সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতৰ সৰ্ববৃহৎ চোৰাংচোৱা কাণ্ড কেলেংকাৰী

কিতাপ কথাত আজি A Singular Spy

১৯৭২ চন৷ ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰৰ অভিষেক ঘটিছে বলীউডত৷ নায়িকা ডিম্পল কাপাডিয়া৷ টীন এজাৰ প্ৰেম কাহিনীৰে ‘ববী’ চিনেমাই সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমে উন্মনা কৰা কিশোৰী ডিম্পলে প্ৰেমিকক আলিংগণ কৰি গাইছে ‘প্ৰেম ৰোগ..’৷ অভিষেকতেই সমগ্ৰ দেশৰ যুৱক যুৱতীৰ হৃদয়ত সোমাই পৰিল ঋষি কাপুৰ–ডিম্পল কাপাডিয়া৷ এই দুই কিশোৰ কিশোৰীৰ সমান্তৰালভাৱে ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে চিনাকি হৈ পৰিল এখন নতুন বাইক৷ ডিম্পলৰ শ্বাসৰুদ্ধকাৰী বাইক যাত্ৰাতকৈও দৰ্শৰ চকু থৰ হৈ পৰিল এখন বাইকত৷ ৰাজদূত–পোলেণ্ডত নিৰ্মিত এছ এইচ এল এম ১১ বাইক৷ পোলেণ্ডত নিৰ্মিত এই বাইকখনেই ভাৰতত ‘ৰাজদূত’ নামেৰে ব্ৰেণ্ডিং কৰা হয়৷ হাজাৰ হাজাৰ যুৱকৰ হৃদয় জয় কৰিলে ৰাজদূতে৷ সপোনত ভাঁহি উঠিল প্ৰেমিকাৰ সৈতে দুৰ্গম পথত বাইক ভ্ৰমণৰ ছায়াছবি৷ ভাৰতৰ বাতৰি কাকতত প্ৰকাশ পাবলৈ ধৰিলে পোলেণ্ডৰ কোম্পানীয়ে নিৰ্মাণ কৰা এছ এইচ এল বাইকত পুৰুষে ভ্ৰমণ কৰাৰ বিজ্ঞাপন৷
পোলেণ্ডৰ সৈতে ভাৰতৰ ব্যৱসায়িক সম্পৰ্ক শীতল যুদ্ধৰ পাছৰ পৰাই কমি আহিছিল৷ তাৰ মাজতে পোলেণ্ডৰ ৰাজহুৱা চিপিং কোম্পানী চেণ্টª’ম’ৰে ভাৰতৰ কোম্পানী এছ এল এম মানেকলালক নিয়োগ কৰিছিল তেওঁলোকৰ প্ৰতিনিধি হিচাপে৷ এই মানেকলালৰো আছে এক সুকীয়া ইতিহাস৷
১৯৪৭ চনত ভাৰত স্বাধীন হ’ল৷ কিন্তু স্বাধীন ভাৰতে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক’ৰ পৰা পাব? কোনে উৎপাদন কৰিব? কৃষি, টেক্সটাইল, মাইনিং, সামৰিক অস্ত্ৰ আদি হৈ পৰিল প্ৰথমিক প্ৰয়োজন৷ সেই সময়ত ভাৰতৰ এজন ব্যৱসায়ীয়ে দেখিলে এটা নতুন সপোন৷ তাৰ পূৰ্বে তেওঁ কাপোৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ এখন দোকানত কাম কৰিছিল৷ নিজে দেখি আছিল গুজৰাট, মহাৰাষ্ট্ৰত কিদৰে টেক্সটাইল উদ্যোগৰ বাবে বিভিন্ন সাম্গ্ৰী-যন্ত্ৰাংশৰ প্ৰয়োজন হয়৷ তেওঁ তেনে যন্ত্ৰপাতিৰ এটা উদ্যোগ স্থাপনৰ কথা ভাবিলে৷ ১৯৪১ চনতে তেওঁ উদ্যোগ স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰিছিল৷ ৰোলাৰ, গ্লোবছ, ড্ৰাম আদিয়েই তেওঁৰ উৎপাদিত সামগ্ৰী আছিল৷ কিন্তু দেশ স্বাধীন হোৱাৰ পাছত তেওঁ কাপোৰ উদ্যোগৰ বাবে জৰুৰী সকলো যন্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে৷ অতি সোনকালে দেশৰ এজন আগশাৰীৰ উদ্যোগপতিত পৰিণত হ’ল টি মানেকলাল৷ স্বাধীন ভাৰতৰ ইঞ্জিনীয়াৰিং খণ্ডত মানেকলাল হৈ পৰিল অপ্ৰতিদ্বন্দ্বী উদ্যোগপতি৷ ব্যৱসায়ী, সংবাদ মাধ্যম সকলোৱে তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিলে৷ পোলেণ্ডৰ চিপিং কোম্পানীৰ একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে নিযুক্ত হ’ল মানেকলাল৷ জাপানৰ টছিবা কোম্পানীৰ সৈতে মিলি আৰম্ভ কৰিলে প্লাষ্টিকৰ উৎপাদন৷ ১৯৭১ চনলৈ মানেকলালে নাইজেৰিয়া আৰু কানাডালৈও নিজৰ ব্যৱসায় বিস্তাৰ কৰিলে৷ পুঁজিবাদী জাৰ্মানীৰ পৰা ছ’চিয়েলিষ্ট পোলেণ্ডলৈ আৰু গোট নিৰপেক্ষ ছুইজাৰলেণ্ড অষ্ট্ৰেলিয়াৰ সৈতেও মানেকলালৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিল৷ এই দ্ৰুত ব্যৱসায়িক বিস্তাৰ, বিদেশৰ কোম্পানীৰ সহযোগিতা সম্ভৱ হৈছিল একমাত্ৰ মানেকলালৰ প্ৰতিনিধি কোমাৰ নাৰাইনৰ বাবে৷
কোন এইগৰাকী কোমাৰ নাৰাইন? যাৰ প্ৰভাৱ দেশে বিদেশে বিয়পি পৰিছে৷
কোমাৰ নাৰাইনৰ কেৰিয়াৰ আৰম্ভ হৈছিল ১৯৪৩ চনত৷ নাগপুৰৰ ওচৰত সেনা বাহিনীৰ ডাক বিভাগৰ কৰ্মচাৰী হিচাপে৷ ১৯৪৯ চনত তেওঁৰ সেই চাকৰিৰ অন্ত পৰে৷ ইয়াৰ পাছতেই অন্য কামৰ সন্ধানত তেওঁ ৰাওনা হয় দিল্লী অভিমুখে৷ ১৯৫০ৰ দশকত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ চাকৰিত তেওঁ নিয়োজিত হয়৷ সেই সময়তে চৰকাৰী চাকৰিয়ালসকলৰ সৈতে তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে৷ বিশেষকৈ কেৰাণী, ষ্টেন’গ্ৰাফাৰ আদিৰ সৈতে মধুৰ ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলে কোমাৰ নাৰাইনে৷ সেই সময়ত ষ্টেন’গ্ৰাফাৰসকল সকলো উচ্চপদস্থ চৰকাৰী বিষয়াৰ অবিচ্ছেদ্য সহযোগী আছিল৷ কিন্তু কাৰ্যালয়ত তেওঁলোকৰ নাছিল কোনো মৰ্যাদা৷ এই কথাটো ভালদৰেই পৰ্যৱেক্ষণ কৰিছিল কোমাৰ নাৰাইনে৷ কেৰাণী–ষ্টেন’গ্ৰাফাৰ আদি আছিল চাকৰিয়ালৰ এটা সুকীয়া শ্ৰেণী৷ যাৰ হাতত চৰকাৰৰ সকলো গোপন তথ্য থাকে৷ তেওঁলোক কোমাৰ নাৰাইনৰ বাবে অতি গুৰুত্বপূৰ্ণ মানুহ৷ ১৯৫৮ চনত কোমাৰ নাৰাইনে চৰকাৰী চাকৰি বাদ দি কৰ্প’ৰেট লবীষ্টৰ কাম কৰিবলৈ আৰম্ভ কৰে৷ তেতিয়াই এছ এল এম মানেকলালৰ প্ৰতিনিধি হিচাপে নিযুক্ত হয় নাৰাইন৷ তেওঁৰ নিযুক্তিৰ লগে লগে মানেকলালৰ ব্যৱসায় দেশে বিদেশে বিস্তাৰ হ’বলৈ আৰম্ভ কৰিলে৷ কিন্তু কি যাদু আছিল মানেকলালৰ হাতত?
ভাৰত স্বাধীন হোৱাৰ পাছত এই দেশৰ বৈদেশিক, কূটনৈতিক নীতি বিশ্বৰ সকলো দেশৰ বাবেই গুৰুত্বপূৰ্ণ আছিল৷ আৰু এই সকলো গোপন তথ্য আছিল কোমাৰ নাৰাইনৰ হাতত৷ কাৰণ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰতিটো চৰকাৰী বিভাগৰ ষ্টেন’গ্ৰাফাৰসকল আছিল নাৰাইনৰ বন্ধু৷ তেওঁলোকৰ পৰাই ধনৰ বিনিময়ত সকলো গোপন তথ্য সংগ্ৰহ কৰে কোমাৰ নাৰাইনে৷ তাৰ পাছত সেই তথ্য বিভিন্ন দেশৰ চোৰাংচোৱা সংস্থাক যোগান ধৰে৷ তাৰ বিনিময়ত তেওঁ এছ এল এম মানেকলালৰ হৈ ব্যৱসায়িক সুবিধা আদায় কৰে৷ আনকি সকলোকে আচৰিত কৰি ছোভিয়েট ৰাছিয়াৰ সলনি ফ্ৰান্সে লাভ কৰিছিল ভাৰতক মিৰাজ বিমান আৰু মিলান মিছাইল যোগানৰ কেইবা বিলিয়ন ডলাৰৰ ঠিকা৷ এয়াও সম্ভৱ হৈছিল কোমাৰ নাৰাইনৰ বাবে৷ তেওঁ নিবিদা প্ৰক্ৰিয়াৰ সকলো গোপন খবৰ দিছিল ভাৰতত কৰ্মৰত ফ্ৰান্সৰ এগৰাকী সেনা বিষয়াক৷
প্ৰায় ২৫ বছৰ ধৰি এইদৰে গোপন চৰকাৰী তথ্য ষ্টেন’গ্ৰাফাৰ, টাইপিষ্ট, কেৰাণী আদিৰ এক বিশাল নেটৱৰ্কৰ জৰিয়তে আদায় কৰি আহিছিল কোমাৰ নাৰাইনে৷ কোনেও ইয়াৰ ভূ পোৱা নাছিল৷ কিন্তু বিপদ আৰম্ভ হ’ল ভাৰতত জেৰক্স মেছিন অহাৰ পাছত৷ দিল্লীৰ খান মাৰ্কেটত থকা ৰোহিত হাউচত সুভাষ শৰ্মা নামৰ এজন মানুহে এখন জেৰক্সৰ দোকান আৰম্ভ কৰিছিল৷ তেওঁৰ দোকানলৈ সন্ধিয়া প্ৰায়ে এজন পুৰণি বন্ধু সুৰাপান কৰিবলৈ আহে৷ বন্ধুজন সুভাষ শৰ্মাৰ ঘৰতে ভাৰাতীয়া হিচাপে আছিল৷ নাম–বেদ প্ৰকাশ৷ চি বি আইৰ এজন সাধাৰণ বিষয়া৷ এদিন জেৰক্স দোকানত বহি সুৰাপান কৰি থাকোতেই তেওঁ দেখিবলৈ পায় যে ইনটেলিজেন্স ব্যুৰ’ৰ গোপন নথি কিছুমান এজন মানুহে জেৰক্স কৰিবলৈ দিছে৷ ১৯৮৪ চনৰ নৱেম্বৰ মাহৰ ঘটনা সেয়া৷ বেদ প্ৰকাশ আচৰিত হ’ল৷ কাৰণ, ইণ্টেলিজেন্স ব্যুৰ’ৰ কোনো কাগজ কাৰ্যালয়ৰ বাহিৰলৈ আহিবলৈ দিয়া নহয়৷ বেদ প্ৰকাশে চকু ৰাখিবলৈ আৰম্ভ কৰিলে মানুহজনৰ ওপৰত৷ ওপৰৰ বিষয়াৰো দৃষ্টিগোচৰ কৰিলে বিষয়টো৷ ২৪ ঘণ্টাই কোমাৰ নাৰাইনৰ ওপৰত নজৰ ৰখা হ’ল৷ অৱশেষত ১৯৮৫ চনৰ ১৭ জানুৱাৰীত কোমাৰ নাৰাইনৰ ঘৰত তালাচী চলিল৷ তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল৷ সকলোকে আচৰিত কৰি তুলিলে এই গোচৰত পি গোপালন নামৰ ব্যক্তিগত সহায়ক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই৷ কাৰণ, তেওঁ আছিল দেশৰ আটাইতকৈ শক্তিশালী আমোলা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি আলেজেণ্ডাৰৰ ব্যক্তিগত সচিব৷ ইমানেই বিশাল আৰু বিস্তৃত আছিল কোমাৰ নাৰাইনৰ নেটৱৰ্ক৷ সেইদিনা সুৰাপান কৰি নাৰাইনৰ সৈতে গোপন তথ্যৰ বিনিময় কৰি আছিল পি গোপালনে৷ ইয়াৰ পাছত বহু চৰকাৰী বিভাগৰ বহু কৰ্মচাৰী একেটা গোচৰত গ্ৰেপ্তাৰ হয়৷ যিটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ বৃহৎ চোৰাংছোৱা কেলেংকাৰী হিচাপে আজিও পৰিচিত ৷
এই ঘটনাৱলীৰ বিস্তৃত কাহিনীৰে দ্য হিন্দু কাকতৰ সংবাদিক কল্লোল ভট্টাচাৰ্যই লিখি উলিয়াইছে A Singular Spy: The Untold Story of Coomar Narain নামৰ গ্ৰন্থখন৷ ব্লুমবাৰী প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য ৪৯৯ টকা৷

Leave A Reply

Your email address will not be published.