চম্বলৰ ডকাইত এতিয়া মধ্যপ্ৰদেশৰ ষ্টাৰ কেম্পেইনাৰ

Share This Article

নাম – মালখন সিঙ ।  অপৰাধ-১৮ টা ডকাইতি, ২৮ টা অপহৰণ, ১৭ টা হত্যা । ১৯৯০ ত সমাজবাদী পাৰ্টীত যোগদান ।২০১৪ ত নৰেন্দ্ৰ মোদীৰ সমৰ্থনত প্ৰচাৰ । ২০২৩ ত চলাইছে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।এসময়ৰ চম্বলৰ দুৰ্ধৰ্ষ ডকাইত এতিয়া হৈ পৰিছে মধ্যপ্ৰদেশ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ । ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে বহু হাইপ্ৰফাইল নেতাৰ হাইপ্ৰফাইল প্ৰচাৰ অভিযান । প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতা নেত্ৰীলৈ সকলো নামি পৰিছে প্ৰচাৰ অভিযানত । তাৰ মাজতে মধ্যপ্ৰদেশৰ এগৰাকী ষ্টাৰ কেম্পেইনাৰে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে । এইগৰাকী ষ্টাৰ কেম্পেইনাৰৰ নাম মালখন সিঙ ।৮১ বছৰীয়া এইগৰাকী ব্যক্তিয়ে বলেৰ’ গাড়ীৰ দীঘলীয়া কনভয় লৈ নামি পৰিছে কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযানত ।মালখন সিঙ পূৰ্বতে পৰিচিত আছিল চম্বলৰ দুৰ্ধৰ্ষ ডকাইত হিচাপে । এটাৰ পাছত আন এটা ভয়ানক অপৰাধৰ সৈতে সাঙোৰ খাই আছিল মালখন সিঙৰ নাম । কিন্তু সেইগৰাকী নেতা এইবাৰ সৰ্বশক্তিৰে নামি পৰিছে গোৱালিয়ৰ অঞ্চলত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰত । দীঘলীয়া কনভয় লৈ , ডি জে মিউজিকৰ সৈতে সঘনে ভ্ৰমণ কৰিছে গোৱালিয়ৰৰ অলিয়ে গলিয়ে । গাড়ীত লিখিও লৈছে নিজৰ নাম- ঠাকুৰ মালখন সিঙ , চম্বল । ঠাকুৰ হোৱা বাবেই মালখন সিঙৰ ৰাজনৈতিক গুৰুত্বও অধিক । ঠাকুৰ সম্প্ৰদায়ৰ লোকৰ মাজত আছে মালখন সিঙৰ ব্যাপক প্ৰভাৱ । একপ্ৰকাৰ ৰবীন হুডৰ দৰে মালখন সিঙৰ ব্যক্তিত্ব সন্দৰ্ভত বিয়পি আছে নানা গুজৱ । কৈশোৰ কালতে ডকাইতিত জড়িত হৈ পৰা মালখন সিঙে পিছে নিজক এজন বিদ্ৰোহী হিচাপেহে পৰিচয় দিয়ে । ১৯৭০ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত আতংকৰ অন্য নাম হৈ পৰা মালখন সিঙে ১৯৮২ চনত অস্ত্ৰ সম্বৰণ কৰে । তেওৰ অস্ত্ৰ সম্বৰণত সমাবেত হৈছিল প্ৰায় ৩০ হাজাৰ লোক। ইয়াৰ পৰাই মালখন সিঙৰ জনপ্ৰিয়তাৰ উমান পোৱা যায় । ১৯৮৯ চনত কাৰাগাৰৰ পৰা ওলোৱাৰ পাছত মালখন সিঙে যোগদান কৰে সমাজবাদী পাৰ্টীত । ১৯৯৮ আৰু ২০০৩ চনত তেও দুবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে যদিও পৰাজিত হয় । কিন্তু নিৰ্বাচনত ১৪ হাজাৰ পৰ্যন্ত ভোট লাভ কৰে । মালখন সিঙে লাভ কৰা বেছিভাগ ভোটেই আছিল ঠাকুৰ আৰু গুজ্জৰ সম্প্ৰদায়ৰ ।নিৰ্বাচনত পৰাজিত হ’লেও মালখন সিঙৰ ৰাজনৈতিক গুৰুত্ব শেষ হৈ যোৱা নাছিল। ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ সমৰ্থনত মুকলিকৈ প্ৰচাৰ চলাইছিল মালখন সিঙে । ২০১৮ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনতো তেওঁ বিজেপিৰ হৈ মুকলি প্ৰচাৰ চলাইছিল ।কিন্তু বিগত আগষ্ট মাহত কমল নাথৰ উপস্থিতিত মালখন সিঙে যোগদান কৰে কংগ্ৰেছ দলত । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মালখন সিঙেও কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে । আন আন হাইপ্ৰফাইল নেতাৰ সমান্তৰালভৱে মালখন সিঙৰ প্ৰচাৰেও এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.