এবছৰ ধৰি হাইকামাণ্ড বিহীন কংগ্ৰেছ, গান্ধী পৰিয়ালৰ হাতৰ পৰা যাব নেকি কংগ্ৰেছৰ বাঘজৰী?

Share This Article

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ হেঙঅ’ভাৰৰ পৰা যেন এতিয়াও উঠিবই পৰা নাই কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পিছতে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰা পিছতো যোৱা ১ বছৰ দিন ধৰি দলটোৱে নিৰ্বাচন কৰিব পৰা নাই পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ।

যোৱা কিছুদিন পূৰ্বে দলটোৰ ৰাজ্য সভা আৰু লোকসভাৰ সাংসদ সকলৰ লগত ৰাহুল গান্ধীক পুনৰ কংগ্ৰেছ অধ্যক্ষ পদত নিয়োজিত কৰাৰ প্ৰসংগত বৈঠক অনুস্থিত হৈছিল যদিয়ো দলীয় সূত্ৰ অনুসৰি এই বিষয়ত এই পৰ্যন্ত কোনো সহমতত উপনীত হ’ব পৰা নাই দলটো।

শেহতীয়াকৈ হিন্দুস্তান টাইমছৰ প্ৰাক্তন ৰাজনৈতিক সম্পাদক পঙ্কজ ভহৰাই তেওঁৰ এক লেখাত প্ৰকাশ কৰা অনুসৰি ৰাজ্যসভাৰ সাংসদ সকলৰ লগত হোৱা বৈঠকত জ্যেষ্ঠ আৰু কণিষ্ঠ কংগ্ৰেছী সকলৰ মাজত ৰাহুল গান্ধীৰ কংগ্ৰেছ অধ্যক্ষ হিচাপে প্ৰত্যাৱৰ্তনক লৈ দ্বিমত প্ৰকাশ পাইছে।

প্ৰায় চাৰি দশক জুৰি কংগ্ৰেছ দলৰ ৰাজনৈতিক পৰিক্ৰমা সম্পৰ্কে লেখা মেলা কৰি থকা সাংবাদিকজনে আৰু কয় যে কংগ্ৰেছৰ ৰাজ্য সভাৰ জ্যেষ্ঠ সকল ৰাহুলৰ প্ৰত্যাৱৰ্তনৰ সপক্ষে নহয়।

লেখাটোত তেখেতে জনোৱা অনুসৰি ছোনিয়া গান্ধীৰ অৱশ্যে ৰাহুল গান্ধীক হে কংগ্ৰেছ অধ্যক্ষ পতাৰ মন।কিন্তু ৰাহুল গান্ধীক লৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা সকলৰ দ্বিধাগ্ৰস্ততাৰ বাবে এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত চর্চা লাভ কৰিছে গান্ধী পৰিয়ালৰ পৰিয়ালৰ বাহিৰৰ দুটা নাম-কমল নাথ আৰু ভূপেন্দ্ৰ সিঙ হুদা।

যিহেতু যোৱা বছৰ পদত্যাগৰ সময়ত ৰাহুল গান্ধীয়েও গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো নেতাক কংগ্ৰেছৰ নেতৃত্ব লবলৈ আহ্বান জনাইছিল, এতিয়া দলটোৰ মাজত চর্চা চলিছে এনে নেতাৰ নাম।

বহুল ভাৱে চৰ্চিত হোৱা আন এটা নাম হৈছে অশোক গেহলট। অৱশ্যে গেহলট নিজেই তেখেতৰ চৰকাৰ বচোৱাত ব্যস্ত থাকিব লগা হোৱাৰ বাবে এই ক্ষেত্ৰত দলৰ জ্যেষ্ঠ নেতা সকল এতিয়াও কোনো সিদ্ধান্তত আহিব পৰা নাই।

প্ৰায় এবছৰ দিন কংগ্ৰেছ অধ্যক্ষ নিৰ্বাচন কৰিব নোৱাৰা বিষয়টোৱে দলটোৰ একাংশ শীৰ্ষ নেতৃত্বকো চিন্তিত কৰি তুলিছে। দলটোৱে শেহতীয়াকৈ মুখ ঠেকেছা খাবলগা হোৱা মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ সংকটৰ বাবেও একাংশ দলীয় নেতাই হাইকামাণ্ডৰ অভাৱক জগৰীয়া কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.