সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লোকসভাত প্ৰাৰ্থী দিব ইউপিপিএলে

কোকৰাঝাৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত শুকুৰবাৰৰ পৰা ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন আৰম্ভ হৈছে ৷
ইতিমধ্যে অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে৷ অধিবেশনত ইউপিপিএলৰ পতাকা উত্তোলন কৰে বড়ো স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আনহাতে,বড়ো জনজাতিৰ ইতিমধ্যে শ্বহীদ হোৱা নেতা সকলৰ সোঁৱৰণত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে । পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰমোদ বড়োৱে কয় “ বৰ্তমান শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নৰ থলী হৈ পৰিছে বড়োলেণ্ড ।” আনহাতে,ভাষণৰ মাজতে বিগত দিনবোৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে বিটিচি মুখ্য কাৰ্যবাহী গৰাকীয়ে৷ চৰকাৰৰ বিভিন্ন সফলতাৰ খতিয়ান দাঙি ধৰি প্ৰমোদ বড়োৱে কয় যে বিগত দিনবোৰৰ দৰেই সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন-সমবিকাশ নিশ্চিত কৰা হ’ব বিটিএডিত৷ ইউপিপিএল দলে ৰাজনীতিৰ নামত ৰাজনীতি নকৰে , ৰাইজৰ বাবে সুস্থ ৰাজনীতি কৰাই মূল লক্ষ্য দলটোৰ৷ আনহাতে,আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়োৱা সম্পৰ্কত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় “কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী দিয়া হ’ব আৰু তাৰ বিপৰীতে মঙ্গলদৈ লোকসভা সমষ্টিত মিত্ৰজোঁটক সমৰ্থন দিয়া হ’ব ।” আনহাতে,একে সময়তে তেওঁ
ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিত কিছু সালসলনিৰো ইংগিত দিয়ে ৷

Leave A Reply

Your email address will not be published.