আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

Share This Article

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ’ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ’ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে।

উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ’ৰ পৰা টাইটল স্পনছ’ৰ লোৱাক কেন্দ্ৰ কৰি বি ছি ছি আই য়ে যথেষ্ট সমালোচনা সন্মুখীন হ’ব লগা হৈছিল। ইয়াৰ পিছতে আই পি এল কৰ্তৃপক্ষই চীনা কোম্পানীৰ স্পনছ’ৰ নোলোৱাৰ সিদ্ধান্ত লয়। গতিকে এনে এক প্ৰক্ষাপটত পতঞ্জলিয়ে স্পনছ’ৰৰ বাবে আগবাঢ়ি অহাটোৱে বহুতৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে।

চীনা কোম্পানীৰ স্পনছৰৰ পৰা মুক্ত কৰি পতঞ্জলিয়ে এইবাৰ আই পি এলক কৰিব নেকি প্ৰধান মন্ত্ৰীয়ে কৈ থকাৰ দৰে ‘আত্মনিৰ্ভৰ’!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.