ৰাজস্থান সংকটৰ অন্ত: শচীন পাইলটৰ ঘৰ বাপচী

Share This Article

যোৱা প্ৰায় কিছুদিন ধৰি চলি থকা ৰাজস্থানৰ ৰাজনৈতিক সংকট অন্ত হোৱাৰ দিশে আগবাঢ়িছে। কিছু সময় পূৰ্বে শচীন পাইলটে লগ ধৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক।

গান্ধী পৰিয়ালৰ লগত হোৱা এই মিটিংৰ পাছতে পাইলট কেম্পৰ বিধায়ক সকলে ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটক লগ ধৰে বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

উল্লেখযোগ্য যে অহা ১৪ তাৰিখে অশোক গেহলট চৰকাৰে বিধান সভাৰ মজিয়াত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব। গতিকে তাৰ কেইদিনমান আগত পাইলটৰ এই নতুন স্থিতিয়ে ৰাজস্থান চৰকাৰৰ সংকট মোচন কৰাটো প্ৰায় নিশ্চিত।

উল্লেখযোগ্য যে ৰাজস্থানত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী অশোক গেহলত আৰু উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত শীতল যুদ্ধ অব্যাহত আছিল। এই সংঘাত যোৱা কিছুদিনত তীব্ৰ হৈ উঠে।আনকি কিছুদিন পূৰ্বে দলীয় অনুশাসন নমনা আৰু নিৰ্বাচিত চৰকাৰৰ ভংগ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত পাইলটক উপ মুখ্যমন্ত্ৰী পদৰ পৰা বহিস্কাৰো কৰা হৈছিল। তাৰ পিছতে অস্থিৰ হৈ পৰিছিল ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ।

কিন্তু আজি গান্ধী পৰিয়ালৰ লগত হোৱা মিটিংৰ পাছতে শচীন পাইলটে যে ঘৰ বাপচী কৰিব সেইটো প্ৰায় নিশ্চিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.