সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমষ্টি পুনৰ নিৰ্ধাৰণৰ নতুন খচৰাৰ আঁৰৰ ৰাজনীতি কি?

২০০১ চনৰ ভিত্তিত তৈয়াৰ হোৱা দুই খচৰাৰ মাজত বৃহৎ সামঞ্জস্য কিয়? ২০০৭-২৩ৰ দুই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ মাজত আকাশ-পাতাল পাৰ্থক্য। সুদীৰ্ঘ ১৫ বছৰৰ অন্তত পুনৰ প্ৰকাশ পালে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা।ইয়াৰ পূৰ্বে ২০০৭বৰ্ষত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাইছিল যদিও আইন-শৃংখলাজনীত পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ অৱনমিত হৈ পৰিছিল। সেই পৰিপ্ৰেক্ষিতত ২০০৮ বৰ্ষত বাতিল কৰা হৈছিল ৰাজ্যৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া।অৱশেষত সুদীৰ্ঘ ১৫ বছৰৰ অন্তত প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। খচৰা প্ৰকাশৰ লগে-লগে ৰাজ্যজুৰি আৰম্ভ হ’ল বিতৰ্ক-প্ৰতিক্ৰিয়া। বিতৰ্কৰ মূল কাৰণ ২০০৭ বৰ্ষৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা আৰু ১৫ বছৰৰ মূৰত প্ৰকাশ হোৱা ২৩ বৰ্ষৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা।কিয়নো ২০০৭ বৰ্ষৰ খচৰাৰ সৈতে কোনো মিল নাই ২০২৩ বৰ্ষৰ খচৰাৰ  কাৰণ দুয়োখন খচৰাৰ মাজত কোনো মিল নাই। অৰ্থাৎ পূৰ্বৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সৈতে নতুন খচৰাৰ মিল বিচাৰি পোৱাটো প্ৰায় দুৰূহ হৈ পৰিছে। অথচ দুয়োখন খচৰাই ১৯৫০ চনৰ জনপ্ৰতিনিধি আইনৰ ৮-ক অনুচ্ছেদদ অনুসৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। নতুনকৈ প্ৰকাশ পোৱা খচৰাত লোকসভা আৰু বিধানসভাৰ আসনসংখ্যা একেই থাকিব। কিন্ত আটাইতকৈ ডাঙৰ টুইষ্টটো আৰম্ভ হ’ল কলিয়াবৰ সমষ্টিক কেন্দ্ৰ কৰি। কলিয়াবৰ সমষ্টিক বিলুপ্ত কৰি গঠন কৰা হ’ল নতুনকৈ কাজিৰঙা সমষ্টি লোকসভাৰ আসনক কেন্দ্ৰ কৰি সমষ্টিৰ পৰিসৰ সলনি কৰা হৈছে। ২০০৭ৰ খচৰাৰ পৰিৱৰ্তে ২০২৩ৰ খচৰাত আমগুৰি বিধানসভা সমষ্টি বিলুপ্ত কৰা হ’ল। পৰিৱৰ্তে শিৱসাগৰ জিলাত তিনিটা নতুন সমষ্টিৰ প্ৰৱৰ্তন কৰা হ’ল। পশ্চিম কাৰ্বি আংলং জিলাত বৃদ্ধি কৰা হ’ল এটা সমষ্টি। বড়োলেণ্ডৰ সমষ্টি ১৬ ৰ পৰিৱৰ্তে ১৯ টালৈ বৃদ্ধি কৰা হ’ল। কেৱল এয়াই নহয় অনুসূচীত জাতি-অনুসূচীত জনজাতিৰ বাবেও অভাৱনীয় হাৰত সংৰক্ষিত আসনৰ সংখ্যা বাঢ়িল এইবাৰৰ খচৰাত। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি হ’ল ১৬ৰ পৰা ১৯ লৈ। আনহাতে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ৮ৰ পৰা ৯ লৈ বৃদ্ধি হ’ল এইবাৰৰ খচৰাত।১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ১৯৭৬ চনত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰিয়েই চলি আছে ৰাজ্যৰ সমষ্টি।২০০১ চনৰ লোকপিয়লৰ ভিত্তিত ২০০৭ চনত খচৰা প্ৰকাশ পাইছিল যদিও ২০০৮ চনত বাতিল কৰিবলগীয়া হয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া।কিন্ত সুদীৰ্ঘ ১৫ বছৰৰ মূৰত প্ৰকাশ পোৱা ২০২৩ৰ খচৰা আৰু ২০০৭ৰ খচৰাৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য।

Leave A Reply

Your email address will not be published.