অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

Share This Article

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক দুই সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে বিষয়টো গুৰুতৰ বুলিও মন্তব্য কৰে।

শুনানিৰ সময়ছোৱাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে ILP প্ৰত্যাহাৰৰ জাননীখনৰ অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ বিচৰাত মুখ্য ন্যায়াধীশে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নোহোৱাৰ কাৰণ দৰ্শাই তেনে নিৰ্দেশ দিয়াৰ পৰাৰ বিৰত থাকে। কিন্তু অসমৰ বেলিকা আইনখন পৃথককৈ বিশ্লেষণৰ পোষকতা কৰে মুখ্য ন্যায়াধীশে।

আনহাতে, AJYCPক প্ৰতিনিধিত্ব কৰি অধিবক্তা ৰুণা ভূঞাই কেন্দ্রই নিজৰ মতামত দাখিল নকৰাৰ বিষয়টো উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ে তাৰ পিছত কেন্দ্ৰক দুই সপ্তাহৰ ভিতৰত মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ILP থকা ৰাজ্যসমূহত CAA প্ৰযোজ্য নহয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.