হ’গী হ’গী,ড’ন্ট ৱৰী৷শ্ল’গান দিয়ক ভাৰত মাতা কি জয় বুলি৷
চাকৰি হব৷চিন্তা নকৰিব,এতিয়া ভাৰত মাতা জয়ৰ শ্ল’গান দিয়ক৷
উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ৷তাৰমাজতে অব্যাহত বাকী ৪ টা পর্যায়ৰ নির্বাচনৰ বাবে প্ৰচাৰ কার্যসূচী৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূর্ণ৷সেইবাবে বিজেপিৰ অধিকাংশ নেতা মন্ত্ৰীয়েই প্ৰচাৰ চলাবলৈ গৈছে উত্তৰ প্ৰদেশলৈ৷তাৰ মাজতে যোগী আদিত্যনাথেও অব্যাহত ৰাখিছে নিজৰ সফলতা জাহিৰ প্ৰক্ৰিয়া৷তাৰেই অংশ স্বৰুপে যোগী আদিত্যনাথে এটা টুইট কৰি কয়,যে উত্তৰ প্ৰদেশ চৰকাৰে বিগত ৫ টা বছৰত কোটিৰ ঘৰত নিবনুৱাক সংস্থাপন প্ৰদান কৰিছে৷
কিন্তু যোগী আদিত্যনাথৰ টুইটৰ পিছতেই ঘটিল আন এটা ঘটনা৷উত্তৰ প্ৰদেশৰ গন্দা জিলাত বিজেপি প্ৰার্থীৰ হৈ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ৷ৰাজনাথ সিঙেও যোগী আদিত্যনাথ চৰকাৰৰ সফলতাৰ কাহিনীৰে আৰম্ভ কৰিলে বক্তৃতা৷কিন্তু তাৰমাজতে প্ৰতিবাদৰ সন্মুখীন হল ৰাজনাথ সিঙ৷ভাষণৰ মাজতেই দর্শকৰ মাজৰ পৰা আৰম্ভ হল উপযুপ্পৰি প্ৰশ্ন- সেনাত নিযুক্তি কেতিয়া হব,সেনাত নিযুক্তি শীঘ্ৰে দিয়ক৷
তাৰপিছতেই দর্শকক বুজোৱাৰ চেষ্টাত নামিল ৰাজনাথ সিঙ-হ’গী হ’গী,ডন্ট ৱৰী৷আমি ইয়াক লৈ সচেতন,কৰোনাৰ বাবে কিছু অসুবিধা হৈছে৷এতিয়া ভাৰত মাতাৰ শ্ল’গান দিয়ক৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.