আমেৰিকাৰ উপ ৰাষ্ট্রপতি পদত প্ৰথমবাৰলৈ ভাৰতীয় মূলৰ প্ৰাৰ্থী

Share This Article

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থাকোতে দেশখনৰ ডেম’ক্ৰেটিক পাৰ্টিয়ে তেওঁলোকৰ উপ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ভাৰতীয় মূলৰ কমলা হৰিছক।

ইয়াৰ লগে লগে কমলা হৰিছ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথম গৰাকী ভাৰতীয় তথা কৃষ্ণঙ্গ মহিলা।

কমলা হৰিছৰ মাতৃ শ্যামলা গোপালন তামিলনাডুৰ চেন্নাইত জন্ম লাভ কৰিছিল আৰু তেখেতৰ পিতৃ জামাইকাৰ আফ্ৰিকান আমেৰিকান হয়।

কমলা হৰিছ হাৱাৰ্ড বিশ্ববিদ্যালয় আৰু পৰৱৰ্তী সময়ত কেৰ্লিফৰ্নিয়া বিশ্ববিদ্যালয়ত আইন বিষয়ত পঢ়িছিল।

তেখেত দুবৰকৈ কেৰ্লিফৰ্নিয়াৰ এটৰ্নি জেনেৰেল পদত থাকে আৰু ২০১৭ চনত প্ৰথম বাৰলৈ সাংসদ হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.