সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিয়ে কৰিলে লীলা

হিমাচল প্ৰদেশৰ বিজেপি প্ৰাৰ্থীৰ গৃহত শনিবাৰে উদ্ধাৰ ১৪ লাখ নগদ ধন৷ হিমাচল প্ৰদেশৰ ৬৮ টা বিধানসভা সমষ্টিৰ বাবে শনিবাৰে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ৷পুৱাৰ ভাগত ভোটাদানৰ হাৰ যথেষ্ট কম আছিল যদিও দিনটোৰ পিছৰ ভাগলৈ এই সংখ্যা বৃদ্ধি পায়৷ কাংৰা জিলাৰ বাজীনাথত এই সময়চোৱাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ আৰক্ষী আৰু নিৰ্বাচনী বিষয়াৰ যুটীয়া অভিযানত বিজেপি বিধায়কৰ ঘৰৰ পৰাই উদ্ধাৰ হয় প্ৰায় ১৪ লাখ নগদ ধন৷ মুল্কৰাজ প্ৰেমী নামৰ বিজেপিৰ বিধায়ক জন চলিত বিধানসভাৰ নিৰ্বাচনৰো প্ৰাৰ্থী। তদন্তত এই ধন বিজেপি দলৰ একাউণ্টৰ পৰা উলিওৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে,কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰী লালে এই ধন বইজনাথ সমষ্টিৰ ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল বুলি অভিযোগ কৰিছে৷ কিশোৰীলালে লগতে কয় যে নিৰ্বাচনী বাধ্যবাধকতা অনুসৰি কোনো প্ৰাৰ্থীয়ে ১০ হাজাৰৰ ওপৰ নগদ ধন বেংকৰ পৰা উলিয়াব নোৱাৰে৷ কিন্তু তেওঁলোকক তেওঁলোকৰ ডুবি যোৱা নাওখন উদ্ধাৰ কৰিবলৈ ধনৰ প্ৰয়োজন বুলি কয় একেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে৷ আনহাতে,বিজেপি প্ৰাৰ্থী মুল্কৰাজ প্ৰেমীয়ে কয় যে নিৰ্বাচনৰ সময়ত ১০ হাজাৰতকৈ অধিক ধন নগদ কঢ়িওৱাটো নিয়ম নহয়৷সেয়ে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা প্ৰাৰ্থীৰ বাবে পৃথক একাউণ্ট খোলা হয়৷উদ্ধাৰ হোৱা ধন নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা যানবাহনৰ নামত দিবৰ বাবে ৰখা হৈছিল বুলি মন্তব্য কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷
বিজেপিৰ প্ৰাৰ্থীৰ ঘৰত নগদ ধন উদ্ধাৰ হোৱা বাবে এই ঘটনাক দলটোৱে গাপ দি ৰাখিছে বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতা কিশোৰী লালে৷

Leave A Reply

Your email address will not be published.