নগা চুক্তি: দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ আলোচনা

Share This Article

যোৱা প্ৰায় ৮ মাহ ধৰি স্থৱিৰ হৈ থকা NSCN-IM আৰু গৃহ মন্ত্ৰালয়ৰ মাজত নগা চুক্তি সম্পৰ্কে আলোচনা আজিৰ পৰা পুনৰ নতুন দিল্লীত আৰম্ভ হৈছে।আজি আৰম্ভ হোৱা বৈঠকখন দৈনিক হিচাপত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই তৎপৰতা কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আৰম্ভ কৰিছে বুলি জানিব পৰা যায়৷

আজিৰ বৈঠকত ইন্টেলিজেন্স ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালক এ কে মিশ্ৰ আৰু উত্তৰ-পূবৰ দায়িত্বত থকা অৰবিন্দ সিঙৰে এই বৈঠকত NSCN-IMৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভা আৰু সংগঠনটোৰ কলেক্টিভ লীডাৰশ্বীপ বৰ্গ উপস্থিত থাকে৷

ইয়াৰ মাজতে NSCN-IM য়ে মধ্যস্থতাকাৰী পদৰ পৰা ৰবিক আঁতৰাই এজন নতুন মধ্যস্থতাকাৰীক নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ মাজৰ আলোচনাৰ সফল পৰিসমাপ্তি নোহোৱাৰ এটা অন্যতম কাৰণ আছিল NSCN-IM ৰ নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবী। লক্ষণীয় হ’ব যে আজিৰ পৰা পুনৰ আৰম্ভ হ’ব লগীয়া এই আলোচনাত ভাৰত চৰকাৰে এই দাবী মানি ল’বনে NSCN-IM য়ে সলনি কৰিব নিজৰ স্থিতি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.