নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

Share This Article

শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ।

২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা।

এই অভিযোগ আনিছে চাকেত গ’খালে নামৰ RTI কৰ্মী এজনে।টুইটাৰ যোগে প্ৰকাশ কৰা তথ্য অনুসৰি বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি ২০১৯ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দলটোৱে ব্যৱহাৰ কৰিছিল শেহতীয়া কৈ নিষিদ্ধ হোৱা ‘UC Web Mobile’ নামৰ চীনৰ কোম্পানীটোক।

আৰ টি আই কৰ্মী জনৰ অনুসৰি ২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা আন এটা কোম্পানী Gamma Gaana Ltd ৰো আছে চীনৰ সৈতে সম্পৰ্ক। Gamma Gaana Ltd নামৰ কোম্পানীটো আচলতে চীনা কোম্পানী Tancent ৰে অংশ।

তৃতীয়টো চাইনীজ কোম্পানী যাক বিজেপিয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল, সেইটো হৈছে ShareIT। উল্লেখ যোগ্য যে উক্ত কোম্পানীটোকো ভাৰতৰ তথ্য চীনক যোগান ধৰাৰ সন্দেহত ভাৰত চৰকাৰে কিছুদিন আগতে নিষিদ্ধ ঘোষণা কৰিছিল।

ভাৰতীয় লোকৰ তথ্য চীনা চৰকাৰক যোগান ধৰাৰ সন্দেহত নিষিদ্ধ হোৱা এই কোম্পানী সমূহৰ লগত বিজেপি দলৰ লেনদেনৰ এই খবৰে সচেতন মহলত যথেষ্ট চর্চা লাভ কৰিছে। প্ৰশ্ন হয় ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই কোম্পানী কেইটাৰ লগত বিজেপিৰ কেৱল নিৰ্বাচনী সম্পৰ্কই আছিল নে ইয়াত জড়িত হৈ আছে আন বহুতো লেনদেন ? আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা বিজেপিয়ে ইয়াৰ উত্তৰ দিবনে?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.