সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সাম্প্ৰতিক (২): শত্ৰু কোন?

বিশ্বজিৎ বৰা

“দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময় সমাগত। বুৰ্জোৱা শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ বেআইনী প্ৰয়োগ আৰু মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰৰ হঠকাৰী প্ৰয়োগ কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰা বিজেপিয়েই হৈছে আমাৰ চৰম শত্ৰু” -লিখিছে  বিশ্বজিৎ বৰাই

 

ৰাষ্ট্ৰব্যৱস্থাৰ কাৰ্যপদ্ধতিৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হৈছে শত্ৰুক চিনাক্ত কৰি নিপাত কৰাটো। এই শত্ৰু অৱশ্যে ব্যক্তিগত শত্ৰুতাবশতঃ চিহ্নিত নহয় – শত্ৰু সদায়ে ৰাজহুৱা, আৰু সেয়ে এই শত্ৰু হৈছে ৰাজনৈতিক শত্ৰু। এইক্ষেত্ৰত পোনপ্ৰথমেই শত্ৰু (enemy) কোন এই বিষয়ে আমাৰ স্পষ্ট ধাৰণা থকাটো উচিত বা শত্ৰুক জলজল পটপটকৈ চিনি পোৱাটো জৰুৰী। শত্ৰু প্ৰতিদ্বন্দ্বী (rival) নহয়।
ৰাজনৈতিক অৰ্থত শত্ৰু হৈছে সেই সত্তা যি নিজৰ অস্তিত্বৰ স্বৰূপ সংৰক্ষণ কৰিবলৈ আনৰ জীৱন শৈলী বা অস্তিত্বৰ স্বৰূপ নোহোৱা কৰাটো যুক্তিসংগত বুলি বিশ্বাস কৰে আৰু ইয়াক কাৰ্যত প্ৰতিপন্ন কৰিবলৈ হেলা নকৰে। অৰ্থাৎ, আপোন স্বাৰ্থ ৰক্ষাৰ খাতিৰত শত্ৰুৰ সংজ্ঞা নিৰূপণ কৰি সেই উদ্দেশ্যেৰে ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হোৱা যায়। এইক্ষেত্ৰত এটা কথা মন কৰিব লগীয়া যে ৰাষ্ট্ৰব্যৱস্থাই যাক শত্ৰু হিচাপে চিহ্নিত কৰে, সেই শত্ৰুক প্ৰাণে মাৰিবলৈ ৰাষ্ট্ৰই কুণ্ঠাবোধ নকৰে, কিয়নো ৰাষ্ট্ৰৰ দৃষ্টিত সেই শত্ৰু মানৱতাৰ সংজ্ঞাৰ আওঁতালৈ নাহে।
অৱশ্যে, আৰম্ভণিতে এইটো স্পষ্ট কৰাতো প্ৰয়োজনীয় যে এই প্ৰসংগত আমি কাৰ্ল স্মিটে কৈ যোৱা ন্যায্য শত্ৰু (justus hostis), অৰ্থাৎ এনে এক শত্ৰু যাৰ বিৰুদ্ধে যুদ্ধ কৰোতে ৰাষ্ট্ৰই সেই শত্ৰুৰ প্ৰতিৰোধ আৰু আত্মৰক্ষাৰ অধিকাৰ তথা তাৰ বাবে অৱলম্বন কৰা পদ্ধতি স্বীকাৰ কৰে, তেনে শত্ৰুৰ কথা কোৱা নাই (এই ন্যায্য শত্ৰুৰ ধাৰণাই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সম্পৰ্কৰ পৰিসৰত যুদ্ধৰ মূল ভিত্তি, অৰ্থাৎ এই ধাৰণাই যুদ্ধক যুক্তিসংগত কৰি তোলে, আৰু এই যুদ্ধৰ ৰূপো সাধাৰণতে ভিন্ন – কূটনৈতিক, অৰ্থনৈতিক, সামৰিক – হয়)। আমি এনে এক শত্ৰুৰ কথাহে কৈছো যাক ৰাষ্ট্ৰব্যৱস্থাই ন্যায্য শত্ৰু বুলি নহয়, সাধাৰণ ভাষাত ৰাষ্ট্ৰব্যৱস্থাৰ আওঁতাৰ অন্তৰ্গত দোষী বা অপৰাধী বুলিহে গণ্য কৰে, আৰু সেয়ে আধুনিক অপৰাধ-সম্বন্ধীয় আইনৰ প্ৰয়োগৰ জৰিয়তে তেনে অপৰাধীক শাস্তি বিহে। কিন্তু এই অৰ্থত সাধাৰণ অপৰাধী আৰু শত্ৰুৰ মাজৰ পাৰ্থক্য বুজিবলৈ আমি এই কথা বুজি পাব লাগিব যে ৰাষ্ট্ৰব্যৱস্থা হৈছে এক বিশেষ শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে ব্ৰতী এক জটিল ব্যৱস্থা। যিয়েই এই বিশেষ শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ বাটত ৰাষ্ট্ৰৰ কাৰণে হেঙাৰ হৈ থিয় দিয়ে, সিয়েই ৰাষ্ট্ৰৰ দৃষ্টিত শত্ৰু হৈ পৰে।
বৰ্তমানৰ ৰাষ্ট্ৰব্যৱস্থাত ৰাষ্ট্ৰই কি ভিত্তিত শত্ৰু কোন নিৰ্ধাৰণ কৰে, সেয়া বুজিবলৈ স্মিটৰ ৰাজনৈতিক দৰ্শন আমাৰ পাথেয় হ’ব পাৰে। উল্লেখযোগ্য যে এসময়ৰ নাজী (নাৎসী) পাৰ্টীৰ সদস্য স্মিটৰ ৰাজনৈতিক চিন্তাধাৰা হৈছে উদাৰতাবাদৰ বিৰোধী তথা নাজীবাদেৰেই উদ্বুদ্ধ। তেওঁ কনচেপ্ট অফ দ্য পলিটিকেল গ্ৰন্থত লিখিছিল যে ৰাজনৈতিক শত্ৰু নৈতিকভাৱে স্খলিত নহয় বা নান্দনিকভাৱে কুৎসিত নহয়, বা অৰ্থনীতিৰ দিশত প্ৰতিদ্বন্দ্বীও নহয়। অৰ্থনীতিৰ ক্ষেত্ৰত কোনো শত্ৰু নাথাকে, কেৱল প্ৰতিদ্বন্দ্বীহে থাকে। আনহাতে, সংসদীয় আৰু দলীয় ৰাজনৈতিক ব্যৱস্থাত (যি হৈছে এক মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰ) সাধাৰণতে আভ্যন্তৰীণ শত্ৰু নাথাকে (বাহ্যিক কাৰকৰ প্ৰভাৱত অৱশ্যে কেতিয়াবা শত্ৰুৰ সৃষ্টি হোৱাৰ উদাহৰণ নোহোৱা নহয়), ইয়াত প্ৰতিদ্বন্দ্বীৰ পয়োভৰহে বেছি। অৰ্থাৎ, সংসদীয় ৰাজনৈতিক ব্যৱস্থাত চৰকাৰ গঠনৰ কাৰণে বা ৰাষ্ট্ৰ-ক্ষমতাৰ পাছত দৌৰা বিভিন্ন সংসদীয় দলবোৰ পৰস্পৰৰ প্ৰতিদ্বন্দ্বীহে, শত্ৰু নহয়, লাগিলে বাহ্যিকভাৱে যিমানেই এক ভুৱা শত্ৰুতা নেদেখুৱাওক কিয়। শত্ৰুৰ সৃষ্টি তেতিয়াহে হয় যেতিয়া বিশেষ স্বাৰ্থৰ হকে সংগ্ৰামৰত এক গোট সেই স্বাৰ্থৰ পৰিপন্থী আন এক গোটৰ মুখামুখি হয় (এইক্ষেত্ৰত প্ৰথমটো গোট হৈছে ৰাষ্ট্ৰ যি ৰাষ্ট্ৰ-ক্ষমতাৰ প্ৰয়োগৰ জৰিয়তে এক বিশেষ শ্ৰেণীস্বাৰ্থ – সাধাৰণতে পুঁজিপতি বুৰ্জোৱাৰ স্বাৰ্থ – ৰক্ষাৰ কাৰণে সংগ্ৰামৰত)। এই শত্ৰু সদায়ে ৰাজহুৱা, কিয়নো ইয়াত জড়িত হৈ থকা স্বাৰ্থ সদায়ে ৰাজহুৱা (সাধাৰণতে এই স্বাৰ্থ হৈছে জাতি বা দেশ বা শ্ৰেণী, বৰ্ণ, লিংগ ইত্যাদিৰ ভিত্তিত বহুধা-বিভক্ত ৰাইজৰ স্বাৰ্থ), আৰু এইক্ষেত্ৰত প্ৰাসংগিক সকলোবোৰ সামাজিক সম্পৰ্কও হৈছে ৰাজহুৱা সম্পৰ্ক।
ৰাষ্ট্ৰই ইয়াৰ শাসনাধীন সকলো মানুহৰে অসৎ বা দুৰ্বৃত্তজনক কাম-কাজৰ প্ৰতি প্ৰাকৃতিক প্ৰৱণতা আছে বুলিয়েই গণ্য কৰে আৰু এই যুক্তিৰ ভিত্তিতে ৰাষ্ট্ৰৰ অত্যাচাৰক নায্যতা প্ৰদান কৰে (এই বিষয়ে কাৰ্ল স্মিটে ডিক্টেটৰশিপ্ গ্ৰন্থখনত আলোচনা কৰিছে)। আইন-শৃংখলা ৰক্ষাৰ অতিকথাৰ নামত আৰু এক সুসংগঠিত ৰাজনৈতিক ব্যৱস্থা হিচাপে ৰাষ্ট্ৰই নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে কি ভিত্তিত কাক শত্ৰু বুলি চিহ্নিত কৰা হ’ব। আৰু ৰাষ্ট্ৰৰ দৃষ্টিত এইক্ষেত্ৰত যিকোনো ৰাজনৈতিক সমস্যাৰে সমাধান হৈ পৰে ৰাষ্ট্ৰৰ দ্বাৰা চিহ্নিত শত্ৰুৰ জীৱন কাঢ়ি লোৱা।
সাম্প্ৰতিক শাসন-ব্যৱস্থাত পুঁজিবাদৰ যথাৰ্থ স্বৰূপ, মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰৰ স্বৰূপ, আৰু শ্ৰেণীস্বাৰ্থ ৰক্ষা কৰাৰ দায়িত্ব ৰাষ্ট্ৰব্যৱস্থাই গ্ৰহণ কৰে। আনহাতে, ধৰ্মীয়, শৈক্ষিক, সাম্প্ৰদায়িক, সামাজিক আদি ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নীতি গ্ৰহণ কৰাৰ দায়িত্ব চৰকাৰৰ। আৰু চৰকাৰ মানেই বৰ্তমানৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত হৈছে এক বিশেষ দলৰ সংখ্যাগৰিষ্ঠতা। গতিকে চৰকাৰৰ নীতি হৈ পৰে এক বিশেষ দলৰ স্বাৰ্থত গৃহীত নীতি। সামাজিক নীতিৰ জন্ম হয় তেতিয়া যেতিয়া ৰাজনৈতিকভাৱে প্ৰভাৱশালী এক শ্ৰেণীৰ সামাজিক দাবীবোৰ স্বীকাৰ কৰি চৰকাৰে সেইবোৰৰ প্ৰতি সমৰ্থন জনায় আৰু সেইবোৰক গৃহীত কৰি নায্যতা প্ৰদান কৰে। চৰকাৰে কাৰোবাক শত্ৰু বুলি নিৰ্ধাৰণ কৰে তেতিয়া যেতিয়া কোনো গোট–সংগঠন বা ব্যক্তিবিশেষ, চৰকাৰে সমাজৰ যি শ্ৰেণী বা খণ্ডৰ স্বাৰ্থৰ হকে কাম কৰে, তাৰ কাৰণে হেঙাৰ হৈ পৰে। গতিকে চৰকাৰৰ কামেই হৈছে তেনে গোট–সংগঠন বা ব্যক্তিবিশেষৰ পৰা নিজৰ বৰ্তমানৰ স্বাৰ্থ ৰক্ষা কৰা আৰু ভৱিষ্যতৰ স্বাৰ্থ সুৰক্ষিত কৰা। আৰু শত্ৰু হিচাপে চিহ্নিত এনে গোট–সংগঠনৰ ক্ষেত্ৰত ব্যক্তিবিশেষকে চৰকাৰে শেষ অৰ্থত (at the last instance) চৰম শত্ৰু হিচাপে চিনাক্ত কৰে। গতিকে চৰকাৰৰ দৃষ্টিত সেই ব্যক্তিবিশেষ এনে এক শত্ৰু হৈ পৰে যাৰ অস্তিত্ব নোহোৱা কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ, লাগিলে তেওঁৰ স্থিতি চৰকাৰৰ ভিতৰুৱাই হওক বা বাহিৰতেই হওক, বা খোলাখুলিয়েই হওক বা গুপুতেই হওক। আজি অখিল গগৈ বা বিকাশ ডুবে বা ডাৱিন্দৰ সিং (ডাৱিন্দৰ সিং ৰাষ্ট্ৰযন্ত্ৰৰ আভ্যন্তৰীণ অংগ হোৱা সত্ত্বেও বাহ্যিক কাৰকৰ প্ৰভাৱত সৃষ্ট এক শত্ৰু, যি চৰকাৰৰ ৰাজনৈতিক শত্ৰুৰ ভাল উদাহৰণ) চৰকাৰৰ এই নীতিৰেই উদাহৰণ।
যিহেতু বৰ্তমানৰ শাসন-ব্যৱস্থাত চৰকাৰেই ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ হৈ পৰিছে (যদিওবা চৰকাৰ ৰাষ্ট্ৰ নহয়), গতিকে আজিৰ দিনত ৰাষ্ট্ৰৰ কাৰণে শত্ৰু হৈছে যি চৰকাৰৰ জনস্বাৰ্থবিৰোধী পৰিকল্পনা বা আঁচনি বা নীতি-নিয়মৰ বিৰুদ্ধে মাত মাতে। আৰু ৰাষ্ট্ৰই – অৰ্থাৎ বৰ্তমানৰ শাসন-ব্যৱস্থাত চৰকাৰে – যাক শত্ৰু বুলি গণ্য কৰে, সেই শত্ৰুৰ জীৱন কাঢ়ি লোৱাৰ কাৰণে শাসনাধিস্থিত চৰকাৰ বদ্ধপৰিকৰ। আমি দেখিছো যে বিজেপিয়ে আজি সমালোচকসকলক শত্ৰু বুলি চিহ্নিত কৰিছে, কিয়নো তেওঁলোকেই হৈছে জনমত প্ৰতিষ্ঠাৰ জৰিয়তে বিজেপি চৰকাৰৰ সান্দহ খোৱা বালি তল পেলাবলৈ সক্ষম, আৰু সেয়ে শাসনৰ নামত সাংবিধানিক ক্ষমতাৰ অপপ্ৰয়োগেৰে যেন-তেন-প্ৰকাৰেণ তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ নেৰানেপেৰা প্ৰয়াস কৰিছে।
গতিকে, সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ হকে আৰু নাগৰিকৰ গণতান্ত্ৰিক তথা সাংবিধানিক অধিকাৰ অক্ষুণ্ণ ৰক্ষাৰ কাৰণে সংগ্ৰামৰত গোট–সংগঠন বা ব্যক্তিবিশেষ হিচাপে আমিও শত্ৰু কোন চিনি পাব লাগিব, অৰ্থাৎ আজিৰ ৰাষ্ট্ৰব্যৱস্থাত আমি মুখাৰ আঁৰৰ মুখবোৰ চিনিবলৈ সমৰ্থ হ’ব লাগিব।
বিগত ১৩ জুলাইৰ দিনাখন মানস কোঁৱৰে ন্যায়িক প্ৰক্ৰিয়া অনুসৰি জামিন পোৱা সত্ত্বেও তেওঁক মুকলি কৰি দিবলৈ কামৰূপ মেট্ৰ’পলিটান জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু অমান্তি হয় (অৱশ্যে অসমবাসী ৰাইজৰ বিপুল প্ৰতিবাদৰ দাবীত তেওঁক পাছদিনা মুকলি কৰি দিবলৈ কতৃপক্ষ বাধ্য হয়)। ১৭ জুলাইৰ দিনা ৰাতি প্ৰায় ২ মান বজাত DY365ৰ সাংবাদিক ৰাজীৱ শৰ্মাক গৰু আৰু কাঠৰ ছিণ্ডিকেটৰ বাতৰি পৰিৱেশন কৰাৰ কাৰণে ধুবুৰীৰ খণ্ড বন বিষয়া বিশ্বজিৎ ৰয়ে ৰুজু কৰা এজাহাৰৰ ভিত্তিত অসম পুলিচৰ এটা দলে গ্ৰেপ্তাৰ কৰে। ২০ জুলাইৰ দিনা ৰাতি প্ৰায় ৯ মান বজাত গৌহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি গগৈক মিছা কথাত দোষী সাব্যস্ত কৰি অসম পুলিচৰ এটা দলে অপহৰণকাৰীৰ দৰে উঠাই নিয়ে। সাত মাহতকৈও অধিক দিন ধৰি এটাৰ পাছত এটাকৈ ভুৱা গোচৰত কাৰাবন্দী কৰি ৰখা অখিল গগৈয়ে এতিয়ালৈকে জামিন পোৱা নাই, যদিও তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে অভিযোগনামা দাখিল কৰিবলৈ ৰাষ্ট্ৰব্যৱস্থা সমৰ্থ হোৱা নাই। ১৫ জুনৰ দিনা ৰাতি প্ৰায় ০০:৩০ মান বজাত অসম পুলিচ আৰু ইণ্ডিয়ান আৰ্মীৰ এটা দলে উঠাই নি এক ঘণ্টাৰ ভিতৰতে অত্যাচাৰ কৰি হত্যা কৰা জয়ন্ত বড়াৰ হত্যাকাৰীয়ে এতিয়ালৈকে শাস্তি পোৱা নাই। ২৪ মে’ৰ দিনা সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত অসম পুলিচ আৰু ইণ্ডিয়ান আৰ্মীৰ এটা দলে আদিবাসী নেশ্যনেল পাৰ্টী অফ আছামৰ নেতা বলদেৱ তেলীক ক’লা কাপোৰৰে মুখ ঢাকি ঘৰৰ পৰা উঠাই নি সেনাবাহিনীৰ হতুৱাই আৰ্মী শিবিৰত কৰোৱা শাৰীৰিক নিৰ্যাতন আৰু বক্স পালেং নথকা তেলীৰ ঘৰত বক্স পালেঙত পিষ্টল পাইছে বুলি ভুৱা দাবীৰে তেওঁক আলফা সজোৱাৰ প্ৰয়াসৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে। আনহাতে, ৯ জুনৰ দিনাই লগা বাঘজানৰ তৈলখাদৰ জুই আত্মনিৰ্ভৰতাৰ ফুলজাৰি মৰা চৰকাৰে এতিয়াও নুমুৱাব পৰা নাই। নমামি ব্ৰক্ষ্মপুত্ৰই বানপানী ৰুধিব পৰা নাই। আৰু এই সকলোবোৰ ঘটনাৰ কাৰণেই দায়ী আৰু জবাবদিহি হৈছে বিজেপি চৰকাৰ।
আমি দেখিছো যে বিজেপি চৰকাৰখনে জাতীয় সংহতি ধ্বংসকাৰী নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা পাৰিবেশিক প্ৰভাৱ নিৰূপণ (Environmental Impact Assessment) সংশোধনৰ প্ৰয়াস বা সাৰ্বজনীন শিক্ষাবিৰোধী ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুমোদন বা চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলো প্ৰতিবাদী কণ্ঠৰ মুখত আক্ষৰিক অৰ্থতেই সোপা দিয়াৰ উদ্দেশ্যেৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (Unlawful Activities [Prevention] Act)-ৰ সংশোধন ইত্যাদিৰ নামত কিদৰে এক সুসংগত আৰু সু-পৰিকল্পিত ষড়যন্ত্ৰৰ জৰিয়তে নিজৰ নীচ স্বাৰ্থপৰতাক আগত ৰাখি সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থক একাশৰীয়া কৰি আৰু তেওঁলোকৰ বিলাই-বিপত্তিক আওকাণ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। বিজেপি চৰকাৰৰ অধীনত আজি দেশৰ নাগৰিক ন্যূনতম সাংবিধানিক বা আইনী অধিকাৰৰ পৰাও বঞ্চিত, চৰকাৰৰ বিৰুদ্ধে মাত মতা মানেই জেলৰ ভাত খাবলৈ যো-জা কৰা। যি চৰকাৰে ৰাষ্ট্ৰযন্ত্ৰৰ বেআইনী প্ৰয়োগেৰে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰে আৰু যি চৰকাৰ নিজেই নাগৰিকৰ জীৱনৰ প্ৰতি ভাবুকি হৈ পৰে, তেনে চৰকাৰ প্ৰতিটো দিশৰে পৰা জনগণৰ শত্ৰু। কাৰণ দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰয়োগ কাৰ বিৰুদ্ধে কৰা হ’ব, সেই সিদ্ধান্তও চৰকাৰেই গ্ৰহণ কৰে। গতিকে, অসমৰ জনগণৰ স্বাৰ্থৰ হকে সংগ্ৰামৰত যিকোনো গোট–দল–সংগঠনৰ কাৰণে বিজেপিয়েই চৰম শত্ৰু।
দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময় সমাগত। বুৰ্জোৱা শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ বেআইনী প্ৰয়োগ আৰু মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰৰ হঠকাৰী প্ৰয়োগ কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰা বিজেপিয়েই হৈছে আমাৰ চৰম শত্ৰু।
আজিৰ আধুনিক পৃথিৱীত মানুহ কোন সেয়া ৰাজনীতিয়ে নিৰ্ধাৰণ কৰে। সেয়ে ৰাজনীতিত সদায়ে, অন্ততঃ সম্ভাব্য ৰূপত হ’লেও, শত্ৰুতা থাকিবই, আৰু ৰাজনীতিক হেয় প্ৰতিপন্ন কৰা মানেই হৈছে মানৱতাকে হেয় প্ৰতিপন্ন কৰা, কিয়নো মানৱতাও হৈছে ৰাজনীতিৰ দ্বাৰাই নিৰ্মিত বা নিৰ্ধাৰিত। ই ইয়াকে সূচায় যে আমি আমাৰ নিজৰ জীৱনৰ কাৰণে দায়িত্ব ল’বলৈ ইচ্ছুক হয়নে নহয়। আৰু নিজৰ জীৱনৰ দায়িত্ব ল’বলৈ যাওঁতে আমি চিনাক্ত কৰিবলৈ বাধ্য যে আমাৰ (সম্ভাব্য) শত্ৰু কোন। সকলোকে সাঙুৰি ল’বলৈ সক্ষম এক ৰাজনীতিৰ ক্ষেত্ৰত – যি সম্ভৱ কেৱল এখন শ্ৰেণীহীন, বৰ্ণহীন, লিংগ-বৈষম্য বিহীন সমাজতহে – মানৱতাৰ দৰাচলতে কোনো শত্ৰু নাই, কিয়নো সবেই মানৱতাৰ অন্তৰ্গত। শত্ৰুৰ জন্ম তেতিয়াহে হয় যেতিয়া সম্ভাৱনামূলকভাৱে হ’লেও কোনো গোট–দল–সংগঠন বা ব্যক্তিবিশেষে মইমতীয়াভাৱে ৰাইজৰ সামূহিক জীৱনৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰে, আৰু যি নিজৰ সিদ্ধান্ত কাৰ্যৰূপায়িত কৰিবলৈ যিকোনো পৰ্যায়লৈকে যাবলৈ কুণ্ঠাবোধ নকৰে। তেনে গোট–দল–সংগঠন বা ব্যক্তিবিশেষেই আমাৰ চৰম শত্ৰু।
লেনিনৰ কাৰণে চৰম শত্ৰু আছিল শ্ৰেণীশত্ৰু, অৰ্থাৎ বুৰ্জোৱা শ্ৰেণী। আজিৰ দিনত অসমৰ সৰ্বসাধাৰণ জনগণৰ মুক্তিকামী স্বাৰ্থৰ প্ৰেক্ষাপটত শ্ৰেণীশত্ৰুৰ লগতে আমি চিনাক্ত কৰিব লাগিব পুঁজিপতি বুৰ্জোৱাৰ শ্ৰেণীস্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে সৰ্বসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ জলাঞ্জলি দিয়াৰ আঁৰত কোন, অৰ্থাৎ আমি পুঁজিপতি বুৰ্জোৱাৰ অভিকৰ্তা (এজেণ্ট) বা দালালবোৰকো চিনাক্ত কৰিব লাগিব। লগতে আমি সেইবোৰ শক্তিকো চিনাক্ত কৰিব লাগিব যি অসমৰ জাতীয় সংগ্ৰামখন বিপথে পৰিচালিত কৰিবলৈ প্ৰয়াস কৰে (সেইবোৰ শক্তিও দৰাচলতে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে পুঁজিপতিৰ দালালবোৰৰেই এজেণ্ট), যাতে তাৰ জৰিয়তে নিজৰ ন্যস্তস্বাৰ্থ সিদ্ধি হোৱাৰ বাট মুকলি হয়।

(মতামত লেখকৰ নিজৰ, মতামতৰ বাবে The Cross Current দায়ী নহয়)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.