সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাজুকীলতা জয় পৰাদি জয় পৰিছে বিজেপি !

নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬  দিন । কিন্তু সাধাৰণ উপনিৰ্বাচন এটাক লৈ উথপথপ লগোৱা বিজেপিৰ যেন এখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো নাই কোনো সাৰসুৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দৃঢ় স্থিতি দেখি মিজোৰাম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয় ।দেশৰ আন ৪ খন ৰাজ্যৰ সমান্তৰালভাৱে মিজোৰামতো অহা ৭ নবেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন ।মিজোৰামৰ মুঠ ৪০ টা বিধানসভা সমষ্টিৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০১৮ চনৰ নিৰ্বাচনত ৰাজ্যখনত মিজো নেশ্যনেল ফ্ৰণ্টে ২৬ খন আসনত জয়লাভ কৰিছিল । কংগ্ৰেছে ৫ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১খন আসন লাভ কৰিছিল ।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল উত্তৰ পূৰ্বাঞ্চলৰ পৰা কংগ্ৰেছক আঁতৰাই পঠিয়াবলৈকে ২০১৬ চনত গঠন হৈছিল নেডা । এই নেডাৰ অধ্যক্ষৰ দায়িত্বত আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সমন্বয় সাধনৰ বাবে ৰাজ্যবোৰৰ সৰু বৰ ৰাজনৈতিক দলবোৰক একেটা ছাতিৰ তললৈ আনি গঠন কৰিছিল এই উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডা । এই মৰ্চাৰ তললৈ আহিছিল উত্তৰ পূবৰ প্ৰায়বোৰ দল । কিন্তু অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিজোৰাম নিৰ্বাচনকলৈ অলপো ব্যস্ততা নাই নেডা তথা নেডাৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাৰ । মিজোৰামৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰায়বোৰ দলেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । কংগ্ৰেছে ৪০ টা সমষ্টিতেই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ২১টা সমষ্টিৰ বাবেহে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে ।আনহাতে,মিজোৰামৰ শাসক দল মিজো নেশ্যনেল ফ্ৰণ্টেও ৪০ টা সমষ্টিতেই প্ৰাৰ্থিত্ব আগটঢ়াইছে ।মিজোৰামৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে ষ্টাৰ প্ৰচাৰকৰ তালিকা । তালিকাত মুঠ ৪০ গৰাকী প্ৰচাৰকৰ নাম আছে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বোকাজানৰ বিধায়ক নোমল মমিনৰ নাম আছে তাৰকা প্ৰচাৰকৰ তালিকাত । ষ্টাৰ প্ৰচাৰকৰ তালিকাত নাম থাকিলেও নেডাৰ আহ্বায়ক হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ মিজোৰাম নিৰ্বাচনৰ ক্ষেত্ৰত যি ভূমিকা হ’ব লাগিছিল,তেনে ভূমিকা পৰিলক্ষিত হোৱা নাই ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত ।ইতিমধ্যে অহা ৭ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ১৭৪ গৰাকী প্ৰাৰ্থীয়ে৷ইয়াৰে ১১৪ গৰাকী কৌটিপতি । উল্লেখ্য মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰায় ৯০% প্ৰাৰ্থীয়েই কোটিপতি । ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৮৩% প্ৰাৰ্থী কোটিপতি হোৱাৰ বিপৰীতে জ’ৰাম পিপুলচ ম’ভমেন্টৰ ৭৩% প্ৰাৰ্থী কোটিপতি ।মিজোৰামত ঘাইকৈ তিনিটা ৰাজনৈতিক দলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । মিজো নেশ্যনেল ফ্ৰণ্ট,জ’ৰাম পিপুলচ ম’ভমেন্ট আৰু কংগ্ৰেছ দল ঘাইকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷এই তিনিওটা দলেই ৪০ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । বিগত নিৰ্বাচনৰ তুলনাত এইবাৰ বিজেপিয়ে কম প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে মুঠ ৩৯ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে এইবাৰ মাত্ৰ ২৩টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে । আনহাতে আম আদমি পাৰ্টিয়ে ৰাজ্যখনৰ মুঠ ৪ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।তদুপৰি মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

Leave A Reply

Your email address will not be published.