লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত স্থান লাভ নগঞা শিল্পীৰ চিত্ৰকলাৰ।পুথিচিত্ৰই শুৱনি কৰিছে নেহৰু চেণ্টাৰৰ গেলাৰী।অসমৰ আন তিনি গৰাকী শিল্পীৰ পুথিচিত্ৰয়ো বুটলিছে সমাদৰ।ভাৰতৰ ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত প্ৰদৰ্শিত হৈছে সাঁচিপাতত অঁকা পুথিচিত্ৰৰ লগতে কেনভাচত পুথিচিত্ৰ শৈলীত অংকিত কেইবাখনো চিত্ৰ । দেশ-বিদেশত পুথিচিত্ৰ প্ৰদৰ্শন কৰা অসমৰ পুথিচিত্ৰ শিল্পী নগাঁৱৰ সুজিত দাসে অংকন কৰা পুথিচিত্ৰই লণ্ডনৰ ‘নেহেৰু চেন্টাৰ’ত অনুষ্ঠিত চিত্র প্ৰদৰ্শনীত স্থান পাইছে । শিল্পী গৰাকীয়ে ইতিমধ্যে সময়ৰ লগত খাপ খুৱাই পুথিচিত্ৰত নিজৰ সুকীয়া চিন্তাধাৰাৰে নতুন বিষয়-বস্তুৰ সংযোজন কৰি পুথিচিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে।এই প্ৰদৰ্শনীত সুজিত দাসৰ লগতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অসমৰ চিত্ৰশিল্পী মিন্টু ডেকা, প্ৰদীপ নাথ, মুকুল দুৱৰাৰ পেইণ্টিঙো প্ৰদৰ্শিত হৈছে।