সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুছলমান প্ৰীতি মানেই নিৰ্বাচন !

লোকসভা নিৰ্বাচন সমাগত ।হিন্দু -মুছলমানক লৈ ধৰ্মীয় বিভেদ সৃষ্টি কৰি অহা বিজেপিৰ মুছলমানৰ প্ৰতি জাগ্ৰত হ’ল প্ৰেম।মুছলমানক অস্পৃশ্যৰ দৰে জ্ঞান কৰা বিজেপিৰ নিৰ্বাচন অহাৰ লগে লগে বৃদ্ধি হয় মুছলমান প্ৰীতি।
দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আনকি ভোটৰ আশা নকৰাকৈ সংখ্যালঘু সকলৰ কাষ চাপিবলৈ বিজেপিৰ কৰ্মী সকলৰ প্ৰতি আহ্বান জনায়।২০২৪ চনৰ আগতে দলটোৰ ভেটি দুৰ্বল হিচাপে পৰিগণিত অঞ্চলসমূহ চিনাক্ত কৰি সেইবোৰত ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ANI ৰ এক সূত্ৰই সংবাদ প্ৰতিষ্ঠানৰ উদ্ধৃতি দি কয়“ প্ৰধানমন্ত্ৰীয়ে পাচমান্দা মুছলমান,বহৰা সম্প্ৰদায়,মুছলমান শিক্ষিত লোক আৰু বিভিন্ন কামৰ লগত জড়িত মুছলমান লোকসকলৰ লগত মতবিনিময় কৰাৰ আহ্বান জনাইছে দলৰ কাৰ্যকৰ্তা সকলক ।”’এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ নীতিৰ আধাৰত সকলো ৰাজ্যই সকলোকে ভাষা,সংস্কৃতিৰ বিভেদ পাহৰি সমান গুৰুত্ব দিয়া প্ৰয়োজন বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।২০২৪ চনৰ নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৪০০ দিন।এই সময়চোৱাত সম্পূৰ্ণ সহৃদয়তাৰে সকলোৰে লগত মিলি একেলগে আগবাঢ়িবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শেহতীয়াকৈ ‘পাঠান’ চলচ্চিত্ৰখনৰ এটা বিশেষ দৃশ্যৰ বাবে একাংশ লোকে শ্বাহৰূখ খানকে ধৰি কিছুসংখ্যক লোকৰ আৱেগত আঘাত দিছিল।প্ৰত্যক্ষভাৱে নাম উল্লেখ নকৰাকৈ এনেবোৰ বিষয়ক লৈ দলীয় কাৰ্যকৰ্তাক বিতৰ্ক নকৰিবলৈয়ো আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ চামটোৱে দেশৰ ৰাজনৈতিক ইতিহাস নাজানে ।তদুপৰি তেওঁলোকে পূৰ্বৰ চৰকাৰৰ দিনৰ ‘দুৰ্নীতি আৰু বেয়া কামবোৰ’ৰ বিষয়ে অৱগত নহয়।
উল্লেখযোগ্য যে কেৱল ধৰ্মীয় বিষবাষ্প বিয়পাই ৰাজনৈতিক লাভালাভ ল’ব খোজা বিজেপিয়ে সদায় নিৰ্বাচনৰ সময়ত নৰমপন্থা অৱলম্বন কৰে৷আজি অৰ্থাৎ বুধবাৰে নিৰ্বাচনী আয়োগে দেশৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা।

Leave A Reply

Your email address will not be published.