ৰাজস্থানত গেহলট নে পাইলট?

Share This Article

ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ওলাবলৈ এতিয়াও বহুত বাকী । বিজেপিয়ে এতিয়ালৈকে ১২৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছ দলে ৯৫ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইতিমধ্যে মঙলবাৰৰ পৰা ৰাজস্থানত মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে । কিন্তু এতিয়াও আধা সংখ্যক প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱাই নাই । কংগ্ৰেছৰ সৰ্বোচ্চ নীতিনিৰ্ধাৰক সমিতিৰ বৈঠকৰ পিছতো কিন্তু কোনো সুফল লাভ কৰা নাই দলটোৱে । বিগত দেওবাৰে নিশাই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ হ’ব লাগিছিল যদিও কিন্তু মঙলবাৰে বিয়লি পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । দলৰ এক আভ্যন্তৰীণ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্য্যমন্ত্ৰী অশোক গেহলটে তেওঁৰ শিবিৰৰ বিধায়ক সকলে প্ৰাৰ্থিত্ব লাভ কৰাটো বিচাৰিছে । আনহাতে,ৰাহুল গান্ধীয়ে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নতুন প্ৰজন্মক উৎসাহিত কৰাটো বিচাৰিছে । গেহলটে তেওঁৰ ঘনিষ্ঠ শান্তি ধৰীৱাল,মহেশ যোশী,ধৰ্মেন্দ্ৰ ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বিচাৰিছে । ইপিনে কংগ্ৰেছ নেতা ৰণঢেৱাই প্ৰকাশ কৰিছে যে অতি কমেও ২০ ৰ পৰা ২৫ গৰাকী নতুন মুখে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব । কংগ্ৰেছে ইতিমধ্যে ৭ টা গেৰাণ্টী ঘোষণা কৰিছে । মহিলাৰ বাবে মাহে ১০ হাজাৰকৈ প্ৰদানৰ ব্যৱস্থা,ইংৰাজী মাধ্যমৰ বিনামূলীয়া শিক্ষা ব্যৱস্থা,১ কোটি পৰিয়ালক ৫০০ টকাত গেছ চিলিণ্ডাৰ যোগান,পুৰণি পেঞ্চন আঁচনিৰ প্ৰবৰ্তন আদি । ইপিনে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বিগত সপ্তাহত কংগ্ৰেছ নেতাৰ ঘৰত ED ৰ হতুৱাই তালাচী চলোৱা সম্পৰ্কত ৰাজস্থানৰ জনতাই ওলোটাকৈ কেন্দ্ৰীয় চৰকাৰকহে প্ৰশ্ন কৰিছে যে প্ৰশ্ন কাকত ফাদিল সম্পৰ্কত যদি ED এ তালাচীয়ে চলাবলগীয়া আছিল তেন্তে মধ্য প্ৰদেশ, গুজৰাট আৰু উত্তৰ প্ৰদেশত কিয় তালাচী চলোৱা নাই ?বিগত বছৰবোৰত এই বিষয়ত নীৰবতা অৱলম্বন কৰি কিয় নিৰ্বাচনৰ আগতে এই পদক্ষেপ ল’লে কেন্দ্ৰীয় চৰকাৰে?মুঠতে মুঠ ২০০ খন আসনযুক্ত ৰাজস্থান বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে লাগে ১০১ খন আসন৷বিগত নিৰ্বাচনত অশোক গেহলটৰ দলে লাভ কৰিছিল ৯৯ খন আসন । ৰাজস্থানত প্ৰতিবাৰেই চৰকাৰ সলনি হোৱাটো এক পৰম্পৰাৰ দৰেই৷কিন্তু এইবাৰ কংগ্ৰেছ দলৰ স্থিতি বিজেপিতকৈ যথেষ্ট শক্তিশালী হৈ আছে ৰাজ্যখনত । প্ৰতিষ্ঠানবিৰোধী ঢৌৱে কংগ্ৰেছক একপ্ৰকাৰ কিছু কোঙা কৰিছিল যদিও কিন্তু শেহতীয়া EDৰ তালাচীয়ে পুনৰ কংগ্ৰেছৰ প্ৰতি সহানুভূতিশীলহে কৰিলে ভোটাৰক । আনকি ৰাজস্থান পাবলিক চাৰ্ভিছকে ধৰি বহুবোৰ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীয়েও ওলোটাই কেন্দ্ৰীয় চৰকাৰকে দোষী সাব্যস্ত কৰি ক্ষোভ উজৰা বিষয়টোৱে এটা কথা স্পষ্ট কৰিছে যে ৰাজস্থানত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ পিচতো কিন্তু কংগ্ৰেছৰ সমৰ্থনতেই বতাহ বলি আছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.