EIA ৰ খচৰাৰ ভিত্তিত চূড়ান্ত কোনো জননী দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে-উচ্চ ন্যায়ালয়

Share This Article

বিতৰ্কিত EIA ৰ খচৰাৰ সম্পৰ্কত এক শুনানি প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত কোনো চূড়ান্ত জননী দিব নোৱাৰিব পৰিবেশ মন্ত্ৰালয়ে।

EIA খচৰা সকলো আঞ্চলিক ভাষাত প্ৰকাশ কৰি ব্যাপক প্ৰচাৰ কৰা আৰু মতামত প্ৰদানৰ শেষ তাৰিখ বৃদ্ধিৰ বাবে কৰা এখন ৰাজহুৱা স্বাৰ্থ জনীত আবেদনৰ শুনানিত উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।

ইয়াৰ লগে লগে অহা EIA ৰ সম্পৰ্কে মতামত প্ৰেৰণ কৰাৰ যি পূৰ্বৰ ১১ আগষ্টৰ যি সময় সীমা আছিল তাৰ বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখযোগ্য যে EIA ৰ খচৰাখন পৰিবেশ কৰ্মী সকলৰ লগতে দেশৰ সচেতন মহলে পূৰ্বৰ পৰা তীব্ৰ বিৰোধিতা কৰি আহিছিল। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতো বহুতেই EIA ক সম্পদ লুন্ঠনৰ এক আহিলা হিচাপে চিহ্নিত কৰিছিল। অন্যহাতেদি কেন্দ্ৰীয় চৰকাৰে এই সমালোচনা সমূহ আওকান কৰাই নহয় বিৰোধিতা কৰা সকলক কঠোৰ ভাবে দমনৰো প্ৰচেষ্টা কৰিছিল। এনে এক প্ৰক্ষাপটত উচ্চ ন্যায়ালয়ৰ এই ৰায়ে পৰিবেশ কৰ্মী সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে খচৰা খন সম্পৰ্কে জন সচেতনতা বৃদ্ধিটো সহায় কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.