সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন

“জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক জনমতৰ ভাৱ জগাই তোলাত এই চৰ্চাবোৰ অপাৰগ। এনে প্ৰেক্ষাপটতেই আনন্দি চাৰণৰ লেখাটো ভাষান্তৰ কৰা হ’ল। লেখাটোৰ কিছুমান কথাই অৱশ্যেই বিতৰ্কৰ অৱতাৰণা কৰিব পাৰে। কিন্তু এই লেখাই উত্থাপন কৰা কথা কিছুমানে গোটেই জনস্বাস্থ্যৰ সমাস্যাটোকেই অন্য এক দৃষ্টিভংগীৰ পৰা প্ৰোজ্জ্বল কৰি তুলিছে”-হিমালয় বৰা

—মুল লেখা-আনন্দি চাৰণ

- Donation -

—অসমীয়া ভাষান্তৰ- হিমালয় বৰা

হিমালয় বৰা

 

“বিংশ শতিকাত চৰম সম্পত্তিৰ ধাৰণাবোৰ নোহোৱা হৈ গ’ল। তাৰ ঠাইত পেছাদাৰী সেৱাৰ ওপৰত ভিত্তি কৰি সম্পত্তিৰ এক চৰ্তসাপেক্ষ ধাৰণাই গঢ় লৈ উঠিল। ইয়ে মালিকানাৰ খাপ-জখলাত চামে-চামে মধ্যভোগী দালাল বা হিতাধিকাৰী কিছুমানৰ জন্ম দিলে। এই ব্যৱস্থাটোৱেই পুনৰবাৰ সাম্ভাব্য মালিকানাৰ শোষনৰ পিনে গতি কৰিছে।“-The Rise of Professional Society in England since 1880 নামৰ কিতাপখনত হেৰল্‌ড পাৰকিনে এই কথাই লিখিছে। তেওঁ Times Higher Education Supplement ৰ সেই সময়ৰ সম্পাদক পিটাৰ স্কটৰ উদ্ধৃতি দাঙি ধৰিছে এনেদৰে- “মানৱ সমাজত তাৰ পৰিনামবোৰৰ কথা নাভাবি যেতিয়া পেছদাৰী প্ৰয়োগবাদে বৈজ্ঞানিক প্ৰগতিৰ অনৈতিক, যন্ত্ৰৱত্‌ দৰ্শন অনুসৰণ কৰিছিল, দুৰ্বোধ্য বৌদ্ধিক সমাজে তেতিয়া বাস্তৱ দুনিয়াৰ কথাবোৰ এৰি আত্ম-মগন দুনিয়া এখনত সোমাই পৰিছিল। এই বৌদ্ধিক বিফলতাৰ আঁৰত এক গভীৰ নৈতিক বিফলতাৰ কথাও জড়িত হৈ আছে। ই একধৰনে আধুনিক সমাজকেই প্ৰত্যাখান কৰিছে, ইয়াৰ ৰাজনৈতিক, বৌদ্ধিক আৰু নৈতিক গাঁঠনিবোৰ খুলি দিছে। এই যে পেছাদাৰীসকলৰ প্ৰতি বিৰোধ উপজিছে, সেয়া পেছাদাৰীসকলে অবোধ সাধাৰন জনতাই তেওঁলোকৰ বাৰ্তাবোৰ বুজি পাবলৈ সক্ষম নহয় বুলি কৰা সামূহিক অনূকম্পাৰেই ফচল।“

বিজেপিএ ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনত বিভিন্ন জাতিৰ লোকৰ ভোট একেলগ কৰি নিৰ্বাচন জিকোতে এই বিৰোধভাসেই দেখা পোৱা গৈছিল। এই বিভিন্ন জাতিৰ ভোটৰ সমাহাৰ স্বাভাৱিকতেই নতুন আছিল। এনে জাতিসমূহক সাধাৰনতেই ব্যক্তিগত কিম্বা ৰাজহূৱা সম্পদ লুন্ঠনৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু এনে দাবীও কৰা হৈছিল যে তেওঁলোকৰ পাৰ্টি কংগ্ৰেছৰ পেছাদাৰী এলিটৰ কাৰনে অস্পৃস্য। তেওঁলোকে কংগ্ৰেছৰ ভদ্ৰলোক, বাবুগিৰি, ব্ৰাহ্মণ, আগবঢ়া জাতি, শিক্ষিত এলিটক দুৰ্নীতিৰ দ্বাৰা লাভান্বিত হোৱা বুলি অভিযোগ আনিছিল আৰু তেওঁলোকৰ পাৰ্টিৰ সদস্যবোৰক বিভিন্ন সুযোগ-সুবিধা লাভৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি কৈছিল। এতিয়া ক’ৰ’না সংকটৰ সময়ত বিজেপিৰ নিজৰ দলৰ সদস্যবোৰেই নিজক পেছাদাৰী সামন্ত-মালিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগা আমি দেখি আছো। ভাৰত এখন পূৰ্ণৰূপৰ পেছদাৰী সমাজ নহয়, কিন্তু পেছদাৰী সমাজ গঢ়ি উঠিব ধৰা প্ৰভাৱৰ দ্বাৰা গণতন্ত্ৰ গঢ় লৈ আছে আৰু গণতান্ত্ৰিক ৰাজনীতিৰ ক্ষতি কৰি থকা হৈছে। পেছদাৰী সমাজ এখনৰ মূল কাঠামোগত নৈতিক বিফলতাসমূহেই ভাৰততো পুনৰুৎপাদিত হৈ আছে।

ক’ৰ’না মহামাৰীৰ সময়ত ঘটা তিনিটা কথাই গণতন্ত্ৰৰ ওপৰত পেছাদাৰী সামন্ত-মালিকানাৰ কু-প্ৰভাৱ উদঙাই দিয়ে। প্ৰথমে-ইন্টাৰনেট আৰু মোবাইল ফোনৰ জৰিয়তে অন্য চৰকাৰ যেনে চীনৰ চৰকাৰে কেনেকৈ লক্‌ডাউন কৰিছে সেয়া দেখা পোৱা গৈছে। ভাৰতৰ চৰকাৰকে ধৰি বিশ্বৰ অন্য চৰকাৰবোৰে ক’ৰ’না মহামাৰীয়ে আনি দিয়া স্বৈৰাচাৰী শাসন আৰু লক্‌ডাউনৰ সুযোগ অনিবাৰ্যভাবে গ্ৰহন কৰিলে। আচলতে বিভিন্ন অধ্যয়নে দেখুৱাইছে যে কোনো এখন দেশত লক্‌ডাউন পালন কৰা নকৰা কথাটোৱে ভাইৰাছৰ গতি-বিধিৰ কোনো পাৰ্থক্য আনিব নোৱাৰে। উদাহৰনস্বৰুপে ইংলেণ্ডে লক্‌ডাউন পালন কৰিছিল, কিন্তু ছুইডেনে লক্‌ডাউন পালন কৰা নাছিল, অথচ দুয়োখন দেশতে মৃতকৰ সংখ্যা আৰু আক্ৰান্তৰ সংখ্যাৰ উঠা-নমা একে আছিল। কিন্তু লক্ষ্য কৰিব লগীয়া কথাটো হ’ল- মহামাৰী নিয়ন্ত্ৰণৰ চাইনীজ মডেলটো ইখন দেশৰপৰা আন এখন দেশলৈ বিয়পি পৰিছিল বিশ্ব-বিয়াপি থকা পেছাদাৰী শ্ৰেণীটোৰ পৰস্পৰ সমৰ্থনৰ পৰা। আৰু এই মডেলটো জনসাধাৰনৰ কাৰনে উপযোগী হ’ব নে নহয় সেয়া মুঠেও বিচাৰ্যৰ বিষয় নাছিল। গতিকে, ক’ব পাৰি যে এই ঘটনাটোৱেই ক’ৰ’নাকালত স্বাস্থ্যৰ বহূজাতিক পেছাদাৰী নিয়ন্ত্ৰণ বিভৎসতাৰ প্ৰথমটো উদাহৰণ।

দ্বিতীয়তে- সকলো স্থানীয় জনসাধাৰনেই ক’ৰ’নাৰ দ্বাৰা সমানে আক্ৰান্ত হোৱা নাই। যদিহে প্ৰত্যেকটো স্থানীয় গাওঁ পঞ্চায়ত বা টাউন ৱাৰ্ডে নিজৰ নিজৰ ধৰনে মহামাৰী নিয়ন্ত্ৰণ কৰিলেহেঁতেন, তেন্তে আমি এক সুকীয়া ধৰণৰ স্বাস্থ্যসেৱা দেখিলোহেঁতেন। গতিকে বিশ্বৰ প্ৰতিজন মানুহকে চুই যোৱা এটা সাৰ্বজনীন বিষয় হিচাপে স্বাস্থ্যৰ বহূজাতিক পেছাদাৰী পৰিচালনাই সৰ্বশেষত লাখ লাখ মানুহৰ কাৰনে বিপৰ্যয়হে নমাই আনিলে। আমি পেছাদাৰীৰ হাতৰ মুঠিত আৱদ্ধ। এই মহামাৰী কেনেকৈ পৰিবৰ্ধিত হয় তাক নিয়ন্ত্ৰণ কৰাতেই এওঁলোকৰ স্বাৰ্থ জড়িত হৈ আছে। চৰকাৰৰ নিত্য পৰিৱৰ্তনীয় কাম-কাজত এওঁলোকৰ অবাধ বিচৰণ। সেয়েহে কেৱল মাত্ৰ এই ক’ৰ’না কালতেই নহয় অন্য দূৰ্দ্দশা বা যন্ত্ৰণা-ভোগৰ সময়তো আমি একেলগে বাস্তৱসন্মত, ব্যক্তিগতভাৱে যা-জোগাৰ কৰা পৰিচৰ্যা আগবঢ়াবলৈ সক্ষমতা হেৰুৱাই পেলাইছো।

তৃতীয়তে- ওপৰৰ কথাখিনিৰ আঁতধৰি ক’ব পাৰি যে যিহেতুকে পেছাদাৰীসকলে তেওঁলোকৰ কৌশলে জনসাধাৰণৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ কথাৰ পৰোৱাই নকৰে আৰু কেৱল মাত্ৰ পৰিস্থিতিটোৰ পৰা আহৰণ কৰিব পৰা মৃত-পুঁজিৰ ওপৰতহে তেওঁলোকৰ মনযোগ আবদ্ধ, তেওঁলোকৰ ক’ৰ’না পলিচিয়ে যিয়েই চোৱে সেয়াই মৃত-পুঁজিলৈ ৰুপান্তৰ হয়, যিটো জনসাধাৰণৰ কাৰণে অদৰকাৰী বস্তু।

গতিকে, ২০২০ৰ ক’ৰ’না মহামাৰীত জনসাধাৰন তিনি ধৰণৰ মহাসংকটত জুৰুলা হৈছে- এক-পেছাদাৰী সকলৰ দ্বাৰা স্বাস্থ্যৰ অপহৰণত জীয়াতু ভুগিছে, দুই-লকডাউনে পেলোৱা প্ৰভাৱৰ প্ৰতি তেওঁলোকৰ ঔদাসীন্যই আমাক জুৰুলা কৰিছে, আৰু তিনি-ক্ৰমাগতভাৱে অব্যাহত থকা মৃত-পুঁজি উৎপাদনে গণতন্ত্ৰৰ ওপৰত পেলোৱা কু-প্ৰভাৱৰ সৈতেও আমি মোকাবিলা কৰিব লগীয়া হৈছে।

গতিকে আমি নিজকে নিজে সোধা উচিত- স্বাস্থ্যখণ্ডৰ বৰ্তমানৰ অৱস্থা, লকডাউন আৰু এক ভাৰ্চুৱেল চৰকাৰৰ প্ৰতি যি বিৰোধ গঢ়ি উঠিছে তাৰ ভিত্তিতেই আমি একধৰনৰ জনসাধাৰণৰ আন্দোলন গঢ়ি তুলিব নোৱাৰো নে, যিয়ে এনেকুৱা যিকোনো পাৰ্টিকেই সমৰ্থন কৰিব যি বৰ্তমানতকৈ সম্পূৰ্ণ বেলেগ ৰাজনৈতিক প্ৰশ্ন কিছুমান তুলি ধৰিবলৈ সক্ষম হয়। প্ৰকৃত দগাবাজসকল অৰ্থাৎ পেছাদাৰী সকলক চিনি উলিয়াই আমি আমাৰ আচল ৰাজনৈতিক শত্ৰুক ধ্বংস কৰাৰ কৌশল উলিয়াব লাগে যাতে আমি বিচৰা ধৰণৰ আৰু আমাৰ প্ৰয়োজনৰ ৰাজনৈতিক ব্যক্তি কিছুমানৰ কাৰনে পথবোৰ নিস্কণ্টক হৈ পৰে। পেছাদাৰী সমাজৰ সলনি আমাক গণতান্ত্ৰিক সমাজ লাগে। গাওঁ পঞ্চায়ত বা নগৰ পালিকা সমূহৰ নিৰ্বাচিত প্ৰতিনিধি, গাওঁসভা বা ৰাইজৰ মেল-মিটিঙো শক্তিশালী হ’ব লাগিব যাতে যিকোনো ধৰণৰ জৰুৰী স্বাস্থ্য সংকট বা প্ৰত্যেকজন মানুহে ভুগি থকা লেথেৰীনিচিগা স্বাস্থ্য সমস্যাবোৰৰ সমাধানৰ বাবে থকা স্থানীয় জনস্বাস্থ্যৰ বাজেট আদি গণতান্ত্ৰিক ভাৱে নিয়ণন্ত্ৰন কৰাৰ পদ্ধতি কিছুমান উলিয়াব পৰা যায়। এনেকেই আমি হেৰল্‌দ পাৰ্কিনে ৫০ বছৰৰ আগেয়ে চিনি উলিওৱা গণতন্ত্ৰৰ অভিশাপৰূপী মালিকানাৰ খাপ-জখলাত থকা আন্ত:ৰাষ্ট্ৰীয় মধ্যভোগী দালাল বা হিতাধিকাৰীবোৰক দলিয়াই পেলাব পাৰো।

এই দাবীবোৰ কেন্দ্ৰৰ বিপৰীতে অধিক ক্ষমতাৰ দাবী বা অধিক স্থানীয় গনতন্ত্ৰৰ দাবীৰ সৈতে সাঙোৰ খাই আছে। জনস্বাস্থ্য আৰু পাৰ্টি পলিটিক্স পেছাদাৰী সকলৰ নাগপাশৰ পৰা মুক্ত হব লাগিব। কেৱল মাত্ৰ পেছাদাৰী সামন্ত্ৰ-সম্পত্তি আহৰণৰ প্ৰতিযোগিতা হোৱাৰ পৰা পাৰ্টি পলিটিক্সক বচাব লাগিব। পেছাদাৰীসকল কেতিয়াও জনসাধাৰণৰ ওচৰত জবাবদীহি নহয়, পেছাদাৰী মানেই যেন জনসাধাৰণৰ ঊৰ্ধত। কেৱল নিজৰ কাৰনেহে তেওঁলোক পেছাদাৰী। ৰাষ্ট্ৰসংঘৰ ‘২০০০ চনৰ ভিতৰত সকলোৰে কাৰনে স্বাস্থ্য’ অভিযানৰ কি হ’ল?ই কেতিয়াও হৈ নুঠিল। বৰঞ্চ আমি কি পালো?-আমি পালো পৃথিৱীৰ আটাইতকৈ বেছি ব্যক্তিগতকৰণ হোৱা স্বাস্থ্যসেৱা ব্যৱস্থা এটা, কাৰন এই ব্যৱস্থাৰ বাবে আটাইতকৈ বেছি ওকালতি কৰা পেছাদাৰীসকলেই এই ব্যৱস্থাত জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে একো কথাই নাভাবে। ব্যক্তিগত ধন আহৰণ কৰি কেৱল নিজৰ উদৰ পুৰাবলৈকেই তেওঁলোকে ইয়াত আছে। কংগ্ৰেছক দুৰ্নীতিগ্ৰস্ত দল বুলি অভিযোগ কৰি শাসনৰ গাদীত বহা বিজেপি নিজেই আজি আগৰ কংগ্ৰেছৰ সমান দুৰ্নীতিগ্ৰস্ত দল এটা। পেছাদাৰীসকল- যিসকল এই অবাধ দুৰ্নীতিৰ একক-ভক্ষক তেওঁলোকেই আচল সমস্যাৰ গুঁৰি। এনেবিলাক কথাৰ পৰা হয়তো উদাৰনৈতিক ৰাজনৈতিক শক্তিবোৰে অনাগত সময়ত শিকিব, নিজক সংশোধন কৰিব আৰু বহলভাৱে সমাজ আৰু বিশেষভাৱে স্বাস্থ্যসেৱা গণতান্ত্ৰিক কৰাৰ মানসেৰে ক্ষমতালৈ আহিব।

(হিমালয় বৰা আই আই টি,গুৱাহাটীৰ এজন গৱেষক ছাত্ৰ)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.