৱ পেলাই সমগ্ৰ দেশৰ ৰাজনীতিতে। উত্তৰ প্ৰদেশৰেই অযোধ্যাত ৯০ৰ দশকত ৰাম জন্মভূমি আন্দোলনৰ মাজেৰেই বিজেপিয়ে কেন্দ্ৰ চৰকাৰ বনাবলৈ সক্ষম হৈছিল।…

পৈত্তিক সম্পত্তিৰ ওপৰত কন্যাৰো থাকিবা সমান অংশীদাৰ-উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

আজি উচ্চতম ন্যায়ালয়ে পিতৃৰ মৃত্যুৰ পাছত পুত্ৰৰ লগতে কন্যাও সম্পত্তিৰ সমান অংশীদাৰ হ’ব বুলি এক ঐতিহাসিক ৰায় দান কৰিছে। মহামান্য ন্যায়ালয়ৰ তিনি গৰাকী ন্যায়ধীশৰ বিচাৰপীঠে কয় যে হিন্দু উত্তৰাধিকাৰ(সংশোধন)আইন ২০০৫ বলবৎ হোৱাৰ আগতে পিতৃৰ মৃত্যু হ’লেও, কন্যাই মাক-পিতাকৰ সম্পত্তিৰ অধিকাৰ…

অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বত…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ কৰিলে এই প্ৰতিষেধক

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে। ৰাছিয়াৰ Gamaleya ইনষ্টিটিউটযে প্ৰস্তুত কৰি উলিওৱা এই…

নগা চুক্তি: দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ আলোচনা

যোৱা প্ৰায় ৮ মাহ ধৰি স্থৱিৰ হৈ থকা NSCN-IM আৰু গৃহ মন্ত্ৰালয়ৰ মাজত নগা চুক্তি সম্পৰ্কে আলোচনা আজিৰ পৰা পুনৰ নতুন দিল্লীত আৰম্ভ হৈছে।আজি আৰম্ভ হোৱা বৈঠকখন দৈনিক হিচাপত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই তৎপৰতা কেন্দ্ৰীয়…

আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ’ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ’ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে। উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ’ৰ পৰা টাইটল…

অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ

বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত। জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি। কোনফিডেৰেছন অফ ইণ্ডিয়ান…

ৰাজস্থান সংকটৰ অন্ত: শচীন পাইলটৰ ঘৰ বাপচী

যোৱা প্ৰায় কিছুদিন ধৰি চলি থকা ৰাজস্থানৰ ৰাজনৈতিক সংকট অন্ত হোৱাৰ দিশে আগবাঢ়িছে। কিছু সময় পূৰ্বে শচীন পাইলটে লগ ধৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। গান্ধী পৰিয়ালৰ লগত হোৱা এই মিটিংৰ পাছতে পাইলট কেম্পৰ বিধায়ক সকলে ৰাজস্থানৰ মুখ্য মন্ত্ৰী…

এবছৰ ধৰি হাইকামাণ্ড বিহীন কংগ্ৰেছ, গান্ধী পৰিয়ালৰ হাতৰ পৰা যাব নেকি কংগ্ৰেছৰ বাঘজৰী?

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ হেঙঅ’ভাৰৰ পৰা যেন এতিয়াও উঠিবই পৰা নাই কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পিছতে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰা পিছতো যোৱা ১ বছৰ দিন ধৰি দলটোৱে নিৰ্বাচন কৰিব পৰা নাই পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ। যোৱা…