বিজেপিয়ে কৰিলে লীলা

Share This Article

হিমাচল প্ৰদেশৰ বিজেপি প্ৰাৰ্থীৰ গৃহত শনিবাৰে উদ্ধাৰ ১৪ লাখ নগদ ধন৷ হিমাচল প্ৰদেশৰ ৬৮ টা বিধানসভা সমষ্টিৰ বাবে শনিবাৰে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ৷পুৱাৰ ভাগত ভোটাদানৰ হাৰ যথেষ্ট কম আছিল যদিও দিনটোৰ পিছৰ ভাগলৈ এই সংখ্যা বৃদ্ধি পায়৷ কাংৰা জিলাৰ বাজীনাথত এই সময়চোৱাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ আৰক্ষী আৰু নিৰ্বাচনী বিষয়াৰ যুটীয়া অভিযানত বিজেপি বিধায়কৰ ঘৰৰ পৰাই উদ্ধাৰ হয় প্ৰায় ১৪ লাখ নগদ ধন৷ মুল্কৰাজ প্ৰেমী নামৰ বিজেপিৰ বিধায়ক জন চলিত বিধানসভাৰ নিৰ্বাচনৰো প্ৰাৰ্থী। তদন্তত এই ধন বিজেপি দলৰ একাউণ্টৰ পৰা উলিওৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে,কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰী লালে এই ধন বইজনাথ সমষ্টিৰ ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল বুলি অভিযোগ কৰিছে৷ কিশোৰীলালে লগতে কয় যে নিৰ্বাচনী বাধ্যবাধকতা অনুসৰি কোনো প্ৰাৰ্থীয়ে ১০ হাজাৰৰ ওপৰ নগদ ধন বেংকৰ পৰা উলিয়াব নোৱাৰে৷ কিন্তু তেওঁলোকক তেওঁলোকৰ ডুবি যোৱা নাওখন উদ্ধাৰ কৰিবলৈ ধনৰ প্ৰয়োজন বুলি কয় একেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে৷ আনহাতে,বিজেপি প্ৰাৰ্থী মুল্কৰাজ প্ৰেমীয়ে কয় যে নিৰ্বাচনৰ সময়ত ১০ হাজাৰতকৈ অধিক ধন নগদ কঢ়িওৱাটো নিয়ম নহয়৷সেয়ে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা প্ৰাৰ্থীৰ বাবে পৃথক একাউণ্ট খোলা হয়৷উদ্ধাৰ হোৱা ধন নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা যানবাহনৰ নামত দিবৰ বাবে ৰখা হৈছিল বুলি মন্তব্য কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷
বিজেপিৰ প্ৰাৰ্থীৰ ঘৰত নগদ ধন উদ্ধাৰ হোৱা বাবে এই ঘটনাক দলটোৱে গাপ দি ৰাখিছে বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতা কিশোৰী লালে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.