Reporting on
বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ
বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই।
কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক জনায়।
অইল ইণ্ডিয়াই বিশেষজ্ঞৰ কমিটিখনে ঘটনা স্থলী পৰিদৰ্শন নকৰাকৈ প্ৰতিবেদন প্রস্তুত কৰা বুলিও অভিযোগ উত্থাপন কৰে।
উল্লেখ যোগ্য যে যোৱা ২৪ জুনত নেচনেল গ্ৰীণ ট্ৰিবুনেলে বাঘজানৰ ঘটনাৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল।
কমিটীখনে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদনত অইল ইন্ডিয়াৰ হেমহীৰ কথা আঙুলিয়াই দিয়াৰ লগতে ঘটনাৰ বাবে ডিব্ৰু ছৈখুৱা ৰাষ্ট্রীয় উদ্যানৰ জব্য বৈচিত্রিত পৰা প্ৰভাৱৰ বিষয়েও বিতং ভাবে লিখিছিল।
