মাহ আগষ্ট 2020

সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব ‘বাৰ’ সমূহ।   অৱশ্যে…

বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ

বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই। কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক জনায়। অইল ইণ্ডিয়াই বিশেষজ্ঞৰ কমিটিখনে…

পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন

“জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক জনমতৰ ভাৱ জগাই তোলাত এই চৰ্চাবোৰ অপাৰগ। এনে প্ৰেক্ষাপটতেই আনন্দি চাৰণৰ…

EIA ৰ খচৰাৰ ভিত্তিত চূড়ান্ত কোনো জননী দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে-উচ্চ ন্যায়ালয়

বিতৰ্কিত EIA ৰ খচৰাৰ সম্পৰ্কত এক শুনানি প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত কোনো চূড়ান্ত জননী দিব নোৱাৰিব পৰিবেশ মন্ত্ৰালয়ে। EIA খচৰা সকলো আঞ্চলিক ভাষাত প্ৰকাশ কৰি ব্যাপক প্ৰচাৰ কৰা আৰু মতামত প্ৰদানৰ শেষ তাৰিখ…

নিযুক্তিৰ অনিয়মে বিপদ মাতিছে মন্ত্ৰী ভৱেশ কলিতাৰ : ৰঙিয়াত এইবাৰ কাৰ নজৰ?

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা কোম্পেনীটো ৷ জলসিঞ্চন…

নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ। ২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা। এই অভিযোগ আনিছে চাকেত গ’খালে নামৰ RTI কৰ্মী এজনে।টুইটাৰ যোগে…

সাম্প্ৰতিক (২): শত্ৰু কোন?

“দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময় সমাগত। বুৰ্জোৱা শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে…

দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?

দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ’ম আইচ’লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- “দিল্লী মডেল”। জানিব পৰা মতে দিল্লীত মুঠ কৰোনা আক্ৰান্তৰ ৫০%…