সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২৩লাখ বিল নিদিয়াকৈ পলায়ন হোটেলৰ পৰা

দিল্লীৰ কাহিনী এয়া।হোটেল লীলা পেলেচত সংঘটিত হৈছে এই ঘটনা।নিজকে ইউনাইটেড আৰৱ এমেৰিটাছৰ ৰাজ পৰিয়ালৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়া এজন ব্যক্তিক বিচাৰি হাবাথুৰি খাইছে দিল্লী আৰক্ষী।ব্যক্তিজনে সৰ্বমুঠ ২৩ লাখ টকা বিল পৰিশোধ নকৰাকৈ পলায়ন কৰে এখন ফাইভ ষ্টাৰ হোটেলৰ পৰা।বিগত বৰ্ষৰ ১ আগষ্টত মহম্মদ শ্বৰীফ নামৰ এজন ব্যক্তিয়ে দিল্লীৰ লীলা পেলেচ নামৰ পঞ্চতাৰকাযুক্ত হোটেলখনৰ এটা কোঠা বুক কৰিছিল।কোঠাটোৰ নম্বৰ আছিল ৪২৭ আৰু আধা বিল পৰিশোধ নকৰাকৈ বিগত ২০ নবেম্বৰত তেওঁ হোটেলখন এৰি পলায়ন কৰে।ব্যক্তিজনে হোটেলৰ বিল ২৩.৪৬ লাখ টকা পৰিশোধ নকৰাৰ লগতে হোটেলখনৰ দামী আচবাবো লৈ যায়।
শ্বৰীফ নামৰ ব্যক্তিজনে নিজকে আৰৱ এমিৰেটচৰ ৰজা শ্বেইখ ফালাহ বিন জঈদ আল নাহায়ানৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ বিষয়া বুলি পৰিচয় দি হোটেলৰ কোঠা বুক কৰিছিল ।হোটেল কৰ্তৃপক্ষই জনোৱা মতে তেওঁ জমা দিয়া বিজনেছ আইকাৰ্ডখন ভুৱা আৰু তেওঁ UAE ৰ নাগৰিকৰ ভুৱা ৰেছিডেণ্ট কাৰ্ড দাখিল কৰিছিল।হোটেল কৰ্তৃপক্ষই অভিযোগত লিখিছে “ ব্যক্তিজনে প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যেই এই ভুৱা তথ্য সমূূহ দিছিল৷১ আগষ্টৰ পৰা হোটেলখনত থকা ব্যক্তিজনে ছেপ্তেম্বৰ মাহত ১১.৫ লাখ কোঠাৰ বিল হিচাপে পৰিশোধ কৰিছিল।বাকী থকা ২৩লাখ ৪৮ হাজাৰ ৪১৩ টকা” পৰিশোধৰ বাবে মুঠ ২০ লাখ টকাৰ চেক জমা দিছিল।কিন্তু পৰ্যাপ্ত ধনৰাশি নথকাৰ বাবে সেই চেক বাউঞ্চ মাৰিছিল।”হোটেল কৰ্তৃপক্ষৰ মতে মানুহজনে ইচ্ছা কৰি লীলা পেলেচক প্ৰবঞ্চনা কৰিছে।লীলা পেলেচৰ এগৰাকী বিষয়াই কয়“ ইতিমধ্যে মানুহজনক বিচাৰি কেইবাটাও গোট গঠন কৰা হৈছে।আমি তেওঁ কি কাম কৰে সেই বিষয়ে সবিশেষ তথ্য পোৱা নাই৷তেওঁৰ পৰিয়ালৰ তথ্য আহৰণৰ চেষ্টা চলাই থকা হৈছে।আমি তেওঁৰ ফোন নম্বৰ আৰক্ষীক তেওঁৰ অন্তিম লোকেচন ট্ৰেক কৰাৰ বাবে জমা দিছোঁ।

Leave A Reply

Your email address will not be published.