সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ন্যায় ব্যৱস্থা এতিয়া ধনীৰ পক্ষত : এজন ন্যায়াধীশৰ স্বীকাৰোক্তি

ভাৰতীয় ন্যায় ব্যৱস্থা এতিয়া দুখীয়াৰ বিৰুদ্ধে আৰু ধনীৰ পক্ষত থিয় দিছে৷ কিন্তু বাস্তৱত এয়া বিপৰীত হোৱা উচিত৷ কাৰণ , দুখীয়াকহে অধিক নিৰাপত্তৰ প্ৰয়োজন ,ধনীক নহয়৷- এজন ন্যায়াধীশৰ মুকলি স্বীকাৰোক্তি এয়া৷ অলপতে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ দীপক গুপ্তাই নিজৰ বিদায়ী ভাষণত এইদৰে কয়৷ এই প্ৰসংগত তেওঁ সংস্কৃত গ্ৰন্থ ‘ৰাজতৰংগিনী’ৰ এটা উদাহৰণ দাঙি ধৰে ৷ তেওঁ কয় যে কাশ্মীৰৰ এজন ৰাজবিষয়াই ভগৱান ত্ৰিভুৱনস্বামীৰ এটা মন্দিৰ বনোৱাৰ পৰিকল্পনা কৰিলে ৷ কিন্তু যি ঠাইত মন্দিৰ নিৰ্মান কৰিব বিচৰা হ’ল ,তাত এজন মুচীয়ে বাস কৰিছিল৷ স্বাভাৱিকতে মুচীক তাৰ পৰা উচ্ছেদৰ যো জা চলিল ৷কিন্তু সেই কথা জানিব পাৰি ৰজা চন্দ্ৰপীডে বিষয়াসকলক বাধা দিলে৷ তেওঁ নিজৰ বিষয়াসকলক মাতি আনি ক’লে-মন্দিৰ নিৰ্মাণ বন্ধ কৰা ,নহ’লে আন ঠাইত নিৰ্মাণ কৰা ৷ এজন গৰীৱক নিজৰ ভূমিৰ পৰা অবৈধভাৱে উচ্ছেদ কৰি ,কোনে কেনদৰে মন্দিৰ নিৰ্মাণৰ দৰে পবিত্ৰ কাৰ্য কৰিব পাৰে? ভুল আৰি সঠিক কি নিৰ্ধাৰণ কৰা ন্যায়াধিপতি হৈ যদি আমি বে-আইনী কাম কৰো ,তেনেহ’লে ন্যায় ৰক্ষা কৰিব কোনে? এনেদৰেই এটা উদাহৰণেৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দীপক গুপ্তাই ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তিত ধাৰাক জনসাধাৰণৰ আগত প্ৰকাশ কৰিলে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.