‘ৰাম’ নহয় এইবাৰ ‘পৰশুৰাম’ক লৈ উত্তপ্ত উত্তৰ প্ৰদেশৰ ৰাজনীতি

Share This Article

উত্তৰ প্ৰদেশ ৰাজ্যখনৰ ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান আছে। প্ৰায় ৮০ জনকৈ সাংসদ লোকসভাৰ মজিয়ালৈ পঠিওৱা ৰাজ্য খনৰ ৰাজনীতিয়ে সেয়েহে প্ৰভাৱ পেলাই সমগ্ৰ দেশৰ ৰাজনীতিতে।

উত্তৰ প্ৰদেশৰেই অযোধ্যাত ৯০ৰ দশকত ৰাম জন্মভূমি আন্দোলনৰ মাজেৰেই বিজেপিয়ে কেন্দ্ৰ চৰকাৰ বনাবলৈ সক্ষম হৈছিল। পিছে বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজনীতি উত্তপ্ত পৰশুৰামকলৈ।

বিতৰ্কৰ সূত্ৰপাত ঘটে যোৱা শনিবাৰে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ সিঙ যাদেৱে সেইদিনা সমাজবাদী পাৰ্টিৰ তিনিজন গুৰুত্বপূৰ্ণ ব্ৰাহ্মণ নেতা অভিষেক মিশ্ৰা, মনোজ পাণ্ডে আৰু মাতা প্ৰসাদ পাণ্ডেক লগ ধৰে। মিটিংৰ পৰা ওলাই আহিয়ে অভিষেক মিশ্ৰাই ঘোষণা কৰে যে সমাজবাদী পাৰ্টিয়ে ৰাজ্যখনৰ ৰাজধানী লাখনৌত ১০৮ ফুট উচ্চতাৰ এটা প্ৰভু পৰশুৰামৰ প্ৰতিমূৰ্তি বনাব।

ইয়াৰ লগে লগে যোৱা দেওবাৰে বহুজন সমাজবাদী পাৰ্টিৰ ছুপ্ৰীম’ মায়াৱতীয়ে এখন সংবাদমেলত ঘোষণা কৰে যে ২০২২ জনৰ নিৰ্বাচনত যদি তেওঁৰ দল শাসনলৈ আহে তাতকৈও ওখ এটা পৰশুৰামৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিব।

ইয়াৰ লগে লগে আৰম্ভ হয় অভিযোগ আৰু প্ৰতি অভিযোগৰ। সমাজবাদী পাৰ্টিয়ে মায়াৱতীৰ এই আকস্মিক পৰশুৰাম প্ৰীতিক প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ ৰাজনীতিত জাতি(caste)ৰ অংকই আন সকলো ৰাজনৈতিক ফেক্টৰতকৈ অধিক ক্ৰিয়া কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হৈছে ঠাকুৰ। সেয়েহে বহু দিন ধৰি তেওঁৰ চৰকাৰ ব্ৰাহ্মণ বিৰোধী বুলি অভিযোগ উঠি আছে। শেহতীয়াকৈ বিকাশ ডুবে নামৰ গেংষ্টাৰ জনৰ এনকাউন্টাৰৰ সময়ত এই অভিযোগ ছ’ছিয়েল মিডিয়াত যথেষ্ট চর্চা লাভ কৰিছিল। আদিত্যনাথৰ চৰকাৰৰ এই ব্ৰাহ্মণ বিৰোধী প্ৰতিচ্ছবি আৰু অসন্তুষ্ট ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভোটৰ আশাতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত বৰ্তমান প্ৰাসংগিক হৈ পৰিছে পৰশুৰাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.